দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰা ৱেব ছিৰিজ ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন পুনৰ দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে। ফুলেৰা গাঁৱৰ সাধাৰণ জীৱন, ৰাজনৈতিক সংঘাত, হাস্যৰস আৰু বিভিন্ন ঘটনাৰে দৰ্শকক মনোৰঞ্জন দি অহা এই ধাৰাবাহিকখনৰ নতুন ছিজনটো অহা ৩ ডিচেম্বৰত মুক্তি পাব। নতুন ছিজনতো দৰ্শকে পুনৰ দেখা পাব সকলোৰে পৰিচিত সচিবজী আৰু গাঁৱৰ আন চিনাকি চৰিত্ৰসমূহক।
পঞ্চম ছিজনত ফুলেৰা গাঁৱৰ ৰাজনৈতিক পৰিস্থিতিত কিছু নতুন পৰিৱৰ্তন দেখা যাব। এইবাৰ ‘বানৰাকাছ’ৰ হাতলৈ আহিব প্ৰধানপতিৰ দায়িত্ব। নতুন দায়িত্ব লাভ কৰাৰ পাছত তেওঁ গাঁওখনৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰে, সেয়া হ’ব নতুন ছিজনৰ অন্যতম আকৰ্ষণ। বানৰাকাছে নিজৰ প্ৰতিশ্ৰুতি অনুসৰি ফুলেৰা গাঁৱৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হ’বনে, নে তেওঁৰ শাসনো আন এক ৰাজনৈতিক নাটকত পৰিণত হ’ব, সেয়া চাবলৈ দৰ্শকৰ মাজত ইতিমধ্যে উৎকণ্ঠাৰ সৃষ্টি হৈছে।
নতুন ছিজনত গাঁওখনৰ ৰাজনৈতিক মেৰপেঁচ, পুৰণি শত্ৰুতা, নতুন সংঘাত আৰু বিভিন্ন অপ্ৰত্যাশিত ঘটনাই বিশেষ স্থান লাভ কৰিব। অৱশ্যে আগৰ ছিজনসমূহৰ দৰেই এইবাৰো সাধাৰণ মানুহৰ জীৱনৰ সৰু সৰু ঘটনা, সহজ-সৰল হাস্যৰস আৰু আৱেগিক মুহূৰ্তৰ সংমিশ্ৰণ দেখা পোৱা যাব।
দীপক কুমাৰ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত ‘পঞ্চায়ত ছিজন ৫’ৰ কাহিনী আৰু নিৰ্মাণৰ সৈতে জড়িত হৈ আছে দীপক কুমাৰ মিশ্ৰ, চন্দন কুমাৰ আৰু অৰুণাভ কুমাৰ। জনপ্ৰিয় প্ৰযোজনা সংস্থা দ্য ভাইৰেল ফিভাৰ (TVF)-এ ধাৰাবাহিকখন প্ৰযোজনা কৰিছে। নতুন ছিজনতো পূৰ্বৰ ছিজনসমূহৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলক দেখা যাব। ইয়াৰ ভিতৰত আছে জীতেন্দ্ৰ কুমাৰ, ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, সুনীতা ৰাজৱাৰ, ফৈছল মালিক, চন্দন ৰয়, চানভিকা, দুৰ্গেশ কুমাৰ আৰু অশোক পাঠক।
পঞ্চম ছিজনৰ বিষয়ে ঘোষণা কৰি দ্য ভাইৰেল ফিভাৰ (TVF)-ৰ বিজয় কোশীয়ে কয় যে, বছৰ বছৰ ধৰি ‘পঞ্চায়ত’ কেৱল এখন ৱেব ছিৰিজ হৈ থকা নাই, বৰঞ্চ দৰ্শকৰ বাবে ই এক বিশেষ অনুভূতিৰ অংশ হৈ পৰিছে। ফুলেৰা গাঁও আৰু তাৰ বাসিন্দাসকলৰ প্ৰতি দৰ্শকে দেখুওৱা মৰম আৰু সমৰ্থনে তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে। তেওঁৰ মতে, সৰল কাহিনী সততা আৰু আন্তৰিকতাৰে উপস্থাপন কৰিলে সেয়াই দৰ্শকৰ মনত গভীৰ প্ৰভাৱ পেলাব পাৰে।
তেওঁ লগতে কয় যে পঞ্চম ছিজনত দৰ্শকে চিনাকি চৰিত্ৰসমূহৰ জীৱনত নতুন প্ৰত্যাহ্বান, সলনি হোৱা সম্পৰ্ক আৰু অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ’বলৈ পাব। ভাৰতীয় OTT জগতত পঞ্চম ছিজনলৈকে আগবঢ়া মাত্ৰ দুখন ধাৰাবাহিকৰ ভিতৰত ‘পঞ্চায়ত’ অন্যতম বুলিও তেওঁ উল্লেখ কৰে। এই যাত্ৰা সফল কৰি তোলাৰ বাবে তেওঁ প্ৰাইম ভিডিঅ’ৰ সহযোগিতাৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।
কেতিয়া আৰু ক’ত চাব পাৰিব ‘পঞ্চায়ত ছিজন ৫’?
অহা ৩ ডিচেম্বৰৰ পৰা জনপ্ৰিয় OTT প্লেটফৰ্ম Amazon Prime Videoত উপলব্ধ হ’ব ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন। গতিকে সচিবজী, প্ৰধানজী আৰু ফুলেৰা গাঁৱৰ আন চৰিত্ৰসমূহক পুনৰ এবাৰ পৰ্দাত চাবলৈ দৰ্শকে অপেক্ষা কৰিব লাগিব ৩ ডিচেম্বৰলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















