জ্যোতিষ শাস্ত্ৰত শনি দেৱক ন্যায় আৰু কৰ্মফলৰ দাতা হিচাপে গণ্য কৰা হয়। জ্যোতিষৰ বিশ্বাস অনুসৰি, শনিয়ে মানুহক তেওঁলোকৰ কৰ্ম অনুসৰি ফল প্ৰদান কৰে। সেইবাবেই শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তন, বক্ৰী গতি আৰু মাৰ্গী গতিৰ বিশেষ গুৰুত্ব আছে। শনি গ্ৰহই সাধাৰণতে প্ৰায় ডেৰ-দুবছৰ সময় এটা ৰাশিত অৱস্থান কৰে। সেয়েহে, শনিগ্ৰহৰ গোচৰৰ প্ৰভাৱ দীৰ্ঘদিন ধৰি অনুভৱ কৰা হয় বুলি জ্যোতিষত বিশ্বাস কৰা হয়। ২০২৭ চনত শনি গ্ৰহই মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশি পৰিৱৰ্তনৰ ফলত কেইবাটাও ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ সলনি হ’ব। বিশেষকৈ দুটা ৰাশিৰ জাতক-জাতিকাৰ ওপৰত শনিৰ ধৈয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি জ্যোতিষীয় গণনাত উল্লেখ কৰা হৈছে।
২০২৭ চনৰ ৩ জুনত মেষ ৰাশিত প্ৰৱেশ কৰিব শনি
জ্যোতিষীয় গণনা অনুসৰি, ২০২৭ চনৰ ৩ জুনত শনি গ্ৰহই মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। এই অৱস্থানত শনি প্ৰায় চাৰি মাহৰো অধিক সময় থাকিব। ইয়াৰ পিছত শনি গ্ৰহই বক্ৰী গতি আৰম্ভ কৰি পুনৰ মীন ৰাশিলৈ উভতি আহিব। শনিৰ এই ৰাশি পৰিৱৰ্তনৰ ফলত বিভিন্ন ৰাশিৰ ওপৰত চলি থকা সদে সতী আৰু ধৈয়াৰ প্ৰভাৱৰ পৰিৱৰ্তন ঘটিব। এই দুটা ৰাশিৰ ওপৰত আৰম্ভ হ’ব শনিৰ ধৈয়া
কন্যা ৰাশি
শনি গ্ৰহই মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কন্যা ৰাশিৰ জাতক-জাতিকাৰ ওপৰত শনিৰ ধৈয়াৰ প্ৰভাৱ আৰম্ভ হ’ব বুলি জ্যোতিষীয় গণনাত কোৱা হৈছে। কাৰণ, মেষ ৰাশি কন্যা ৰাশিৰ পৰা অষ্টম স্থানত অৱস্থিত। জ্যোতিষ শাস্ত্ৰত এই অৱস্থানক অষ্টম শনি বুলি গণ্য কৰা হয়। এই সময়ছোৱাত কন্যা ৰাশিৰ লোকসকলক নিজৰ কাম-কাজত অধিক ধৈৰ্যশীল হ’বলৈ পৰামৰ্শ দিয়া হয়। এই সময়ত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰা, স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা আৰু যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো প্ৰয়োজনীয় বুলি বিশ্বাস কৰা হয়।
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক-জাতিকাৰ ওপৰতো শনিৰ ধৈয়াৰ প্ৰভাৱ আৰম্ভ হ’ব বুলি জ্যোতিষত উল্লেখ কৰা হৈছে। মেষ ৰাশি মকৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত অৱস্থিত। এই অৱস্থানক চতুৰ্থ শনি বা কণ্টক শনি বুলি কোৱা হয়। জ্যোতিষীয় বিশ্বাস অনুসৰি, এই সময়ছোৱাত মকৰ ৰাশিৰ লোকসকলে ঘৰ, পৰিয়াল, সম্পত্তি আৰু যান-বাহনৰ সৈতে জড়িত বিষয়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব পাৰে। পৰিয়ালৰ দায়িত্ব বৃদ্ধি, কাম-কাজত পলম হোৱা অথবা মানসিক চাপৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰা হয়। অৱশ্যে শনিৰ ধৈয়া আৰম্ভ হ’লেই সকলো লোক সমস্যাৰ সন্মুখীন হ’ব, এনে নহয়। ব্যক্তিৰ জন্মকুণ্ডলী আৰু অন্যান্য গ্ৰহৰ অৱস্থানৰ ওপৰতো ইয়াৰ প্ৰভাৱ নিৰ্ভৰ কৰে বুলি জ্যোতিষত বিশ্বাস কৰা হয়।
বিশেষ টোকা: ওপৰৰ সকলো তথ্য জ্যোতিষীয় বিশ্বাস আৰু গণনাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। শনিৰ গোচৰৰ ফলাফলৰ বৈজ্ঞানিক প্ৰমাণ নাই। সেয়েহে, জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বাস্তৱ পৰিস্থিতি আৰু যুক্তিক অধিক গুৰুত্ব দিয়া উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















