‘ফিলিপাইনছৰ ৰাজধানী মেনিলাত অনুষ্ঠিত QUAD সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই পেলালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। প্ৰধানমন্ত্ৰী মোদীক এগৰাকী অতি কঠিন আৰু দৃঢ় ব্যক্তিত্বৰ মানুহ বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে তেওঁৰ সৈতে আমেৰিকাৰ সু-সম্পৰ্ক আছে।
মেনিলাত অনুষ্ঠিত এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজো উপস্থিত থাকে। চাৰিওখন দেশৰ নেতাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা আৰু আঞ্চলিক স্থিতিশীলতা সম্পৰ্কে আলোচনা কৰে। বৈঠকত ট্ৰাম্পে কয় যে QUADৰ সদস্য দেশসমূহৰ সৈতে আমেৰিকাৰ সম্পৰ্ক যথেষ্ট ভাল। এই দেশসমূহৰ মাজত সহযোগিতা আৰু বন্ধুত্ব আগতকৈ অধিক শক্তিশালী হৈছে বুলিও তেওঁ উল্লেখ কৰে।
ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ সুযোগ দিয়া নহ’ব
QUAD বৈঠকৰ মাজতে ইৰাণক লৈও নিজৰ স্থিতি স্পষ্ট কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে কঠোৰ ভাষাৰে কয় যে ইৰাণক কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ দিয়া নহ’ব। আমেৰিকাৰ বিৰুদ্ধে কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি হ’লে তাৰ পৰিণাম ভোগ কৰিব লাগিব বুলিও সকীয়াই দিয়ে তেওঁ।
ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰ সন্দৰ্ভতো মন্তব্য কৰে ট্ৰাম্পে। সুযোগ লাভ কৰিলে পুটিনৰ সৈতে নিশ্চিতভাৱে সাক্ষাৎ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, চীনৰ সৈতে থকা মতানৈক্য দূৰ কৰাৰ বাবেও আমেৰিকাই কাম কৰি আছে বুলি উল্লেখ কৰে ট্ৰাম্পে।
আগন্তুক ১২ মাহত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ট্ৰাম্পে কয় যে আগন্তুক ১২ মাহত বিশ্বৰ ৰাজনীতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত কেইবাটাও আশ্চৰ্যজনক সিদ্ধান্ত লোৱা হ’ব পাৰে। বিশ্বব্যাপী যোগান শৃংখল অধিক শক্তিশালী কৰাৰ বাবেও আমেৰিকাই পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। QUADৰ নেতাসকলৰ সৈতে হোৱা আলোচনাত ট্ৰাম্পে কয় যে চলিত বছৰটো QUADৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। QUAD পুনৰ অধিক সক্ৰিয় হৈ উঠিছে আৰু সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি পাইছে। দেশসমূহৰ মাজত থকা বন্ধুত্ব আৰু সুসম্পৰ্কৰ বাবেই একেলগে কাম কৰাটো সহজ হৈছে বুলিও তেওঁ মন্তব্য কৰে।
তেওঁৰ মতে, QUADৰ সদস্য দেশসমূহ বিশ্বৰ অন্যতম শক্তিশালী আৰু সফল ৰাষ্ট্ৰ। এই চাৰিখন দেশে মুক্ত, মুকলি, নিৰাপদ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আঞ্চলিক নিৰাপত্তা আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো দেশকেইখনে একেলগে কাম কৰি যাব বুলি তেওঁ কয়।
QUADত বৃহৎ বিনিয়োগৰ পৰিকল্পনা আমেৰিকাৰ
QUADৰ সদস্য ৰাষ্ট্ৰ ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ট্ৰাম্পে। তেওঁ কয় যে এই দেশৰ সৈতে আমেৰিকাৰ সু-সম্পৰ্ক আছে আৰু QUADৰ জৰিয়তে সহযোগিতা বৃদ্ধিৰ বাবে আমেৰিকাই বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰি ২০২৭ চনত QUAD দেশসমূহৰ মাজত এখন অৰ্থনৈতিক বৈঠক অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে ট্ৰাম্পে। এই পদক্ষেপে সদস্য দেশসমূহৰ মাজত বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
কি এই QUAD?
QUAD হৈছে ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ গঠিত এটা কৌশলগত সহযোগিতামূলক গোট। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা, স্থিতিশীলতা আৰু অৰ্থনৈতিক উন্নয়ন নিশ্চিত কৰাই এই গোটৰ অন্যতম মূল লক্ষ্য। বিশেষকৈ সামুদ্ৰিক নিৰাপত্তা, বাণিজ্য, প্ৰযুক্তি, যোগান শৃংখল আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত চাৰিখন দেশে একেলগে কাম কৰি আহিছে। বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিত কোৱাডৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















