অসমৰ যাতায়াত ব্যৱস্থাত পৰিব পাৰে ব্যাপক প্ৰভাৱ। ৰাজ্যৰ মটৰ শ্ৰমিক আৰু বাহনৰ মালিকপক্ষৰ কেইবাটাও সংগঠনে বিভিন্ন দাবী উত্থাপন কৰি ৪৮ ঘণ্টীয়া কৰ্মবিৰতিৰ ঘোষণা কৰিছে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে ৰাজ্যজুৰি বাছকে ধৰি যাত্ৰীবাহী বাণিজ্যিক বাহনৰ চলাচল বন্ধ হৈ পৰাৰ আশংকা আছে। ফলত অহা ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব পাৰে সাধাৰণ জনতা।
প্ৰাপ্ত তথ্য অনুসৰি, ২০ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ২২ নৱেম্বৰৰ পুৱা ৬ বজালৈ এই বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অৰ্থাৎ একেৰাহে ৪৮ ঘণ্টা ধৰি যাত্ৰীবাহী বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনসমূহে। এই সময়ছোৱাত বাছসহ বিভিন্ন যাত্ৰীবাহী বাণিজ্যিক বাহনৰ চকা স্তব্ধ হৈ পৰিব পাৰে।
কি কাৰণত এই বন্ধৰ ঘোষণা?
মটৰ শ্ৰমিক আৰু বাহনৰ মালিক সংগঠনসমূহৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ পৰিবহণ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ দাবী জনাই আহিছে সংগঠনসমূহে। তেওঁলোকৰ অন্যতম দাবী হৈছে অসম পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰা।
সংগঠনসমূহৰ মতে, পৰিবহণ খণ্ডৰ সৈতে জড়িত শ্ৰমিকসকলে দিন-ৰাতি পৰিশ্ৰম কৰিও উপযুক্ত সামাজিক সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তা লাভ কৰা নাই। সেয়েহে শ্ৰমিকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰে এই আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে বুলি দাবী জনাইছে।
মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে পৰিবহণ খণ্ডক!
আনহাতে, পেট্ৰ’ল আৰু ডিজেলকে ধৰি পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও পৰিবহণ খণ্ডত ব্যাপক প্ৰভাৱ পেলাইছে। কেৱল ইন্ধনৰ মূল্যই নহয়, বাহনৰ বিভিন্ন যন্ত্ৰাংশ, মেৰামতিৰ সামগ্ৰী আৰু আনুষংগিক খৰচো বৃদ্ধি পাইছে। ইয়াৰ ফলত বাহন চলাই জীৱিকা নিৰ্বাহ কৰা চালক, মালিক আৰু শ্ৰমিকসকল আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে।
ইয়াৰ উপৰি নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ ফলত সামগ্ৰিকভাৱে জীৱন নিৰ্বাহৰ ব্যয় বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বৰ্তমানৰ গাড়ীভাৰাৰে বাহন চলাই থকাটো কঠিন হৈ পৰিছে বুলি দাবী কৰিছে পৰিবহণ খণ্ডৰ সংগঠনসমূহে।
৭০ শতাংশ গাড়ীভাড়া বৃদ্ধিৰ দাবী
এই সকলো সমস্যা সমাধানৰ বাবে বৰ্তমানৰ গাড়ীভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিছে মটৰ শ্ৰমিক আৰু মালিক সংগঠনসমূহে। তেওঁলোকৰ মতে, ইন্ধন, যন্ত্ৰাংশ আৰু অন্যান্য খৰচৰ মূল্যবৃদ্ধিৰ সৈতে সংগতি ৰাখি গাড়ীভাড়া পুনৰ নিৰ্ধাৰণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। অন্যথা পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে বৰ্তমানৰ পৰিস্থিতিত বাহন চলাই থকাটো অধিক কঠিন হৈ পৰিব।
সাধাৰণ যাত্ৰীৰ ওপৰত পৰিব পাৰে প্ৰভাৱ
সংগঠনসমূহে ঘোষণা কৰা এই ৪৮ ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যকৰী হ’লে সাধাৰণ যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা আছে। বিশেষকৈ দৈনিক কাম-কাজৰ বাবে বাছ আৰু অন্যান্য ৰাজহুৱা যাত্ৰীবাহী বাহনৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ যাতায়াতত ব্যাঘাত জন্মিব পাৰে। ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আৰু দূৰ-দূৰণিলৈ যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবেও এই বন্ধই সমস্যাৰ সৃষ্টি কৰিব পাৰে।
এতিয়া সকলোৰে দৃষ্টি চৰকাৰ আৰু পৰিবহণ সংগঠনসমূহৰ মাজত হ’বলগীয়া পৰৱৰ্তী আলোচনাৰ দিশে। সংগঠনসমূহৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব। অৱশ্যে বন্ধৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলে আগতীয়াকৈ নিজৰ যাত্ৰাৰ পৰিকল্পনা কৰি ৰখাটো প্ৰয়োজনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















