মনোৰঞ্জন জগতৰ ডাঙৰ খবৰ! দক্ষিণ ভাৰতৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু আৰু তেওঁৰ পৰিচালক-স্বামী ৰাজ নিদিমোৰুৱে জীৱনৰ এক নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। এই তাৰকা দম্পতী এতিয়া পিতৃ-মাতৃ। ২০২৬ চনৰ ১৯ নৱেম্বৰত তেওঁলোকে প্ৰথম সন্তান – ল’ৰা কেঁচুৱাক আদৰণি জনায়। জন্মৰ এদিন পিছত শুকুৰবাৰে তেওঁলোকে এই ভাল খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

নৱজাতকৰ এক অতি মধুৰ আৰু আৱেগিক প্ৰথম আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সামান্থাই এই ভাল খবৰটো ঘোষণা কৰে। ছবিখনত নতুন পিতৃ-মাতৃ সামন্থা আৰু ৰাজে মৰমেৰে একমাত্ৰ পুত্ৰৰ ক্ষুদ্ৰ আঙুলিত ধৰি থকা দেখা গৈছে। পৰিয়ালটোৰ নতুন সদস্য গৰাকীৰ আগমনৰ এই মধুৰ মুহূৰ্তই নিমিষতে নেটিজেনৰ হৃদয় দখল কৰিছে।
ফটোখনৰ কেপচনত পুত্ৰৰ নাম আৰু জন্ম তাৰিখ প্ৰকাশ কৰি সামান্থাই লিখিছে, “আমাৰ ধুনীয়া পুত্ৰ DEV NIDIMORU 19.11.2026। আমাৰ মনটো আগতে কেতিয়াও ইমান সুখী হোৱা নাছিল। সামান্থা আৰু ৰাজ।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















