পুৱতিনিশা এক পথ দুৰ্ঘটনাৰ সন্মুখীন হ’ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন। হাতীগড় চাৰিআলিত সংঘটিত এই দুৰ্ঘটনাত অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালটো কথমপি ৰক্ষা পৰে। সৌভাগ্যক্ৰমে কোনো লোকৰ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ স্বামী আৰু সন্তান।
প্ৰাপ্ত তথ্য অনুসৰি, পুৱতিনিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। AS-01-GU-0073 নম্বৰৰ এখন XUV বাহনেৰে স্বামী আৰু সন্তানৰ সৈতে জু-তিনিআলিৰ দিশৰ পৰা গীতানগৰ অভিমুখে গৈ আছিল অভিনেত্ৰী বৰষাৰাণী বিষয়াই। সেই সময়তে মহানগৰীৰ হাতীগড় চাৰিআলিত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়।
হঠাৎ সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ সৃষ্টি হয় চাঞ্চল্য। অৱশ্যে সৌভাগ্যক্ৰমে বাহনখনত থকা অভিনেত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ সদস্যসকলৰ কোনো লোকৰ ক্ষতি হোৱা নাই।
ইফালে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন সম্প্ৰতি গীতানগৰ আৰক্ষী থানাত ৰখা হৈছে। কি পৰিস্থিতিত বাহনখন দুৰ্ঘটনাত পতিত হ’ল, সেই সন্দৰ্ভত অধিক তথ্য জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, নিশাৰ ভাগত সংঘটিত এই ঘটনাৰ পিছতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















