বৈদ্যুতিক বাহন নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম চীন। এইবাৰ স্থলপথৰ পিছত আকাশতো বৈদ্যুতিক প্ৰযুক্তিৰ ব্যৱহাৰ আগবঢ়াই নিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে দেশখনে। প্ৰথমবাৰৰ বাবে ১৯খন আসনযুক্ত এখন বৃহৎ বৈদ্যুতিক যাত্ৰীবাহী বিমানৰ সফলতাৰে পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছে চীনে। এই সফলতাই ভৱিষ্যতে বিমান পৰিবহণৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।
১০ টন ওজনৰ এই বৈদ্যুতিক বিমানখনৰ নাম হৈছে CE-24A। বিগত ১৪ নৱেম্বৰত চীনৰ শ্বানডং প্ৰদেশত বিমানখনৰ প্ৰথমটো পাইলটসহ পৰীক্ষামূলক উৰণ সম্পন্ন কৰা হয়। এই পৰীক্ষাৰ জৰিয়তে বৈদ্যুতিক বিমান প্ৰযুক্তিক যাত্ৰীবাহী বিমান সেৱাৰ দিশত এখোজ আগুৱাই নিয়া হৈছে।
চীনৰ সংবাদ সংস্থা ছিনহুয়াৰ প্ৰকাশিত তথ্য অনুসৰি, পৰীক্ষামূলক উৰণৰ সময়ত বিমানখনৰ সকলো ব্যৱস্থা স্বাভাৱিকভাৱে কাম কৰিছিল। বিমানখনত দুজন পাইলট আৰু এজন বিমান পৰীক্ষা অভিযন্তা উপস্থিত আছিল। চীনৰ চৰকাৰী সম্প্ৰচাৰক চিচিটিভিৰ তথ্য অনুসৰি, বিমানখনে পৰীক্ষাৰ সময়ত প্ৰায় ৬০.৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। এই উৰণে বৈদ্যুতিক বিমান পৰিবহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে।
কেনেকুৱা এই ১৯ আসনৰ বৈদ্যুতিক বিমানখন?
চীনৰ নতুন বৈদ্যুতিক বিমানখন মূলতঃ কম দূৰত্বৰ আঞ্চলিক যাত্ৰাৰ বাবে নিৰ্মাণ কৰা হৈছে। বিমানখনত একেলগে ১৯জন যাত্ৰী যাত্ৰা কৰিব পাৰিব। ইয়াৰ ডিজাইন এনেদৰে কৰা হৈছে যাতে প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বিমানখনৰ সৰ্বাধিক উৰণৰ সময়ৰ ওজন ১০ টন। ইয়াৰ ক্ৰুজিং গতি ঘণ্টাত প্ৰায় ৩০০ কিলোমিটাৰ আৰু উৰণৰ সময়ত উচ্চতা প্ৰায় ২,৪০০ মিটাৰলৈকে হ’ব পাৰে। অৰ্থাৎ এখন ডাঙৰ যাত্ৰীবাহী বিমানৰ দৰে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিৱৰ্তে এখন চহৰৰ পৰা আন এখন চহৰলৈ যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে বিমানখন বিশেষভাৱে উপযোগী কৰি নিৰ্মাণ কৰা হৈছে।
সাধাৰণ বিমানতকৈ কিহৰ বাবে পৃথক এই বিমান?
বৰ্তমান সময়ত ব্যৱহাৰ হোৱা অধিকাংশ যাত্ৰীবাহী বিমান পেট্ৰ’লিয়ামজাত ইন্ধনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু চীনৰ এই নতুন বিমানখন সম্পূৰ্ণ বেলেগ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। এই বিমানখনত পৰম্পৰাগত জেট ইঞ্জিন বা টাৰ্বোপ্ৰপ ইঞ্জিনৰ পৰিৱৰ্তে বৈদ্যুতিক মটৰৰ সহায়ত চলা বিশেষ ফেন ব্যৱহাৰ কৰা হৈছে। বিমানখনৰ ডেউকাৰ কাষে কাষে এই ফেনসমূহ স্থাপন কৰা হৈছে। এই ফেনসমূহে বেটাৰীৰ পৰা শক্তি লাভ কৰি বিমানখনক আগুৱাই নিয়াত সহায় কৰে।
সহজ ভাষাত ক’বলৈ গ’লে, সাধাৰণ বিমানৰ দৰে ইন্ধন জ্বলাই শক্তি উৎপাদন কৰাৰ পৰিৱৰ্তে এই বিমানখনে বেটাৰীত জমা হৈ থকা বিদ্যুৎ শক্তি ব্যৱহাৰ কৰে। ইয়াৰ ফলত বিমান পৰিবহণত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই নতুন প্ৰযুক্তিয়ে প্ৰকৃততে কিমান ইন্ধন আৰু খৰচ ৰাহি কৰিব পাৰিব, সেই কথা জানিবলৈ এতিয়াও অধিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন।
কোনে নিৰ্মাণ কৰিছে এই বিমানখন?
