এতিয়াৰে পৰা নিজৰ প্ৰভিডেণ্ট ফাণ্ড (PF) একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিবলৈ UAN পাছৱৰ্ড মনত ৰখা বা কোনো বিশেষ এপ খুলি লগ ইন কৰাৰ প্ৰয়োজন নাই। কেৱল WhatsAppত এটা মেছেজ পঠিয়াইয়ে আপুনি নিজৰ PF একাউণ্টৰ বেলেঞ্চ, শেহতীয়া লেনদেনৰ তথ্য লাভ কৰাৰ লগতে EPF পাছবুকো চাব আৰু ডাউনলোড কৰিব পাৰিব। কৰ্মচাৰীসকলৰ সুবিধাৰ্থে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (EPFO)ই এই নতুন সেৱা আৰম্ভ কৰিছে।
এই সুবিধাৰ জৰিয়তে EPFOৰ সদস্যসকলে সদস্য পৰ্টেলত লগ ইন নকৰাকৈয়ে নিজৰ PF একাউণ্টৰ বিভিন্ন তথ্য লাভ কৰিব পাৰিব। বিশেষকৈ যিসকল কৰ্মচাৰীয়ে সঘনাই নিজৰ PF বেলেঞ্চ পৰীক্ষা কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই সেৱা যথেষ্ট সুবিধাজনক হ’ব। বিগত ১ নৱেম্বৰত এই WhatsApp সেৱাৰ শুভাৰম্ভ কৰা হয়। EPFOৰ ৭৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰীয়ে এই সুবিধাৰ কথা ঘোষণা কৰে। নতুন সেৱাৰ জৰিয়তে সদস্যসকলে নিজৰ শেষৰ পাঁচটা PF লেনদেনৰ তথ্য চোৱাৰ লগতে পাছবুকো ডাউনলোড কৰিব পাৰিব।
WhatsAppৰ জৰিয়তে কেনেকৈ পৰীক্ষা কৰিব PF বেলেঞ্চ?
এই সুবিধা ব্যৱহাৰ কৰিবলৈ আপোনাৰ স্মাৰ্টফোনত WhatsApp থাকিলেই হ’ল। ইয়াৰ বাবে EPFOই নিৰ্ধাৰণ কৰি দিয়া অফিচিয়েল নম্বৰটো ব্যৱহাৰ কৰিব লাগিব। PF বেলেঞ্চ পৰীক্ষা কৰাৰ সহজ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’ল—
1. EPFOৰ নম্বৰটো ছেভ কৰক: প্ৰথমে আপোনাৰ মোবাইলৰ কনটেক্ট লিষ্টত EPFOৰ অফিচিয়েল WhatsApp নম্বৰ +91 87964 41800 ছেভ কৰক।
2. WhatsAppত মেছেজ পঠিয়াওক: WhatsApp খুলি ছেভ কৰি ৰখা নম্বৰটোলৈ ‘Hi’ বুলি এটা মেছেজ পঠিয়াওক।
3. ভাষা নিৰ্বাচন কৰক: ইয়াৰ পিছত EPFOৰ চেটবটৰ পৰা এটা আদৰণি বাৰ্তা আহিব। তাত নিজৰ পছন্দ অনুসৰি ভাষা নিৰ্বাচন কৰিব পাৰিব।
4. PF Balance বিকল্প বাছনি কৰক: চেটবটত প্ৰদৰ্শিত হোৱা মেনুৰ পৰা PF বেলেঞ্চ পৰীক্ষা কৰাৰ বিকল্পটো নিৰ্বাচন কৰক।
5. OTPৰ জৰিয়তে পৰিচয় নিশ্চিত কৰক: আপোনাৰ UANৰ সৈতে পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰলৈ এটা OTP আহিব। সেই OTP ব্যৱহাৰ কৰি নিজৰ পৰিচয় নিশ্চিত কৰিব লাগিব।
6. PF একাউণ্ট নিৰ্বাচন কৰক: যদি আপোনাৰ UANৰ সৈতে একাধিক PF একাউণ্ট সংযুক্ত হৈ আছে, তেন্তে প্ৰয়োজন অনুসৰি একাউণ্ট বা Member ID নিৰ্বাচন কৰক।
7. বেলেঞ্চ চাওক: সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত চেটবটে আপোনাৰ PF একাউণ্টৰ বেলেঞ্চৰ তথ্য প্ৰদৰ্শন কৰিব।
এইদৰে অতি সহজে WhatsAppৰ জৰিয়তে নিজৰ PF একাউণ্টৰ জমা ধনৰ পৰিমাণ জানিব পাৰিব।
WhatsAppৰ জৰিয়তে কেনেকৈ ডাউনলোড কৰিব EPF পাছবুক?
