লক্ষ্ণৌৰ গোমতি নদীত বুধবাৰে উদ্ধাৰ হয় এজন ২৭ বছৰীয়া যুৱকৰ মৃতদেহ। সোমবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল তেওঁ। সম্তামুলক চৌহদৰ পৰা ১০৯০ চৌহদলৈ যোৱা গোমতি দলঙত উদ্ধাৰ হয় তেওঁৰ বাইকখন। মৃত লোকজনৰ নাম মহম্মদ জিছান।
চৰমপন্থাৰ সিদ্ধান্তৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ বনাই পৰিয়াললৈ প্ৰেৰণ কৰে। ভিডিঅ’টোত যুৱকজনে চৰমপন্থাৰ কথা ঘোষণা কৰি তাৰ বাবে শহুৰেকক জগৰীয়া কৰে। তেওঁ ক’লে, ” মোৰ শহুৰেকে মোক অনবৰতে অত্যাচাৰ কৰি আছে।” ইয়াৰ পিছতে এছ ডি আৰ এফৰ সহযোগত আৰক্ষীয়ে নদীত তালাচী অভিযান আৰম্ভ কৰে।
গোমতি নদীৰ দলঙত উদ্ধাৰ বাইক
আৰক্ষীৰ মতে, ১০ নৱেম্বৰৰ পুৱা প্ৰায় ৩ বজাত টহল দি থকা অৱস্থাত গোমতি নদীৰ দলঙত এখন মটৰ চাইকেল পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। বাইকখনত এটা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে। ওচৰতে কৰা সোধা-পোছাত বাইকখনৰ মালিকৰ বিষয়ে কোনো তথ্য পোৱা নগ’ল।
মৃত্যুৰ পূৰ্বে পৰিয়াললৈ ভিডিঅ’ প্ৰেৰণ
ইয়াৰ পিছত সাদাতগঞ্জ থানাৰ জৰিয়তে পৰিয়ালটোক খবৰ দিয়া হয়। মঙলবাৰে পুৱা প্ৰায় ১০ বজাত থানাত উপস্থিত হয় জীশানৰ পৰিয়াল। তেওঁলোকে খবৰ দিছিল যে জিশ্বনে ৰাতিপুৱা প্ৰায় ১ বজাত নিজৰ ভায়েক চাইফুলৈ এটা ভিডিঅ’ পঠিয়াইছিল।তাত তেওঁ আত্মহত্যাৰ কথা কৈছিল আৰু এই কাণ্ডৰ বাবে শহুৰেকক দোষাৰোপ কৰিছিল।
ভিডিঅ’টোত তেওঁ কি কৈছিল-
মই জীশান, মোৰ দেউতাৰ নাম শকীল। মোৰ শাহু সীমা, তেওঁৰ পৰিয়াল, আৰু মোৰ পত্নী মাহৱাৰক লৈ বৰ বেয়া লাগিছে। তেওঁলোকে মোক অত্যাচাৰ কৰি আছে। মোক মাৰপিট কৰিছে। সকলো কৰি আছে সিহঁতে। মই নিজকে শেষ কৰিবলৈ ওলাইছো। মোৰ মৃত্যুৰ বাবে মাহৱাৰ, সীমা, সামা, মহছিন, আৰু সকলো জগৰীয়া।
জীশানে এখন হোটেলত চাৰ্ভাৰ হিচাপে কাম কৰিছিল। ২০২৪ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়োৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















