• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

2 minutes ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

47 minutes ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

1 hour ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

2 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

2 hours ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

3 hours ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

3 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

5 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

5 hours ago
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

5 hours ago
পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

6 hours ago
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

6 hours ago
‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

'সমীক্ষণ'ৰ নৱেম্বৰ সংখ্যাত প্ৰকাশিত হৰেকৃষ্ণ ডেকাৰ লেখা

editor by editor
November 24, 2026
in অসম, লেখা, সমীক্ষণ (আলোচনী)
0
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মানৱ সভ্যতাৰ ইতিহাসত ধর্ম আৰু ৰাজনীতি দুয়োটাই শক্তিশালী সামাজিক প্রভাৱ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ধর্মই মানুহৰ নৈতিকতা, মূল্যবোধ আৰু আধ্যাত্মিক জীৱন গঢ়ি তোলে; আনহাতে ৰাজনীতিয়ে সমাজৰ ক্ষমতাৰ বণ্টন, আইন-শৃংখলা আৰু শাসন ব্যৱস্থা নির্ধাৰণ কৰি আহিছে। কিন্তু এই দুয়োটাৰ সম্পৰ্ক সদায় সহজ বা সুস্থ নাছিল। বহু যুগত ধর্মই ৰাজনীতিক নিয়ন্ত্রণ কৰিছে, আকৌ বহু সময়ত ৰাজনীতিয়ে ধৰ্মক নিজৰ স্বার্থত ব্যৱহাৰ কৰিছে। এই দুই শক্তিৰ মিলনে কেতিয়াবা সভ্যতাৰ বিকাশ ঘটাইছে, আন কেতিয়াবা ভয়ংকৰ যুদ্ধ, নিপীড়ন আৰু সামাজিক বিভাজনৰ সৃষ্টি কৰিছে।
ইতিহাসে দেখুৱায় যে যেতিয়া কোনো ৰাষ্ট্ৰই এক নির্দিষ্ট ধৰ্মক ৰাষ্ট্ৰশক্তিৰ সৈতে একাত্ম কৰে, তেতিয়া সেই ৰাষ্ট্ৰত ভিন্নমত, ভিন্নধর্ম আৰু ভিন্ন পৰিচয়ৰ মানুহৰ সম-অধিকাৰ বিপন্ন হোৱাৰ আশংকা বৃদ্ধি পায়। সংখ্যাগুৰুৰ ৰাজনৈতিক আধিপত্য ধীৰে ধীৰে নৈতিক অধিকাৰলৈ ৰূপান্তৰিত হয় আৰু গণতান্ত্রিক নাগৰিকত্বৰ ধাৰণাটো দুৰ্বল হৈ পৰে। ইয়াৰ বিপৰীতে আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰসমূহে উপলব্ধি কৰিছে যে সকলো নাগৰিকৰ সমমর্যাদা নিশ্চিত কৰাৰ একমাত্র স্থায়ী উপায় হৈছে আইন আৰু সংবিধানক কোনো বিশেষ ধৰ্মৰ ওপৰত নহয়, নাগৰিক অধিকাৰৰ ওপৰত প্ৰতিষ্ঠা কৰা আৰু আইনৰ শাসন প্রতিষ্ঠা কৰা। আজিৰ পৃথিৱীত ইউৰোপৰ অধিকাংশ দেশ, উত্তৰ আমেৰিকা, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আদিৰ দৰে আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰসমূহে ধৰ্মনিৰপেক্ষ সাংবিধানিক ব্যৱস্থা গ্রহণ কৰিছে। আনহাতে বহু ইছলামিক ৰাষ্ট্ৰত ইছলাম সংবিধানৰ মৌলিক উৎস হিচাপে স্বীকৃত। এই দুয়োটা মডেলৰ সাফল্য আৰু সীমাবদ্ধতা দুয়োটাই আছে। ভাৰতে স্বাধীনতাৰ পাছত এই দুয়োটাৰ মাজত এক বিশেষ পথ বাছি লৈছিল-ধৰ্মৰ স্বাধীনতা নিশ্চিত কৰি; কিন্তু ৰাষ্ট্ৰক কোনো বিশেষ ধৰ্মৰ সৈতে একাত্ম নকৰি সংবিধানৰ দ্বাৰা পৰিচালিত হৈ।

