ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সংঘাত, পাৰস্পৰিক অবিশ্বাস আৰু ৰাজনৈতিক উত্তেজনাৰ অৱসান ঘটাই দুয়োখন দেশে একেলগে কাম কৰিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰত নিজৰ মতামত প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমেৰিকাৰ ইলিনয়ছত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা আৰু সহযোগিতাৰ সম্ভাৱনা নিশ্চয় আছে। কিন্তু ইয়াৰ বাবে এটা ডাঙৰ চৰ্ত পূৰণ হোৱাটো অত্যন্ত জৰুৰী।
ৰাহুল গান্ধীৰ মতে, পাকিস্তানে ভাৰতৰ ভিতৰত সন্ত্ৰাসবাদক সমৰ্থন আৰু উৎসাহিত কৰি থকালৈকে দুয়োখন দেশৰ মাজত অৰ্থপূৰ্ণ আলোচনা সম্ভৱ নহয়। নিৰীহ ভাৰতীয় নাগৰিকৰ প্ৰাণ হেৰুৱাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়ত পাকিস্তানৰ সৈতে আলোচনাত বহাটো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। এজন প্ৰৱাসী পাকিস্তানৰ এজন নাগৰিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে
উল্লেখ্য যে, চিকাগো বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী আৰু আন অংশগ্ৰহণকাৰীৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত এগৰাকী অংশগ্ৰহণকাৰীয়ে নিজকে পাকিস্তানৰ নাগৰিক বুলি পৰিচয় দি ৰাহুল গান্ধীক এই প্ৰশ্ন কৰিছিল। তেওঁ জানিব বিচাৰিছিল যে ভাৰত আৰু পাকিস্তানে পাৰস্পৰিক দোষাৰোপৰ ৰাজনীতিৰ পৰা ওলাই আহি দুয়োখন দেশৰ জনসাধাৰণৰ স্বাৰ্থত একেলগে কাম কৰাৰ কোনো সম্ভাৱনা আছেনে?
ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে দুয়োখন চুবুৰীয়া দেশৰ মাজত সহযোগিতাৰ সুযোগ আছে। কিন্তু তাৰ বাবে প্ৰথমে সন্ত্ৰাসবাদৰ সমস্যাৰ সমাধান হ’ব লাগিব। নিৰীহ লোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত নোহোৱাকৈ কেৱল আলোচনাৰ নামত আলোচনাত বহাৰ কোনো অৰ্থ নাই বুলিও তেওঁ নিজৰ স্থিতি স্পষ্ট কৰে। তেওঁৰ বক্তব্য অনুসৰি, পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন আৰু প্ৰচাৰ কৰা বন্ধ কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত আলোচনাৰ নতুন পৰিৱেশ সৃষ্টি হ’ব পাৰে।
ভাৰত-পাকিস্তানৰ সম্পৰ্কত পুনৰ চৰ্চা
ৰাহুল গান্ধীৰ এই মন্তব্যই পুনৰবাৰ ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টো চৰ্চালৈ আনিছে। দুয়োখন দেশৰ মাজত শান্তি আৰু সহযোগিতাৰ সম্ভাৱনা থাকিলেও সন্ত্ৰাসবাদৰ বিষয়টোৱে যে সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হিচাপে থিয় দিছে, সেই কথাই তেওঁৰ বক্তব্যত প্ৰতিফলিত হৈছে। অৱশ্যে, এই মন্তব্য ৰাহুল গান্ধীৰ নিজৰ ৰাজনৈতিক আৰু কূটনৈতিক স্থিতিৰ প্ৰকাশ। তেওঁৰ মতে, শান্তি আৰু আলোচনাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ নহয়, কিন্তু তাৰ বাবে প্ৰথম চৰ্ত হ’ল সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ হোৱা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















