• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

17 minutes ago
অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

2 minutes ago
অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

43 minutes ago
হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

1 hour ago
টনিষ্ক জুৱেলাৰীত চোৰৰ সিন্ধি! লুটিলে ৩০ কেজি সোণৰ অলংকাৰ

টনিষ্ক জুৱেলাৰীত চোৰৰ সিন্ধি! লুটিলে ৩০ কেজি সোণৰ অলংকাৰ

2 hours ago
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণৰ মূল্য, ১০ গ্ৰাম সোণৰ মূল্য জানি হ’ব আচৰিত!

4 hours ago
Toxic ছবিত অন্তৰংগ মুহূৰ্ত, ট্ৰ’লৰ পিছত মুখ খুলিছে কিয়াৰা আদৱানীয়ে…

Toxic ছবিত অন্তৰংগ মুহূৰ্ত, ট্ৰ’লৰ পিছত মুখ খুলিছে কিয়াৰা আদৱানীয়ে…

4 hours ago
উচ্ছেদিতক দিব লাগিব ক্ষতিপূৰণ আৰু সংস্থাপন!, নিৰ্দেশ চৰকাৰলৈ

উচ্ছেদিতক দিব লাগিব ক্ষতিপূৰণ আৰু সংস্থাপন!, নিৰ্দেশ চৰকাৰলৈ

5 hours ago
বিস্কুটত ফুটা কিয় থাকে? বুদ্ধিমানসকলে জানে সঠিক উত্তৰ

বিস্কুটত ফুটা কিয় থাকে? বুদ্ধিমানসকলে জানে সঠিক উত্তৰ

5 hours ago
Bitter taste in mouth: টোপনিৰ পৰা সাৰ পালে মুখত তিতা সোৱাদ?কোনো ৰোগৰ লক্ষণ নেকি জানক

Bitter taste in mouth: টোপনিৰ পৰা সাৰ পালে মুখত তিতা সোৱাদ?কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
Aadhaar Card Update: আধাৰ কাৰ্ড হেৰালে কি কৰিব? সহজ উপায়েৰে কৰক ডাউনলোড

Aadhaar Card Update: আধাৰ কাৰ্ড হেৰালে কি কৰিব? সহজ উপায়েৰে কৰক ডাউনলোড

6 hours ago
পুনৰ ভূমিকম্প, ৰিখটাৰ স্কেলত প্ৰাৱল্য ৪.৯

পুনৰ ভূমিকম্প, ৰিখটাৰ স্কেলত প্ৰাৱল্য ৪.৯

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

আকাশবাণীৰ বাবে গুৰুত্বপূৰ্ণ ১২ নৱেম্বৰৰ দিনটো

editor by editor
November 12, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?
0
SHARES
13
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৪৭ চনৰ ১২ নৱেম্বৰ। ভাৰতৰ ইতিহাসৰ এক বিশেষ দিন। এই দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ (আকাশবাণী)ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিছিল। দিল্লীৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ ষ্টুডিঅ’ৰ পৰা প্ৰায় ২০ মিনিট সময় তেওঁ এই ভাষণ প্ৰদান কৰিছিল। এইটোৱেই আছিল মহাত্মা গান্ধীৰ জীৱনৰ প্ৰথম আৰু শেষ ৰেডিঅ’ ভাষণ।

দেশ বিভাজনৰ পিছত লাখ লাখ হিন্দু আৰু শিখ লোক পাকিস্তানৰ পৰা ভাৰতলৈ আহিবলৈ বাধ্য হৈছিল। তেওঁলোকৰ বহুতে ঘৰ-দুৱাৰ, সম্পত্তি আৰু আপোনজনক হেৰুৱাইছিল। সেই সময়ত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত বৃহৎ সংখ্যক শৰণাৰ্থীয়ে আশ্ৰয় লৈছিল। তেওঁলোকৰ দুখ-কষ্ট লাঘৱ কৰা, মনত সাহস যোগোৱা আৰু কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উৎসাহিত কৰাই আছিল গান্ধীৰ এই ভাষণৰ মূল উদ্দেশ্য।

প্ৰথমে গান্ধীয়ে ৰেডিঅ’ত ভাষণ দিবলৈ কিছু দ্বিধাবোধ কৰিছিল। কিন্তু ঘনশ্যাম দাস বিৰলাৰ পৰামৰ্শৰ পিছত তেওঁ ৰেডিঅ’যোগে দেশবাসীক সম্বোধন কৰিবলৈ সন্মত হয়। গান্ধীৰ প্ৰাৰ্থনা সভাৰ পৰিৱেশৰ সৈতে মিল ৰাখি ব্ৰডকাষ্টিং হাউচৰ ষ্টুডিঅ’টো সজাই তোলা হৈছিল। ভাষণৰ শেষত গান্ধীয়ে ৰেডিঅ’ৰ শক্তিক এক অলৌকিক ক্ষমতাৰ সৈতে তুলনা কৰিছিল। তেওঁৰ এই ভাষণ আজিও ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা হিচাপে স্মৰণ কৰা হয়।

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত শৰণাৰ্থীসকলৰ বাবে কি আছিল ৫টা গুৰুত্বপূৰ্ণ বাৰ্তা?