কেৱল PF বেলেঞ্চ পৰীক্ষাই নহয়, এই নতুন সুবিধাৰ জৰিয়তে সদস্যসকলে নিজৰ EPF পাছবুকো চাব আৰু ডাউনলোড কৰিব পাৰিব। EPF পাছবুকত কৰ্মচাৰী আৰু নিয়োগকৰ্তাই একাউণ্টত জমা কৰা ধনৰ সম্পূৰ্ণ বিৱৰণ থাকে। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা PFৰ নামত কিমান ধন কৰ্তন হৈছে আৰু নিয়োগকৰ্তাই কিমান ধন জমা কৰিছে, সেই সকলো তথ্য পাছবুকত চাব পাৰিব। পাছবুক ডাউনলোড কৰিবলৈ প্ৰথমে EPFOৰ অফিচিয়েল WhatsApp নম্বৰটোলৈ ‘Hi’ বুলি মেছেজ পঠিয়াব লাগিব। ইয়াৰ পিছত চেটবটৰ মেনুৰ পৰা Passbook Download বিকল্পটো নিৰ্বাচন কৰিব লাগিব। প্ৰয়োজনীয় OTP পৰীক্ষণ সম্পূৰ্ণ কৰি নিজৰ PF একাউণ্ট নিৰ্বাচন কৰাৰ পিছত চেটবটে পাছবুক চোৱাৰ অথবা ডাউনলোড কৰাৰ সুবিধা প্ৰদান কৰিব।
এই নতুন সুবিধা ব্যৱহাৰ কৰাৰ সময়ত কেইটামান গুৰুত্বপূৰ্ণ কথা মনত ৰখা উচিত।
– কেৱল EPFOৰ অফিচিয়েল WhatsApp নম্বৰ +91 87964 41800 ব্যৱহাৰ কৰিব।
– নিজৰ UAN পাছৱৰ্ড, বেংকৰ একাউণ্টৰ তথ্য আৰু ATM PIN কাকো নিদিব।
– কোনো অচিনাকি ব্যক্তিৰ সৈতে OTP শ্বেয়াৰ নকৰিব।
– কেৱল চৰকাৰী পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়তহে OTP ব্যৱহাৰ কৰিব।
– ভুৱা WhatsApp নম্বৰ বা লিংকৰ পৰা সাৱধান থাকিব।
মন কৰিবলগীয়া যে WhatsAppৰ এই সুবিধা মূলতঃ PF বেলেঞ্চ, লেনদেনৰ তথ্য আৰু পাছবুক লাভ কৰাৰ বাবেহে। ইয়াৰ জৰিয়তে PFৰ ধন উলিওৱা বা আন একাউণ্টলৈ স্থানান্তৰ কৰাৰ সুবিধা উপলব্ধ হোৱা বুলি ধৰি ল’ব নালাগে। সামগ্ৰিকভাৱে ক’বলৈ গ’লে, EPFOৰ এই নতুন WhatsApp সেৱাই লাখ লাখ কৰ্মচাৰীৰ বাবে PF একাউণ্টৰ তথ্য লাভ কৰাৰ প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিব। এতিয়া কেৱল এটা মেছেজ পঠিয়াইয়ে নিজৰ ভৱিষ্যতৰ সঞ্চয়ৰ খতিয়ান চাব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















