বিয়াৰ আনন্দ-উল্লাসৰ মাজতে হঠাৎ উপস্থিত হ’ল আৰক্ষী। আলহী-অতিথিৰ সন্মুখতে দৰাক ডিঙিত ধৰি চোঁচৰাই লৈ গ’ল আৰক্ষীয়ে। প্ৰথমা পত্নীৰ সৈতে আইনগতভাৱে বিৱাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিৱাহ কৰিবলৈ অহাৰ অভিযোগত দৰা সাজতে গ্ৰেপ্তাৰ হ’ল এজন যুৱক।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত। জানিব পৰা মতে, আকাশ সিং নামৰ যুৱকজনে প্ৰথমা পত্নীক কোনো কথা অৱগত নকৰাকৈ দ্বিতীয় বিৱাহৰ বাবে উপস্থিত হৈছিল এখন সমূহীয়া বিৱাহ অনুষ্ঠানত। কিন্তু বিৱাহৰ আয়োজন চলি থকাৰ মাজতে আৰক্ষীৰ সৈতে প্ৰথমা পত্নী আহি উপস্থিত হয় আৰু বিৱাহখনত বাধা প্ৰদান কৰে।
প্ৰকৃততে উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই সমূহীয়া বিৱাহ অনুষ্ঠান। অনুষ্ঠানটোত কেইবাশ দৰা-কইনাই অংশগ্ৰহণ কৰিছিল। চৰকাৰী আঁচনি অনুসৰি, প্ৰতিটো দম্পতীক বিৱাহৰ বাবে এক লাখ টকাৰ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। এই চৰকাৰী সাহায্য লাভৰ উদ্দেশ্যেই আকাশ সিঙে দ্বিতীয় বিৱাহ কৰিবলৈ অহাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু আকাশ সিঙৰ পূৰ্বৰে পৰা এগৰাকী পত্নী থকাৰ লগতে তেওঁলোকৰ মাজত আইনগতভাৱে বিৱাহ বিচ্ছেদ হোৱা নাছিল। এনে অৱস্থাত প্ৰথমা পত্নীক অন্ধকাৰত ৰাখি দ্বিতীয় বিৱাহ কৰিবলৈ অহা যুৱকজনক অনুষ্ঠানস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আকাশ সিং। তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। দৰা সাজেৰে বিবাহৰ মণ্ডপত উপস্থিত হোৱা যুৱকজনক এনেদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