চীনৰ বিমান নিৰ্মাণ প্ৰতিষ্ঠান কমাকে (COMAC)-এ কেইবাটাও প্ৰতিষ্ঠানৰ সহযোগত এই বিমানখন নিৰ্মাণ কৰিছে। এই প্ৰকল্পত বিশ্বৰ অন্যতম বৃহৎ বেটাৰী নিৰ্মাতা CATL, চাংহাই জিয়াও টং বিশ্ববিদ্যালয়কে ধৰি আন কেইবাটাও প্ৰতিষ্ঠান জড়িত হৈ আছে। বিমান নিৰ্মাণৰ অভিজ্ঞতা, উন্নত বেটাৰী প্ৰযুক্তি আৰু গৱেষণাৰ জ্ঞান একত্ৰিত কৰি এই প্ৰকল্পটো আগবঢ়াই নিয়া হৈছে। ভৱিষ্যতে বৃহৎ যাত্ৰীবাহী বিমানতো বৈদ্যুতিক প্ৰযুক্তিৰ ব্যৱহাৰ সম্ভৱ কৰি তোলাই ইয়াৰ অন্যতম লক্ষ্য।
বিমানখনৰ পৰীক্ষামূলক উৰণৰ পূৰ্বেও চলিছিল পৰীক্ষা
শেহতীয়া পাইলটসহ উৰণটোৱেই এই বিমানখনৰ প্ৰথম পৰীক্ষা নহয়। ইয়াৰ পূৰ্বে ২০২৬ চনৰ ২ ফেব্ৰুৱাৰীত বিমানখনে প্ৰথমটো স্বয়ংচালিত মানৱবিহীন উৰণ সম্পন্ন কৰিছিল। তাৰ পিছত বিমানখনৰ বিভিন্ন কাৰিকৰী দিশ পৰীক্ষা কৰিবলৈ ১৯টা মানৱবিহীন উৰণৰ অনুশীলন কৰা হৈছিল। এই সকলোবোৰ পৰীক্ষাৰ পিছত এইবাৰ পাইলট আৰু বিমান পৰীক্ষা অভিযন্তাক লৈ সফলতাৰে আকাশত উৰিবলৈ সক্ষম হৈছে বিমানখন। ইয়াৰ ফলত বিমানখনৰ কাৰিকৰী সক্ষমতা পৰীক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগবঢ়া সম্ভৱ হৈছে।
কেতিয়াৰ পৰা যাত্ৰীসকলে এই বিমানত যাত্ৰা কৰিব পাৰিব?
বিমানখনৰ সফল পৰীক্ষামূলক উৰণৰ পিছতো সাধাৰণ যাত্ৰীৰ বাবে সেৱা আৰম্ভ কৰিবলৈ এতিয়াও কিছু সময়ৰ প্ৰয়োজন হ’ব। কাৰণ এখন বিমান নিৰ্মাণ কৰিলেই সেইখন বাণিজ্যিকভাৱে চলাচলৰ অনুমতি লাভ নকৰে। ইয়াৰ বাবে বিভিন্ন কাৰিকৰী পৰীক্ষা আৰু চৰকাৰী অনুমোদনৰ প্ৰয়োজন হয়।
চি ই-২৫এ বিমানখন চীনৰ চিচিএআৰ-২৫ (CCAR-25) নামৰ পৰিবহণ শ্ৰেণীৰ বিমানৰ সুৰক্ষা আৰু নিৰ্মাণ সম্পৰ্কীয় নিয়ম অনুসৰি প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে চীনৰ অসামৰিক বিমান পৰিবহণ প্ৰশাসনে বিমানখনৰ টাইপ চাৰ্টিফিকেট লাভৰ বাবে কৰা আবেদন গ্ৰহণ কৰিছে। এই প্ৰমাণপত্ৰ লাভ কৰাটো বিমানখনৰ বাণিজ্যিক যাত্ৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অৱশ্যে এতিয়াও বিমানখনে বাণিজ্যিক যাত্ৰী সেৱা আৰম্ভ কৰাৰ চূড়ান্ত অনুমোদন লাভ কৰা নাই।
এবাৰ উৰিবলৈ খৰচ কিমান হ’ব?
এই বিমানখনৰ কাৰিকৰী তথ্যৰ ভিত্তিত এটা স্বাধীন বিশ্লেষণত ইয়াৰ বেটাৰীৰ সম্ভাৱ্য ক্ষমতা ৮০০–৯৫০ কিলোৱাট-আৱাৰ (kWh) বুলি অনুমান কৰা হৈছে। কিন্তু এইটো নিৰ্মাতা COMAC-এ প্ৰকাশ কৰা নিশ্চিত তথ্য নহয়। ভাৰতত বাণিজ্যিক বিদ্যুতৰ গড় মূল্য প্ৰতি ইউনিট যদি ১৫ টকাকৈ ধৰা হয় তেনেহলে এবাৰ উৰণত প্ৰায় খৰচ হব প্ৰায় ১৫ হাজাৰ টকা। যি ইন্ধনজাত বিমানৰ খৰচতকৈ অভাৱনীয় হাৰত কম। অৱশ্যে এয়া আনুমানিক খৰচহে। লগতে বিমানখনৰ যান্ত্ৰিক মেৰামতিৰ খৰচ বা কৰ্মচাৰীৰ খৰচ ধৰা হোৱা নাই। অৰ্থাৎ ১৯গৰাকী যাত্ৰীৰ ক্ষেত্ৰত এই পৰিমাণ হব গাইপতি প্ৰায় ৭৯০ টকা।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