ধৰ্মৰ দ্বাৰা পৰিচালিত ৰাজনীতি: ইতিহাসৰ অভিজ্ঞতা

প্রাচীন পৃথিৱীত ৰজা কেৱল শাসক নাছিল; তেওঁক সৰহ ক্ষেত্ৰত ঈশ্বৰৰ প্ৰতিনিধি বা ঈশ্বৰৰ দ্বাৰা মনোনীত ব্যক্তি বুলি ধৰা হৈছিল। মিচৰ, পাৰস্য, চীন, ইউৰোপ- প্রায় সকলো সভ্যতাত ৰাজনৈতিক ক্ষমতাক ধর্মীয় বৈধতাৰে শক্তিশালী কৰা হৈছিল। ইয়াৰ ফলত শাসকৰ সমালোচনা কৰাটো কেৱল ৰাজদ্রোহ নহয়, ধর্মদ্রোহ বুলিও গণ্য হৈছিল। মধ্যযুগীয় ইউৰোপত কেথলিক গীর্জাই ৰাজনীতিত অসাধাৰণ প্ৰভাৱ বিস্তাৰ কৰিছিল। পোপে সম্রাটক বহিষ্কাৰ কৰিব পাৰিছিল; বহু ৰজাই নিজৰ ক্ষমতাৰ বৈধতা লাভ কৰিবলৈ গীৰ্জাৰ অনুমোদন বিচাৰিছিল। এই পৰিস্থিতিয়ে ধর্মীয় কর্তৃত্ব আৰু ৰাজনৈতিক কর্তৃত্বৰ মাজত অবিৰাম সংঘাত সৃষ্টি কৰিছিল।

ক্ৰুছেড: ধৰ্মৰ নামত সাম্রাজ্যবাদ

১০৯৫ চনৰ পৰা ১২৯১ চনলৈকে ইউৰোপীয় খ্ৰীষ্টান শক্তি আৰু পশ্চিম এছিয়াৰ মুছলমান শাসকসকলৰ মাজত হোৱা ক্রুছেডসমূহক সাধাৰণতে ‘পবিত্র যুদ্ধ’ বুলি কোৱা হয়। জেৰুজালেম উদ্ধাৰৰ ধৰ্মীয় আহ্বানৰ অন্তৰালত ৰাজনৈতিক আধিপত্য, বাণিজ্যিক স্বার্থ আৰু সাম্রাজ্য বিস্তাৰৰ লক্ষ্যও গভীৰভাৱে জড়িত আছিল। এই যুদ্ধসমূহত লাখ লাখ মানুহৰ মৃত্যু হৈছিল। ইহুদী সম্প্রদায়েও ব্যাপক নিৰ্যাতনৰ সম্মুখীন হৈছিল। আজিৰ অধিকাংশ ইতিহাসবিদৰ মতে, ক্রুছেড আছিল ধৰ্ম আৰু ৰাজনীতিৰ বিপজ্জনক মিশ্ৰণৰ এক ক্লাছিক উদাহৰণ। ষোড়শ আৰু সপ্তদশ শতিকাত প্ৰটেষ্টাণ্ট সংস্কাৰ আন্দোলনৰ পাছত ইউৰোপত কেথলিক আৰু প্ৰটেষ্টাণ্টৰ মাজত দীঘলীয়া সংঘাত আৰম্ভ হয়। ইয়াৰ চূড়ান্ত ৰূপ আছিল ত্রিশ বছৰীয়া যুদ্ধ (১৬১৮-১৬৪৮)। এই যুদ্ধত জার্মান অঞ্চলসমূহ প্রায় ধ্বংসস্তূপত পৰিণত হৈছিল। অনুমান কৰা হয় যে সেই সময়ত জার্মান জনসংখ্যাৰ প্ৰায় ২০ শতাংশ বা তাতোকৈ অধিক লোকে দুর্ভিক্ষ আৰু মহামাৰীত প্রাণ হেৰুৱাইছিল। ১৬৪৮ চনৰ ৱেষ্টফেলিয়াৰ সন্ধিয়ে (Treaty of Westphalia) এক নতুন ধাৰণাৰ সূচনা কৰে- ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ধর্মীয় সংঘাতৰ পৰা ৰাজনীতিক আঁতৰাই অনাৰ প্ৰয়োজনীয়তা। এই ঘটনাক আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ অন্যতম ভিত্তি বুলি গণ্য কৰা হয়। পৰৱৰ্তী সময়ত জ্ঞানপ্রাপ্তিৰ (Enlightenment) যুগৰ দাৰ্শনিক- জন লক, ভল্টেয়াৰ, ৰুছো আদিয়ে ধর্মীয় সহিষ্ণুতা, ব্যক্তি স্বাধীনতা আৰু যুক্তিবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ফলত ইউৰোপত ধীৰে ধীৰে ‘ৰাষ্ট্ৰৰ ধৰ্ম’ ধাৰণাৰ ঠাইত ‘নাগৰিকৰ অধিকাৰ’ ধাৰণাই স্থান লাভ কৰে।

আধুনিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ শিক্ষা

আজি ইউৰোপৰ অধিকাংশ দেশত চৰকাৰ কোনো বিশেষ ধৰ্মৰ দ্বাৰা পৰিচালিত নহয়। মানুহে ব্যক্তিগতভাৱে ধৰ্ম পালন কৰে, কিন্তু নাগৰিকৰ অধিকাৰ, ভোটাধিকাৰ, শিক্ষা, চাকৰি বা ন্যায় বিচাৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে। এই পৰিৱৰ্তন হঠাতে হোৱা নাছিল। শতাব্দীজোৰা ধৰ্মীয় সংঘাত, ৰক্তক্ষয়ী যুদ্ধ আৰু সামাজিক বিভাজনৰ অভিজ্ঞতাই ইউৰোপীয় সমাজক এই উপলব্ধিত উপনীত কৰাইছিল যে বহুধর্মীয় সমাজত শান্তিপূর্ণ সহাৱস্থানৰ বাবে ৰাষ্ট্ৰৰ নিৰপেক্ষতা অত্যাৱশ্যক। এই অভিজ্ঞতাই পৰৱৰ্তী সময়ত আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু বহু গণতান্ত্রিক ৰাষ্ট্ৰৰ সংবিধানকো গভীৰভাৱে প্ৰভাৱিত কৰে।

ইছলামিক ৰাষ্ট্ৰৰ সাংবিধানিক মডেল: এক জটিল বাস্তৱতা

বৰ্তমান পৃথিৱীৰ বহু মুছলমান-সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰই ইছলামক সংবিধানৰ মূল উৎস বা ৰাষ্ট্ৰধৰ্ম হিচাপে স্বীকৃতি দিছে। ছৌদি আৰবত কোৰআন আৰু ছুন্নাহক সংবিধানৰ ভিত্তি বুলি গণ্য কৰা হয়। ইৰানত Wilayat-e-Faqih নীতি অনুসৰি ধৰ্মীয় নেতৃত্বৰ অধীনত ৰাষ্ট্ৰ পৰিচালিত হয়। পাকিস্তান, আফগানিস্তান, মালদ্বীপ আদি দেশতো ইছলামে সাংবিধানিকভাৱে বিশেষ মর্যাদা লাভ কৰিছে। কিন্তু এই দেশসমূহ একেধৰণৰ নহয়। ইণ্ডোনেছিয়া, মৰক্কো, জর্ডান, মালয়েছিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আদি দেশত ইছলামৰ সাংবিধানিক মর্যাদা থাকিলেও অর্থনীতি, শিক্ষা, বিদেশনীতি আৰু আধুনিক প্রশাসনত যথেষ্ট বাস্তৱবাদী দৃষ্টিভংগী দেখা যায়। বহু দেশত অমুছলমান নাগৰিকেও শিক্ষা, স্বাস্থ্য, ব্যৱসায় আৰু সম্পত্তিৰ অধিকাৰ ভোগ কৰে, যদিও ৰাজনৈতিক অধিকাৰ, ব্যক্তিগত আইন বা উচ্চ পদত নিযুক্তিৰ ক্ষেত্রত কেতিয়াবা সীমাবদ্ধতা দেখা যায়। অর্থাৎ ‘ইছলামিক ৰাষ্ট্ৰ’ বুলিলে একেধৰণৰ শাসন ব্যৱস্থা বুজোৱা নাযায়। উদাৰপন্থী আৰু কট্টৰপন্থী- দুয়োধৰণৰ মডেলেই আছে। এই অভিজ্ঞতাই দেখুৱায় যে কেৱল ধর্মীয় পৰিচয়েই এখন ৰাষ্ট্ৰৰ গণতান্ত্রিক মাপকাঠী বা নাগৰিক স্বাধীনতা নির্ধাৰণ নকৰে; আইনৰ শাসন, সাংবিধানিক প্রতিষ্ঠান আৰু ৰাজনৈতিক সংস্কৃতিয়েই শেষপর্যন্ত নির্ণায়ক ভূমিকা পালন কৰে।

