আজি আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস। প্ৰতি বছৰে ১৯ নৱেম্বৰত বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস (International Men’s Day)। সমাজ, পৰিয়াল আৰু দেশৰ প্ৰতি পুৰুষসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ স্বাস্থ্য, মানসিক সুস্থতা, সামাজিক সমস্যা আৰু অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ অন্যতম উদ্দেশ্য।
১৯৯৯ চনত ত্ৰিনিদাদ আৰু ট’বাগোৰ ড০ জেৰোম টিলুকছিংহে (Dr Jerome Teelucksingh) আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱসৰ আধুনিক উদযাপনৰ সূচনা কৰিছিল। বৰ্তমান বিশ্বৰ ৮০খনতকৈ অধিক দেশত এই দিৱস পালন কৰা হয় বুলি আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱসৰ সংস্থাই উল্লেখ কৰিছে।
এইবাৰৰ মূল থিম আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱসৰ ২০২৬ৰ মূল থিম হৈছে: “The Future Is Everyone”। যাৰ অৰ্থ হৈছে— এখন উন্নত ভৱিষ্যৎ গঢ়ি তোলাৰ দায়িত্ব কেৱল এটা লিংগৰ নহয়, বৰং সকলোৰে। পুৰুষ আৰু মহিলাৰ সমান অংশগ্ৰহণ, পাৰস্পৰিক সন্মান, সহযোগিতা আৰু অন্তৰ্ভুক্তিৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাৰ্তা দিয়া হৈছে।
পুৰুষ দিৱসৰ ৬টা মূল উদ্দেশ্য
- আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস পালনৰ সৈতে জড়িত মূল লক্ষ্যসমূহ হ’ল—
সমাজত ইতিবাচক আদৰ্শ সৃষ্টি কৰা পুৰুষসকলক স্বীকৃতি দিয়া। - পৰিয়াল, সন্তান, সমাজ আৰু দেশৰ প্ৰতি পুৰুষৰ অৱদানক সন্মান জনোৱা।
- পুৰুষৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আৱেগিক স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।
- পুৰুষসকলৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য আৰু সামাজিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা।
- লিংগসমূহৰ মাজত সুসম্পৰ্ক আৰু সমতা বৃদ্ধি কৰা।
- সকলোৰে বাবে অধিক সুৰক্ষিত, শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঢ়ি তোলা।
- এই দিৱসৰ উদ্দেশ্য মহিলাৰ অধিকাৰ বা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে প্ৰতিযোগিতা কৰা নহয়; বৰং সমাজৰ
- সকলোৰে কল্যাণৰ বাবে ইতিবাচক আলোচনা আৰু সহযোগিতা বৃদ্ধি কৰা।
১৯ নৱেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱসে সোঁৱৰাই দিয়ে যে পুৰুষৰ স্বাস্থ্য, সন্মান, অধিকাৰ আৰু মানসিক সুস্থতাৰ যত্ন লোৱাটো কেৱল তেওঁলোকৰ নিজৰ দায়িত্ব নহয়, বৰং সমগ্ৰ সমাজৰ দায়িত্ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















