আজি ৰাস পূৰ্ণিমাৰ পৱিত্ৰ দিনটোত কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে বৰ্তমানৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫২ সংখ্যক জন্মজয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হৈছে। এই বিশেষ দিনটোক কেন্দ্ৰ কৰি সেৱাশ্ৰমত পুৱাৰে পৰা এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
১৯৭৪ চনৰ ৰাস পূৰ্ণিমাৰ আজিৰ দিনটোতেই কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল বৰ্তমানৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে। সেয়েহে আজিৰ দিনটো সেৱাশ্ৰমৰ বাবে দুগুণ আনন্দ আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে।
পুৱা ৫ বজাত গুৰুজনাই ভকত-আইসকলৰ সৈতে সুৱৰ্ণ কুৰৰ পৰা পানীতোলা পৰ্ব সম্পন্ন কৰে। এই মাংগলিক কাৰ্যসূচীৰ পাছতেই আৰম্ভ হয় দিনজোৰা ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচী। পৰৱৰ্তী সময়ত উলিওৱা হয় এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা, য’ত ভক্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰা হয়।
জন্মজয়ন্তী আৰু প্ৰতিষ্ঠা দিৱসৰ এই পৱিত্ৰ ক্ষণত গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কেৱল ধৰ্মীয় কাৰ্যসূচীতে সীমাবদ্ধ নাথাকি সমাজসেৱাৰ এক মহান নিদৰ্শন দাঙি ধৰে। গুৰুজনাই নলবাৰীস্থিত ‘শান্তি নিৱাস বৃদ্ধাশ্ৰম’ পৰিদৰ্শন কৰি তাত থকা আবাসী বৃদ্ধসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ সুখ-দুখৰ বুজ লোৱাৰ লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ তৰফৰ পৰা বৃদ্ধসকলক এসাজ সিদ্ধান্ন আৰু কিছু আৰ্থিক সাহায্য আগবঢ়োৱা হয়।
গুৰুজনাৰ এই পদক্ষেপে জন্মজয়ন্তীৰ আনন্দৰ মাজতে সমাজৰ অসহায় আৰু বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতি মৰম, সহমৰ্মিতা আৰু দায়বদ্ধতাৰ এক সুন্দৰ বাৰ্তা বহন কৰিছে।
উল্লেখ্য যে, কেৱল মূল সেৱাশ্ৰমতেই নহয়, দেশৰ আন ১০৮খন শাখা সেৱাশ্ৰমতো আজিৰ এই বিশেষ দিনটো বিভিন্ন ধৰ্মীয় আৰু মাংগলিক কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।
(এই তথ্য চেঙাৰ পৰা আছিক আহমেদৰ সহযোগত যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