ভাৰতৰ পথ: বহুত্বৰ ওপৰত প্ৰতিষ্ঠিত গণৰাজ্য

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম মৌলিক বৈশিষ্ট্য আছিল ই কোনো এটা ধৰ্মৰ আন্দোলন নাছিল; ই আছিল সকলো ভাৰতীয়ৰ স্বাধীনতাৰ আন্দোলন। সংবিধান সভাৰ সদস্যসকলে উপলব্ধি কৰিছিল যে শতাধিক ভাষা, অসংখ্য জাতি, বহু ধর্ম আৰু বহুমুখী সংস্কৃতিৰ দেশত যদি ৰাষ্ট্ৰই কোনো এটা ধর্মক বিশেষ মর্যাদা দিয়ে, তেন্তে জাতীয় ঐক্য বিপন্ন হ’ব পাৰে। সেই কাৰণেই ভাৰতীয় সংবিধানে সকলো নাগৰিকক সমমর্যাদা আৰু ধর্মীয় স্বাধীনতা প্রদান কৰিছে। সংবিধানৰ ১৪নং অনুচ্ছেদে আইনৰ আগত সমতা নিশ্চিত কৰিছে, ১৫নং অনুচ্ছেদে ধর্ম, জাতি, বর্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰিছে, ২৫ৰ পৰা ২৮নং অনুচ্ছেদে ধর্মীয় স্বাধীনতা সুনিশ্চিত কৰিছে। ১৯৭৬ চনত ৪২সংখ্যক সংশোধনৰ জৰিয়তে ‘Secular’ শব্দটো প্রস্তাৱনাত সংযোজন কৰা হৈছিল। এইটো নকৰা হ’লেও কোনো কথা নাছিল। বহু সাংবিধানিক বিশেষজ্ঞই যুক্তিসহকাৰে দেখুৱাই দিছে যে সেই শব্দটো যোগ হোৱাৰ আগতেই সংবিধানৰ মৌলিক কাঠামোত ধৰ্মনিৰপেক্ষতাৰ নীতি নিহিত হৈ আছিল। মহাত্মা গান্ধীয়ে ধর্মক ব্যক্তিগত নৈতিক শক্তি হিচাপে গ্রহণ কৰিছিল, কিন্তু কোনো এটা ধৰ্মৰ আধাৰত ৰাষ্ট্ৰ গঠনৰ পক্ষপাতী নাছিল। তেওঁ লিখিছিল- “Religion is a personal matter which should have no place in politics. আকৌ তেওঁ কৈছিল- “I do not expect India of my dreams to develop one religion, that is to be wholly Hindu or wholly Christian or wholly Mussalman, but I want it to be wholly tolerant.” গান্ধীৰ বাবে ‘ৰামৰাজ্য’ কোনো হিন্দু ৰাষ্ট্ৰ নাছিল; ই আছিল ন্যায়, সত্য, সমতা আৰু নৈতিক শাসনৰ প্ৰতীক।