১. শৰণাৰ্থীৰ দুখক নিজৰ দুখ বুলি অনুভৱ কৰিছিল

কুৰুক্ষেত্ৰৰ শৰণাৰ্থী শিবিৰত থকা লোকসকলক সম্বোধন কৰি মহাত্মা গান্ধীয়ে কৈছিল যে তেওঁ নিজেই শিবিৰলৈ গৈ নিজৰ ভাই-ভনীসকলক লগ কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে তেওঁ তাত উপস্থিত থাকিব নোৱাৰিলে। তেওঁ শৰণাৰ্থীসকলৰ দুখ-কষ্টৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছিল। গান্ধীৰ মতে, শৰণাৰ্থীসকলৰ বেদনা কেৱল তেওঁলোকৰ ব্যক্তিগত সমস্যা নহয়, বৰঞ্চ সমগ্ৰ দেশৰ মানুহৰ দুখ।

২. শৰণাৰ্থীৰ সৈতে একাত্ম হোৱাটো আছিল তেওঁৰ লক্ষ্য

গান্ধীয়ে নিজকে শৰণাৰ্থীসকলৰ বাবে কোনো অচিনাকি ব্যক্তি বুলি উল্লেখ কৰিছিল। কিন্তু তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁলোকৰ দুখ-কষ্টৰ সৈতে একাত্ম হোৱাটো তেওঁৰ জীৱনৰ এক অবিৰত প্ৰচেষ্টা। তেওঁৰ মতে, বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াটো কেৱল কৰ্তব্য নহয়, ই জীৱনৰ এক গুৰুত্বপূৰ্ণ আদৰ্শ।

৩. কঠিন পৰিস্থিতিতো সাহস-ধৈৰ্য্য নেহৰুৱাৰ উপদেশ

গান্ধীয়ে জানিব পাৰিছিল যে কুৰুক্ষেত্ৰৰ শিবিৰত প্ৰায় ২.৫ লাখতকৈ অধিক শৰণাৰ্থী আছিল আৰু প্ৰতিদিনে নতুন নতুন লোক আহি আছিল। এই বৃহৎ সংখ্যক মানুহৰ দুৰ্দশাই তেওঁক গভীৰভাৱে ব্যথিত কৰিছিল। সেই সময়ত পাকিস্তানৰ পৰা অহা হিন্দু আৰু শিখ শৰণাৰ্থীসকলক তেওঁ সাহস হেৰুৱাব নালাগে বুলি আহ্বান জনাইছিল। কঠিন সময়ত ধৈৰ্য্য ধৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ পৰামৰ্শ দিছিল।

৪. হিংসা-ঘৃণাৰ সলনি ভাতৃত্ববোধ বজাই ৰখাৰ উপদেশ

মহাত্মা গান্ধীৰ ভাষণৰ অন্যতম গুৰুত্বপূৰ্ণ বাৰ্তা আছিল অহিংসা। তেওঁ কৈছিল যে হিংসাৰ উত্তৰ হিংসাৰে আৰু ঘৃণাৰ উত্তৰ ঘৃণাৰে দিব নোৱাৰি। দেশ বিভাজনৰ সময়ত বহু ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল। এনে পৰিস্থিতিত গান্ধীয়ে শৰণাৰ্থীসকলক নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ আৰু মানুহৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনাইছিল। তেওঁৰ মতে, শান্তি আৰু সম্প্ৰীতিৰ জৰিয়তেহে সমাজত স্থায়ী পৰিৱৰ্তন আনিব পাৰি।

৫. আত্মনিৰ্ভৰশীল হোৱাৰ উপদেশ

শৰণাৰ্থী শিবিৰত থকা লোকসকলক গান্ধীয়ে কেৱল চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকিবলৈ পৰামৰ্শ দিছিল। তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, একেলগে কাম কৰা আৰু নিজৰ সামৰ্থ্য অনুসৰি জীৱন পুনৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছিল। গান্ধীৰ মতে, শৰণাৰ্থীসকলে নিজৰ মাজত সহযোগিতা আৰু একতা বজাই ৰাখিলে তেওঁলোকে পুনৰ স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ সক্ষম হ’ব।

১২ নৱেম্বৰ কিয় পালন কৰা হয় লোকসেৱা সম্প্ৰচাৰ দিৱস?

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণৰ স্মৃতিত প্ৰতি বছৰে ১২ নৱেম্বৰত লোকসেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হয়। ২০০০ চনত তেতিয়াৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী সুষমা স্বৰাজে ১২ নৱেম্বৰ দিনটো লোকসেৱা সম্প্ৰচাৰ দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰিছিল। তাৰ পিছৰে পৰা অল ইণ্ডিয়া ৰেডিঅ’ই এই দিনটোত বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই দিৱস উপলক্ষে আকাশবাণীৰ সংগীত শিল্পীসকলে মহাত্মা গান্ধীৰ প্ৰিয় গীতসমূহ পৰিৱেশন কৰে। লগতে তেওঁৰ জীৱন, আদৰ্শ আৰু দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
অপৰাধ

অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

November 12, 2026
হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?
প্ৰযুক্তি

হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

November 12, 2026
টনিষ্ক জুৱেলাৰীত চোৰৰ সিন্ধি! লুটিলে ৩০ কেজি সোণৰ অলংকাৰ
অপৰাধ

টনিষ্ক জুৱেলাৰীত চোৰৰ সিন্ধি! লুটিলে ৩০ কেজি সোণৰ অলংকাৰ

November 12, 2026
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!
জীৱনশৈলী

বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

November 12, 2026
Next Post
অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.