পাঞ্জাবৰ ৰাজনীতিত পুনৰ এক নতুন সমীকৰণৰ সৃষ্টি হৈছে। দীৰ্ঘদিনৰ বিচ্ছেদৰ অন্তত পুনৰ একত্ৰিত হৈছে বিজেপি আৰু শিৰোমণি আকালি দল (SAD)। দুয়োটা দলৰ মাজত চলি থকা মিত্ৰতাৰ আলোচনা অৱশেষত মঙলবাৰে আনুষ্ঠানিক ৰূপ লাভ কৰে। দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দুয়োটা দলৰ নেতাই একেলগে সংবাদমেল সম্বোধন কৰি মিত্ৰতাৰ কথা ঘোষণা কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে।
মিত্ৰতাৰ কথা ঘোষণা কৰি অমিত শ্বাহে কয় যে শিৰোমণি আকালি দলৰ NDAত যোগদানে মিত্ৰজোঁটক অধিক শক্তিশালী কৰি তুলিব। লগতে এই মিত্ৰতা হিন্দু আৰু শিখসকলৰ মাজৰ ভাতৃত্ববোধৰ প্ৰতীক হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে। পাঞ্জাবক ড্ৰাগছমুক্ত কৰাৰ লগতে ৰাজ্যখনত পুনৰ চৰকাৰ গঠনৰ লক্ষ্যৰ কথাও প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
এতিয়া দুয়োটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱাৰ পাছত পঞ্জাৱৰ ৰাজনীতিত নতুন চৰ্চাৰ সৃষ্টি হৈছে। বিশেষকৈ ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত এই মিত্ৰতাই কিমান প্ৰভাৱ পেলাব, সেই লৈ ৰাজনৈতিক মহলত ব্যাপক আলোচনা চলিছে। পূৰ্বেও এই দুয়োটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছিল। গতিকে পুনৰ এই মিত্ৰতা গঢ়ি উঠাৰ ফলত আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান বৃদ্ধি পাব নেকি, সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।
বিজেপি আৰু আকালি দলৰ সম্পৰ্ক বহু পুৰণি
বিজেপি আৰু শিৰোমণি আকালি দলৰ মাজৰ সম্পৰ্ক নতুন নহয়। দুয়োটা দলৰ মাজত দীৰ্ঘদিন ধৰি ৰাজনৈতিক সম্পৰ্ক আৰু সহযোগিতা চলি আহিছে। আনুষ্ঠানিক মিত্ৰতা গঢ়ি উঠাৰ বহু আগতেই ১৯৬৭ আৰু ১৯৭০ চনত ভাৰতীয় জন সংঘৰ সৈতে মিলি আকালি দলে চৰকাৰ গঠনত সহযোগিতা কৰিছিল।
১৯৯৬ চনত অটল বিহাৰী বাজপেয়ীয়ে কেন্দ্ৰত ১৩ দিনীয়া চৰকাৰ গঠন কৰাৰ সময়তো প্ৰকাশ সিং বাদলে বিনাচৰ্তে সমৰ্থন আগবঢ়াইছিল। সেই সময়ত শিৰোমণি আকালি দলক মূলতঃ শিখ ধৰ্মীয় আৰু পন্থিক স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰা দল হিচাপে জনা গৈছিল। কিন্তু প্ৰয়াত প্ৰকাশ সিং বাদলে দলটোৰ ৰাজনৈতিক পৰিচয় কেৱল পন্থিক ৰাজনীতিৰ মাজতে সীমাবদ্ধ নাৰাখি বৃহত্তৰ পাঞ্জাবী পৰিচয়ৰ ওপৰত গুৰুত্ব দিছিল।
ইয়াৰ পাছত ১৯৯৭ চনত দুয়োটা দলে আনুষ্ঠানিকভাৱে মিত্ৰতা কৰি পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয়। এই মিত্ৰতাই প্ৰথমবাৰতে বৃহৎ সফলতা লাভ কৰে। দুয়োটা দলে একেলগে নিৰ্বাচনত জয়লাভ কৰি পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়তো এই মিত্ৰতা যথেষ্ট শক্তিশালী হৈ থাকে। ২০০৭ চনৰ পৰা ২০১২ চনলৈ আৰু পুনৰ ২০১২ চনৰ পৰা ২০১৭ চনলৈ দুয়োটা দলে একেলগে পাঞ্জাবত চৰকাৰ চলাইছিল। এই সময়ছোৱাত প্ৰকাশ সিং বাদলে পাঁচবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ বিধানসভা নিৰ্বাচনত আকালি দলে ৫৬খন আসন লাভ কৰি প্ৰায় ৩৪.৭৩ শতাংশ ভোট লাভ কৰিছিল। আনহাতে, বিজেপিয়ে ১২খন আসন লাভ কৰাৰ লগতে প্ৰায় ৭.১৮ শতাংশ ভোট লাভ কৰিছিল।
