জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে শিল্পীগৰাকীৰ ৪ বন্ধুৱে। বিক্ৰী হৈ যোৱা জুবিন গাৰ্গৰ মৰমৰ বাহন ৰেঞ্জ ৰ’ভাৰখন পুনৰ ঘূৰাই আনি সংৰক্ষণ কৰাৰ প্ৰচেষ্টা চলাইছে বন্ধুকেইজনে। উচিত মূল্যৰ বিনিময়ত বাহনখন পুনৰ ক্ৰয় কৰি সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰখন বৰ্তমান মিৰ্জাৰ সোণমণি দাসৰ হাতত আছে। বাহনখন পুনৰ ঘূৰাই অনাৰ উদ্দেশ্যে কাইলৈ সোণমণি দাসৰ ওচৰলৈ যাব জুবিন গাৰ্গৰ বন্ধুকেইজন। বাহনখন উচিত মূল্যৰ বিনিময়ত ঘূৰাই অনাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছে তেওঁলোকে।
৪ বন্ধুৰ বিশেষ প্ৰচেষ্টা
জুবিন গাৰ্গৰ মৰমৰ বাহনখন পুনৰ ঘূৰাই আনি সংৰক্ষণৰ এই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে সৌমিক দত্ত, মানস ভাগৱতী, পৱিত্ৰ ৰাভা আৰু বংকিম ৰায় মেধিয়ে। জুবিনৰ সৈতে থকা স্মৃতি আৰু শিল্পীগৰাকীৰ প্ৰতি থকা মৰমৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে বন্ধুকেইজনে।
অসমবাসীৰ ইচ্ছা আৰু আৱেগক সন্মান জনাই বাহনখন সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে। বাহনখন পুনৰ ঘূৰাই আনিবলৈ প্ৰয়োজনীয় আলোচনা আৰু প্ৰচেষ্টা চলোৱা হৈছে।
জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰখন সংৰক্ষণ কৰাৰ এই উদ্যোগৰ বিষয়ে অসম লাইভ 24ক জানিবলৈ দিয়ে বংকিম ৰায় মেধিয়ে। অসমবাসীৰ ইচ্ছা মতেই বাহনখন সংৰক্ষণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
জুবিন গাৰ্গৰ সৈতে জড়িত প্ৰতিটো বস্তুৱেই অনুৰাগীৰ বাবে একো একোটা স্মৃতি। শিল্পীগৰাকীৰ ব্যৱহৃত বাহনখন পুনৰ ঘূৰাই আনি সংৰক্ষণ কৰিব পাৰিলে সেয়া অনুৰাগীসকলৰ বাবেও এক বিশেষ আবেগিক মুহূৰ্ত হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















