চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সুখবৰ। অসমৰ চুবুৰীয়া ত্ৰিপুৰা চৰকাৰে কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাৱেন্স (DA) আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ ৰিলিফ (DR) বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। নতুন সিদ্ধান্ত অনুসৰি, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আৰু DR ৩ শতাংশ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত মুঠ DA ৪৪ শতাংশলৈ বৃদ্ধি পাব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই এই ঘোষণা কৰে। তেওঁৰ মতে, ২০২৬ চনত দুবাৰকৈ DA বৃদ্ধি কৰা হৈছে আৰু ২০২২ চনৰ পৰা এতিয়ালৈকে DA ৩৬ শতাংশ বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ বহু চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব।
১ অক্টোবৰৰ পৰা কাৰ্যকৰী নতুন সিদ্ধান্ত
ত্ৰিপুৰা চৰকাৰৰ কেবিনেটে DA আৰু DR ৩ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ ঘৰ ভাড়া ভাট্টা (HRA)ও বৃদ্ধি কৰা হৈছে। নতুন সিদ্ধান্ত অনুসৰি, ঘৰ ভাড়া ভাট্টা মূল দৰমহাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে এই ভাট্টাৰ সৰ্বাধিক সীমা প্ৰতিমাহে ১০,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। ডি এ, ডি আৰ আৰু এইচ আৰ এৰ নতুন ব্যৱস্থা ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। এই বৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰৰ কোষাগাৰত বছৰি প্ৰায় ৩০০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে।
ইয়াৰ পূৰ্বেও ৫ শতাংশ বৃদ্ধি কৰা হৈছিল DA
ইয়াৰ পূৰ্বে ত্ৰিপুৰা চৰকাৰে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডি এ আৰু ডি আৰ ৫ শতাংশ বৃদ্ধি কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰী মাণিক সাহাই কৈছিল যে এই বৃদ্ধিৰ বাবে চৰকাৰৰ বছৰি প্ৰায় ৫০০ কোটি টকাৰ অতিৰিক্ত ব্যয় হ’ব। এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ প্ৰায় ১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰে (১,০২,৫৬৩জন চৰকাৰী কৰ্মচাৰী আৰু ৮১,০১৯জন পেঞ্চনাৰ) উপকৃত হ’ব বুলি জানিবলৈ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কৈছিল যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সৈতে ডি এৰ ব্যৱধান হ্ৰাস কৰাৰ বাবে ধাৰাবাহিকভাৱে চেষ্টা কৰি আহিছে।
২০২২ চনৰ পৰা ৩৬ শতাংশ বৃদ্ধি DA
মুখ্যমন্ত্ৰী মাণিক সাহাই দাবী কৰা অনুসৰি, ২০২২ চনৰ জুলাই মাহত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডি এ ৮ শতাংশ আছিল। বৰ্তমান সেই ডি এ বৃদ্ধি কৰি ৪৪ শতাংশ কৰা হৈছে। অৰ্থাৎ বিগত চাৰি বছৰত মুঠ ৩৬ শতাংশ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ৰাজ্য চৰকাৰে ইমান কম সময়ৰ ভিতৰত কৰ্মচাৰীসকলৰ ডি এ ৩৬ শতাংশ বৃদ্ধি কৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ডি এৰ ব্যৱধান হ্ৰাস কৰাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ডি এ আৰু ডি আৰ প্ৰদান কৰিবলৈ চৰকাৰৰ বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। তেওঁৰ মতে, ডি এ বা ডি আৰ ১ শতাংশ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰায় ১০০ কোটি টকা ব্যয় হয়।
অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা বৃদ্ধিৰ আশ্বাস
অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা পুনৰীক্ষণৰ বিষয়টো সন্দৰ্ভতো মুখ্যমন্ত্ৰী মাণিক সাহাই মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা পুনৰীক্ষণৰ বিষয়টোৰ প্ৰতি দায়বদ্ধ। এই সন্দৰ্ভত বিত্তমন্ত্ৰী প্ৰাণজিৎ সিংহ ৰায়ৰ সৈতে আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে সাহাই। কেন্দ্ৰীয় চৰকাৰে সংশোধিত দৰমহা গাঁথনি কাৰ্যকৰী কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাজ্য চৰকাৰেও এই বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস দিয়ে।
তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰে সপ্তম দৰমহা আয়োগৰ অধীনত ২.২৫ ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰিছিল। পৰৱৰ্তী সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ২০১৮ চনৰ জুলাই মাহত ফিটমেণ্ট ফেক্টৰ ২.৫৭লৈ বৃদ্ধি কৰে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ গড় দৰমহা প্ৰায় ৮ শতাংশ বৃদ্ধি পাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