সেইদৰে ড° বি আৰ আম্বেদকাৰৰ মতে সংবিধানেই চূড়ান্ত। ড° আম্বেদকাৰে স্পষ্টকৈ কৈছিল- কোনো ধর্ম নহয়, সংবিধানেই সৱাৰো ওপৰত- “The Constitution is supreme, not any religion.” তেওঁৰ আন এটা সুপৰিচিত মন্তব্য- সংবিধানৰ নৈতিকতা কোনো স্বাভাবিক আবেগ নহয়, ইয়াৰ উৎকৰ্ষ সাধন কৰিব লাগিব-“Constitutional morality is not a natural sentiment. It has to be cultivated.” আম্বেদকাৰে সতৰ্ক কৰি দিছিল যে যদি ৰাজনীতি ধর্মীয় সংখ্যাগুৰুত্বৰ ওপৰত নিৰ্ভৰশীল হয়, তেন্তে সংবিধানৰ সমতাৰ নীতি বিপন্ন হ’ব।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ মতেও জাতীয়তাবাদ হৈছে ধৰ্মৰ ঊর্ধ্বত। আজাদ হিন্দ ফৌজত হিন্দু, মুছলমান, শিখ, খ্রীষ্টান-সকলোৱে একেলগে যুদ্ধ কৰিছিল। নেতাজীৰ বিশ্বাস আছিল- “No real change in history has ever been achieved by discussions.” আৰু ভাৰতৰ বিষয়ে তেওঁৰ স্পষ্ট দৃষ্টিভংগী আছিল- “We should build up a secular and democratic State.” INAৰ শ্লোগান ‘জয় হিন্দ’ কোনো বিশেষ ধৰ্মৰ নহয়; সমগ্ৰ ভাৰতীয় জাতীয়তাবাদৰ প্ৰতীক আছিল।
চৰ্দাৰ বল্লভভাই পেটেলৰ মতেও নাগৰিকত্বই মুখ্য। দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰা চৰ্দাৰ পেটেলে সংবিধান সভাত কৈছিল-“Every Muslim should feel that he is an Indian citizen and has equal rights as an Indian.”, প্রত্যেক মুছলমানে নিজকে ভাৰতীয় হিচাপে অনুভৱ কৰিব পাৰিব লাগিব আৰু সমধিকাৰ পাব লাগিব। দেশ বিভাজনৰ পাছত সাম্প্রদায়িক উত্তেজনা চলি থকা সময়তো তেওঁ সংখ্যালঘুসকলৰ সাংবিধানিক অধিকাৰ ৰক্ষাত গুৰুত্ব আৰোপ কৰিছিল।

