• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰহস্যজনক ৰোগ নে আন কিবা? ৰক্তক্ষৰণ হৈ একেটা পৰিয়ালৰ ৩ শিশুৰ মৃত্যু

ৰহস্যজনক ৰোগ নে আন কিবা? ৰক্তক্ষৰণ হৈ একেটা পৰিয়ালৰ ৩ শিশুৰ মৃত্যু

2 minutes ago
এই ৪টা ৰাশিৰ আজি হ’ব ভাগ্যোদয়!

এই ৪টা ৰাশিৰ আজি হ’ব ভাগ্যোদয়!

28 minutes ago
দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?

দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?

10 hours ago
ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত উচ্ছেদ চলিছেঃ আজমল

ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত উচ্ছেদ চলিছেঃ আজমল

10 hours ago
পাৰমাণৱিক বো*মাত ধ্বংস হ’ব পৃথিৱীৰ ৯৯% উপগ্ৰহ!

পাৰমাণৱিক বো*মাত ধ্বংস হ’ব পৃথিৱীৰ ৯৯% উপগ্ৰহ!

10 hours ago
ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

11 hours ago
চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

12 hours ago
বাংলাদেশী, মৌলবাদীৰ বিৰুদ্ধে আছুৰ হুংকাৰ, CAAক লৈ চৰকাৰক কি সকীয়নি?

বাংলাদেশী, মৌলবাদীৰ বিৰুদ্ধে আছুৰ হুংকাৰ, CAAক লৈ চৰকাৰক কি সকীয়নি?

12 hours ago
আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

13 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

13 hours ago
অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

14 hours ago
মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

14 hours ago
অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰহস্যজনক ৰোগ নে আন কিবা? ৰক্তক্ষৰণ হৈ একেটা পৰিয়ালৰ ৩ শিশুৰ মৃত্যু

ঘটনাৰ ৰহস্য কি?

editor by editor
November 13, 2026
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
ৰহস্যজনক ৰোগ নে আন কিবা? ৰক্তক্ষৰণ হৈ একেটা পৰিয়ালৰ ৩ শিশুৰ মৃত্যু
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ খাণ্ডছাৰা গাঁৱত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেটা পৰিয়ালৰ তিনিটা শিশুৰ চাৰিদিনৰ ভিতৰতে ৰহস্যজনকভাৱে মৃ*ত্যু ঘটিছে। তিনিওটা শিশুৰ প্ৰথমে মৃদু জ্বৰ হৈছিল। পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁলোকৰ মৃ*ত্যু হয়। পৰিয়ালৰ লোকৰ দাবী অনুসৰি, মৃ*ত্যুৰ সময়ত শিশুকেইটাৰ নাক আৰু মুখৰ পৰা তেজ ওলাইছিল। একেৰাহে দুটা শিশুৰ মৃ*ত্যুৰ পিছতো প্ৰথম অৱস্থাত স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিন্তু বৃহস্পতিবাৰে পুৱা তৃতীয়টো শিশুৰ মৃ*ত্যুৰ পিছতে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দল গাঁওখনত উপস্থিত হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।

৪ দিনৰ ভিতৰতে ৩ শিশুৰ মৃত্যু

বিগত ৯ নৱেম্বৰৰ নিশা প্ৰায় ২:৩০ বজাত আশিস কুমাৰ নামৰ লোকজনৰ ৩ বছৰীয়া কনিষ্ঠ পুত্ৰ দিব্যাংশ খেলি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে। শিশুটোৰ মৃদু জ্বৰ হোৱাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথতে শিশুটোৰ মৃত্যু হয়।

প্ৰথমটো শিশুৰ মৃত্যুৰ পিছদিনা অৰ্থাৎ ১০ নৱেম্বৰত পৰিয়ালটোৰ ৭ বছৰীয়া পুত্ৰ কাৰ্তিকো একে ধৰণে অসুস্থ হৈ পৰে। কিছু সময়ৰ পিছতে শিশুটোৰো মৃত্যু হয়। পৰিয়ালৰ লোকে দুয়োটা শিশুৰ মৃত্যুৰ পিছত কোনো আৰক্ষী বা চিকিৎসা তদন্ত নকৰাকৈয়ে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰে।

পৰিয়ালটোৰ ১০ বছৰীয়া ডাঙৰ কন্যা লক্ষ্মীও ১০ নৱেম্বৰৰ নিশা জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হয়। পৰিয়ালৰ লোকে শিশুটোক ততাতৈয়াকৈ ডুবাগাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। কিন্তু বৃহস্পতিবাৰে পুৱা চিকিৎসকে লক্ষ্মীক মৃত ঘোষণা কৰে।

তৃতীয়টো শিশুৰ চিকিৎসা প্ৰতিবেদনত কি পালে?

তৃতীয়টো শিশুৰ চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদনত দুয়োটা হাওঁফাওঁতে তীব্ৰ নিউমোনিয়াৰ লক্ষণ ধৰা পৰিছে। স্বাস্থ্য বিভাগৰ বিষয়াসকলে জনোৱা মতে, লক্ষ্মীৰ তেজৰ পৰীক্ষাত টাইফয়েড, ডেংগু আৰু মেলেৰিয়াৰ কোনো নিশ্চিত লক্ষণ পোৱা হোৱা নাই। বৃহস্পতিবাৰে মুখ্য চিকিৎসা বিষয়া (CMO) ডাঃ এন বি সিঙৰ নিৰ্দেশত স্বাস্থ্য বিভাগৰ এটা বিশেষ দল গাঁওখনত উপস্থিত হয়। দলটোত অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ বি এন যাদৱ, জিলা চোৱাচিতা বিষয়া ডাঃ নিশান্ত নিৰ্বাণ, জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ অতুল ভাৰ্মা আৰু মাল CHCৰ অধীক্ষক ডাঃ ধনঞ্জয় কুশৱাহা আছিল। গাঁওখন পৰিদৰ্শন কৰাৰ সময়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলে খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনাও প্ৰকাশ কৰে। অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

মৃত্যুৰ প্ৰকৃত কাৰণক লৈ ৰহস্য

একেটা পৰিয়ালৰ তিনিটা শিশুৰ অতি কম সময়ৰ ভিতৰতে মৃত্যু হোৱাৰ ঘটনাই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। শিশুকেইটাৰ মৃত্যুৰ কাৰণ কোনো সংক্ৰামক ৰোগ, খাদ্য বিষক্ৰিয়া নে আন কোনো স্বাস্থ্যজনিত সমস্যা, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ তদন্তৰ পিছতহে এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। বৰ্তমান সকলোৰে দৃষ্টি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু চিকিৎসা বিভাগৰ পৰৱৰ্তী তদন্তৰ ওপৰত কেন্দ্ৰীভূত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ আজি হ’ব ভাগ্যোদয়!
জীৱনশৈলী

এই ৪টা ৰাশিৰ আজি হ’ব ভাগ্যোদয়!

November 13, 2026
দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?
ৰাজনীতি

দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?

November 12, 2026
ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!
বিনোদন

ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

November 12, 2026
আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?
ভাৰত

আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

November 12, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.