প্ৰেম কেতিয়া কাৰ জীৱনত আহে কোনেও গম নাপায়! প্ৰেমত পৰি বহুলোকে নিজৰ সকলো হেৰাবলৈও ভয় নকৰে। পিছে সময়ৰ লগে লগে সম্পৰ্কৰ সংজ্ঞা সলনি হৈছে। আপুনি যিজন ব্যক্তিৰ প্ৰেমত হাবুডুবু খাইছে, তেওঁ হয়তো কেৱল অতিৰিক্ত সুবিধাৰ বাবে আপোনাৰ সৈতে অবিনয় কৰিব পাৰে। কিন্তু আপোনাৰ সংগীৰ মনত কি চলি আছে সেয়া কেনেকৈ বুজিব?
সম্পৰ্কত থাকিলে দুয়োৰে মাজত ইজনে সিজনৰ ঘনিষ্ঠ বন্ধুক চিনি পোৱাটো স্বাভাৱিক। আপোনাৰ সংগীয়ে আপোনাক তেওঁলোকৰ আপোনজনৰ লগত কেনেকৈ চিনাকি কৰাই দিয়ে তাৰ প্ৰতি মনোযোগ দিয়ক। যদি পৰিচয়ৰ মূল কেন্দ্ৰবিন্দু আপোনাৰ পৰিচয়, পদবী আৰু আৰ্থিক অৱস্থাৰ ওপৰত, তেন্তে আপুনি নিশ্চিত হ’ব পাৰে যে তেওঁ আপোনাক ভাল নাপায়।
ৰাজহুৱা স্থানত যিমান কথা কয়, আপোনাৰ লগত থকা সময়তো একেই ব্যৱহাৰ কৰেনে তাৰ প্ৰতি মনোযোগ দিয়াটো দৰকাৰ। ব্যক্তিগত পৰ্যায়ত আপুনি তেওঁৰ বাবে গুৰুত্বপূৰ্ণ অনুভৱ কৰেনে নকৰে সেই বিষয়ে প্ৰথমতে আপুনি নিশ্বিত হ’ব। যদি সম্পৰ্ক কেৱল বাহিৰৰ মানুহক দেখুৱাবলৈ হয়, তেন্তে সেয়া প্ৰেম একেবাৰেই নহয়।
সংগীক লৈ গৌৰৱ অনুভৱ কৰাটো ভাল। কিন্তু যেতিয়া আপোনাৰ মূল্য আপুনি দিয়া সামাজিক মৰ্যাদা, বিশেষাধিকাৰ বা ভাবমূর্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, তেতিয়া ই এটা সমস্যা হৈ পৰে। যদি কোনো কাৰণত আপোনাৰ সামাজিক মৰ্যাদা ক্ষতিগ্ৰস্ত হ’লে আপোনাৰ সংগীৰ আগ্ৰহ কমি যায়, তেন্তে নিশ্চিত হওক যে তেওঁ আপোনাৰ লগত কেৱল নিজৰ স্বাৰ্থৰ বাবেই আছে। যদি আপুনি অনুভৱ কৰে যে আপুনি এই ধৰণৰ সম্পৰ্কত আবদ্ধ হৈ আছে, তেন্তে নিজকে সোনকালে আঁতৰাই পেলাওক। অন্যথা আপুনি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















