আপুনি হয়তো মন কৰিছে কেতিয়াবা ৰাজপথত গাড়ী চলাই গ’লে বা খোজকাঢ়ি গ’লে মুকলিকৈ গৰু-ছাগলী বা ম’হ আগেৰে পাৰ হৈ যায়। বহুতে ৰাস্তাতে এই জন্তুবোৰ এৰাল দিয়ে। ইয়াৰ ফলত বিভিন্ন সময়ত সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈছে।
বাট-পথ মানুহ আৰু যান-বাহনৰ চলাচলৰ বাবে, সাধাৰণ জনতাই ব্যৱহাৰ কৰা পথত জীৱ-জন্তু এৰি দিয়াৰ কোনো অধিকাৰ নাই মালিকৰ। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশ। মানৱ জীৱন বিপন্ন কৰি বা যান-বাহন চলাচলত ব্যাঘাত জন্মাই গৰু চৰিব নোৱাৰে বুলি আদালতে স্পষ্ট কৰি দিছে।
ৰাস্তাত ঘূৰি ফুৰা বা পথৰ দাঁতিত বান্ধি থোৱা গৰু সন্দৰ্ভত কঠোৰ নিৰ্দেশ জাৰি কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুশ্ৰুত আৰাবিন্দ ধৰ্মাধিকাৰী আৰু ন্যায়াধীশ জি অৰুল মুৰুগানৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল। মঙলবাৰে আদালতে তামিলনাডুৰ সকলো পৌৰসভা অঞ্চলৰ পথত ঘূৰি ফুৰা গৰু ধৰাৰ নিৰ্দেশ দিয়ে। যদি পথত বাৰে বাৰে গৰু এৰি দিয়াৰ অভিযোগ উত্থাপন হয়, তেন্তে সংশ্লিষ্ট মালিকৰ বিৰুদ্ধেও অপৰাধমূলক গোচৰ ৰুজু কৰিব লাগে। ন্যায়াধীশৰ বিচাৰপীঠে কয়, “জনসাধাৰণৰ সুৰক্ষা বিপন্ন কৰি পথত গৰু-ম’হ বিচৰণ কৰিবলৈ দিয়াৰ মালিকৰ কোনো অধিকাৰ নাই।”
আদালতে কয় যে, “মানুহ আৰু বাহনৰ নিৰাপদ চলাচলৰ বাবে পথ নিৰ্মাণ কৰা হয়। কোনো গৰু মালিকে নিজৰ জীৱ-জন্তুক পথত মুক্তভাৱে ঘূৰি ফুৰিবলৈ দিব নোৱাৰে। ইয়াৰ ফলত মানুহৰ জীৱন বিপন্ন হয় আৰু যাতায়তত ব্যাঘাত জন্মে।”
পৌৰসভা অঞ্চলৰ প্ৰতিজন গৰু মালিকে বৈধ অনুজ্ঞাপত্ৰ ল’ব লাগিব বুলি আদালতে নিৰ্দেশ দিছে। প্ৰতিটো অনুজ্ঞাপত্ৰপ্ৰাপ্ত প্ৰাণীক টেগ কৰিব লাগিব যাতে মালিকক সহজে চিনাক্ত কৰিব পৰা যায়। ৰাস্তাত ঘূৰি ফুৰা বা পথত বান্ধি থোৱা গৰু ধৰিবলৈ দিনে-নিশাই নিয়মীয়াকৈ অভিযান চলাব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















