আজি পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰী বৰষাৰাণী বিষয়া।

মহানগৰীৰ হাতীগড় চাৰিআলিত এই দুৰ্ঘটনা সংঘটিত হয়। বাহনৰ ভিতৰত স্বামী আৰু সন্তানৰ সৈতে আছিল বৰষাৰাণী বিষয়া।

কিন্তু এই দুৰ্ঘটনাত শৰীৰত বিশেষ আঘাত পোৱা নাই অভিনেত্ৰী আৰু স্বামী-কন্যাই। শৰীৰত কিছু বিষ অনুভৱ হৈ আছে যদিও চিন্তা কৰিবলগীয়া বিশেষ একো নাই বুলি প্ৰকাশ কৰিছে।

এই দুৰ্ঘটনাটো পুৱতি নিশা ৩ বজাত সংঘটিত হৈছিল। টোপনিতে গাড়ীচালকে গৈ ডিভাইডাৰত খুন্দাত মাৰে ফলত দুৰ্ঘটনা সংঘটিত হয়।

প্ৰথম অৱস্থাত চালকৰ কিছু টোপনি টোপনি অনুভৱ হয়, কিন্তু পিছত বৰষাৰ স্বামী ভাস্কৰে গাড়ী চলাব খুজিছিল যদিও চালকজনে দিয়া নাছিল। তাৰ পিছতে হঠাতে সংঘটিত হ’ল এই দুৰ্ঘটনাটো।

বৰ্তমান আটাইকেইগৰাকী ব্যক্তি সুস্থ অৱস্থাত আছে। চিন্তাৰ কোনো বিশেষ কাৰণ নাই বুলি জনাই অভিনেত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