কিন্তু ২০১৭ চনৰ নিৰ্বাচনত দুয়োটা দলৰ প্ৰদৰ্শন যথেষ্ট দুৰ্বল হৈ পৰে। সেইবাৰ আকালি দলে মাত্ৰ ১৫খন আসন আৰু বিজেপিয়ে ৩খন আসন লাভ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰায় ৩৮.৭৭ শতাংশ ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ফলত বিজেপি-আকালি মিত্ৰতাৰ ১০ বছৰীয়া শাসনৰ অন্ত পৰে।
কৃষক আন্দোলনৰ বাবে ভাঙিছিল মিত্ৰতা
বিজেপি আৰু আকালি দলৰ মাজৰ দীৰ্ঘদিনীয়া মিত্ৰতাত আটাইতকৈ ডাঙৰ আঘাত আহে ২০২০ চনত। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন প্ৰণয়ন কৰাৰ পাছত পঞ্জাৱৰ কৃষকসকলে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই আন্দোলন দিল্লীলৈও বিয়পি পৰে। কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই শিৰোমণি আকালি দলে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতা কৰে। সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হৰছিমৰত কৌৰ বাদলে নিজৰ পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পাছতে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত আকালি দলে বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ফলত দুয়োটা দলৰ মাজত দীৰ্ঘদিনীয়া ৰাজনৈতিক সম্পৰ্কৰ অন্ত পৰে।
কিন্তু মিত্ৰতা ভংগ হোৱাৰ পাছতো দুয়োটা দলৰ নেতাই সম্পূৰ্ণৰূপে ৰাজনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰা নাছিল। ২০২৭ চনৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে দুয়োটা দলৰ নেতাৰ মাজত পূৰ্বৰ দৰে তীব্ৰ বাক্যবাণ কমি অহা দেখা গৈছিল। ৰাজনৈতিক সভা আৰু সংবাদমেলতো ইজনে সিজনক আক্ৰমণ কৰাৰ পৰা বহু সময়ত বিৰত থকা পৰিলক্ষিত হৈছিল। ইয়াৰ ফলতে পুনৰ মিত্ৰতা গঢ়ি উঠাৰ সম্ভাৱনাক লৈ চৰ্চা আৰম্ভ হৈছিল।
বিজেপি আৰু আকালি দলৰ মাজৰ মিত্ৰতা ভংগ হোৱাৰ প্ৰভাৱ দুয়োটা দলৰ নিৰ্বাচনী ফলাফলত দেখা গৈছিল। বিশেষকৈ ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে এই কথা স্পষ্ট হৈ পৰে।
২০২২ চনৰ বিধানসভা নিৰ্বাচনত আকালি দলে প্ৰায় ১৮.৫ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে প্ৰায় ৬.৬ শতাংশ ভোট লাভ কৰিছিল। কিন্তু দুয়োটা দল পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সেই ভোটৰ সম্পূৰ্ণ ৰাজনৈতিক সুবিধা লাভ কৰিব পৰা নাছিল। সেই নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অভূতপূৰ্ব সফলতা লাভ কৰে। দলটোৱে মুঠ ১১৭খন আসনৰ ভিতৰত ৯২খন আসন লাভ কৰি পাঞ্জাবত চৰকাৰ গঠন কৰে। আনহাতে, কংগ্ৰেছে মাত্ৰ ১৮খন আসন লাভ কৰে। আকালি দলে মাত্ৰ ৩খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়েও বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।
এতিয়া সকলোৰে দৃষ্টি ২০২৭ চনৰ পাঞ্জাব বিধানসভা নিৰ্বাচনৰ ওপৰত। পুৰণি মিত্ৰতাই পুনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ’বনে, নে আম আদমী পাৰ্টিয়ে নিজৰ শাসন অক্ষুণ্ণ ৰাখিব? কংগ্ৰেছে পুনৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবনে? এই সকলো প্ৰশ্নৰ উত্তৰ সময়েহে দিব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















