ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত পৰ্যটন, সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজৰ যোগাযোগ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে ফিলিপাইনছৰ ৰাজধানী মেনিলাত অনুষ্ঠিত ২৩সংখ্যক ভাৰত-আছিয়ান সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ পৰ্যটকৰ বাবে বিনামূলীয়া ই-ভিছা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়।
এই প্ৰস্তাৱৰ অধীনত ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, টিমৰ-লেষ্টে আৰু ভিয়েটনামৰ পৰ্যটকসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, আছিয়ান (ASEAN) হৈছে দক্ষিণ-পূব এছিয়াৰ ১১খন সদস্য ৰাষ্ট্ৰৰ এক আঞ্চলিক সংগঠন।
প্ৰধানমন্ত্ৰী মোদীৰ এই পদক্ষেপে ভাৰতলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি কৰাৰ লগতে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত পৰ্যটন উদ্যোগ, বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
ইয়াৰ উপৰি সন্মিলনত মোদীয়ে ভাৰত-আছিয়ান সামুদ্ৰিক সহযোগিতাৰ দীৰ্ঘম্যাদী পৰিকল্পনা, চাইবাৰ ফৰেনছিক প্ৰশিক্ষণ, পাৰমাণৱিক শক্তি, মহাকাশ গৱেষণা, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু যুৱ প্ৰজন্মৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবেও কেইবাটাও প্ৰস্তাৱ আগবঢ়ায়।
উল্লেখ্য যে, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱৰ কথা ঘোষণা কৰা হৈছে যদিও এই ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব আৰু আবেদন প্ৰক্ৰিয়া কেনে হ’ব, সেই সম্পৰ্কে চৰকাৰৰ তৰফৰ পৰা এতিয়াও বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















