কাজিৰঙাৰ দুৰ্ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে। নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ মাজতো যেন জীৱনৰ এক অলৌকিক অধ্যায়! কাজিৰঙাত মৃত্যুৰ বিভীষিকাৰ মাজতো যেন ঈশ্বৰৰ আশীৰ্বাদত ৰক্ষা পৰিল এটি নিষ্পাপ দেৱশিশু। মাতৃৰ নিথৰ কোলাতেই সুৰক্ষিত হৈ থাকিল কণমানি সন্তানটি। এই হৃদয়বিদাৰক ঘটনাই সকলোৰে বুকু কঁপাই তুলিছে।
এতিয়া যেন ‘ৰাখে হৰি মাৰে কোনে’ — এই আপ্তবাক্য যেন পুনৰ এবাৰ বাস্তৱত প্ৰতিফলিত হ’ল কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনাত। দুৰ্ঘটনাৰ ভয়াবহতাৰ মাজতো মাতৃৰ কোলাত থকা শিশুটিৰ ৰক্ষা পৰাৰ ঘটনাই সৃষ্টি কৰিছে গভীৰ আৱেগৰ।
কেনেকৈ ৰক্ষা পৰিল?
কাজিৰঙাত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাই এক কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই শিহৰণকাৰী দুৰ্ঘটনাত প্ৰায় ২৩ জনলৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। কিন্তু মাতৃৰ কোলাত থকা কণমানি শিশুটি জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।
এই দূৰ্ঘটনাত মাতৃৰ মৃত্যুৰ পিছতো মাতৃৰ বুকুৰ উম আৰু কোলাই যেন মৃত্যুৰ বিভীষিকাৰ মাজতো শিশুটিক আগুৰি ৰাখিছিল। এগৰাকী মাতৃৰ বাবে সন্তানৰ সুৰক্ষা সদায়েই সৰ্বোচ্চ। জীৱনৰ অন্তিম মুহূৰ্ততো মাতৃৰ কোলাই যেন সন্তানটিক সুৰক্ষা প্ৰদান কৰিলে।
উল্লেখ্য যে, বৰ্তমান শিশুটি বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ত আছে। শিশুটিৰ পৰিয়ালৰ কোনো লোক বা আত্মীয়ৰ পৰিচয় জানিলে অনুগ্ৰহ কৰি তৎক্ষণাৎ চিকিৎসালয়খনৰ সৈতে যোগাযোগ কৰিবলৈ সকলোৱে আহ্বান জনাইছে।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