২০১৪ চনৰ পাছৰ ভাৰত: এক বিতর্কিত পৰিৱৰ্তন

২০১৪ চনৰ পাছত ভাৰতীয় ৰাজনীতিত সাংস্কৃতিক জাতীয়তাবাদ (cultural nationalism) অধিক শক্তিশালীভাৱে উত্থান ঘটিছে। সমৰ্থকসকলৰ মতে, এই ধাৰাই ভাৰতৰ সংখ্যাগৰিষ্ঠ সাংস্কৃতিক ঐতিহ্যক অধিক স্বীকৃতি দিছে আৰু ঔপনিৱেশিক ইতিহাসৰ বহু অসাম্য সংশোধন কৰিবলৈ চেষ্টা কৰিছে। আনহাতে বহু ৰাজনৈতিক বিজ্ঞানী, সংবিধান বিশেষজ্ঞ, অৱসৰপ্ৰাপ্ত আমোলা আৰু মানৱাধিকাৰ সংগঠনে যুক্তি আগবঢ়াইছে যে এই সময়ছোৱাত সংখ্যাগুৰুত্ববাদী ৰাজনীতি (majoritarian politics) অধিক দৃশ্যমান হৈছে। তেওঁলোকৰ মতে, এই প্রৱণতাই সংখ্যালঘু সম্প্ৰদায়ৰ একাংশৰ মাজত অনিশ্চয়তা আৰু অবিশ্বাসৰ অনুভূতি বৃদ্ধি কৰিছে। এই সমালোচনাৰ ক্ষেত্ৰত সাধাৰণতে কেইবাটাও বিষয় উল্লেখ কৰা হয়। যেনে-
গৰু সুৰক্ষাৰ নামত সংঘটিত কিছুমান গণ-হিংসাৰ ঘটনা; নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু NRC সম্পর্কীয় বিতর্ক; একাধিক ৰাজ্যত ধৰ্মান্তৰকৰণবিৰোধী আইনক লৈ বিতৰ্ক; কাশ্মীৰৰ সাংবিধানিক মর্যাদা পৰিৱৰ্তনক লৈ ভিন্ন মত; শিক্ষা, ইতিহাস আৰু সাংস্কৃতিক প্রতীকৰ পুনর্ব্যাখ্যাক লৈ ৰাজনৈতিক মতভেদ।
বৰ্তমানৰ চৰকাৰ আৰু সমর্থকসকলে যুক্তি দিয়ে যে এই পদক্ষেপসমূহ জাতীয় নিৰাপত্তা, সম-অধিকাৰ, অবৈধ অনুপ্রবেশ নিয়ন্ত্রণ, মহিলা অধিকাৰ আৰু একত্ৰিত নাগৰিকত্বৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে। এই দুয়োটা দৃষ্টিভংগী ভাৰতীয় গণতন্ত্ৰৰ ভিতৰতে চলি থকা এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিতৰ্কৰ অংশ। আমি অনুভৱ কৰোঁ, সাম্প্রদায়িক মেৰুকৰণ, সামাজিক মাধ্যমত ঘৃণামূলক ভাষ্য আৰু পৰিচয়ভিত্তিক ৰাজনীতিৰ বিস্তাৰে সামাজিক আস্থা আৰু আন্তঃসাম্প্রদায়িক সম্প্ৰীতিৰ ওপৰত চাপ সৃষ্টি কৰিছে। গণতন্ত্ৰৰ দীৰ্ঘম্যাদী স্থিৰতাৰ বাবে এই প্ৰৱণতাসমূহৰ ওপৰত গভীৰ আত্মসমালোচনা প্রয়োজন।

ভাৰতীয় গণতন্ত্ৰৰ মূল সংকট: বিশ্বাস, পৰিচয় আৰু ৰাজনৈতিক মেৰুকৰণ

ভাৰতৰ দৰে বহুত্ববাদী সমাজত ধৰ্ম আৰু ৰাজনীতিৰ আন্তঃসম্পর্ক সদায়েই সংবেদনশীল বিষয় হৈ আহিছে। সংবিধানে ধৰ্মনিৰপেক্ষতাৰ নীতি প্রতিষ্ঠা কৰিলেও বাস্তৱ ৰাজনীতিত পৰিচয় (identity) ভিত্তিক সমীকৰণ বহু সময়ত অধিক প্রভাৱশালী হৈ পৰে।
এই পৰিস্থিতিত তিনিটা মূল সংকট স্পষ্টভাৱে দেখা যায়-
প্রথমতে, নাগৰিকত্বৰ ধাৰণাৰ ওপৰত বিভ্রান্তি। নাগৰিকত্ব কেৱল আইনী মর্যাদা নে সাংস্কৃতিক পৰিচয়- এই প্রশ্নটো ৰাজনৈতিক বিতৰ্কৰ কেন্দ্রবিন্দু হৈ পৰিছে দ্বিতীয়তে, ৰাজনৈতিক ভাষাৰ ধাৰ্মিকীকৰণ। ৰাজনৈতিক বক্তব্যত ধর্মীয় প্রতীক, ইতিহাস আৰু আৱেগৰ ব্যৱহাৰে যুক্তিনিষ্ঠ আলোচনাৰ স্থান সংকুচিত কৰাৰ আশংকা সৃষ্টি কৰিছে।
তৃতীয়তে, সামাজিক বিশ্বাসৰ সংকট। বিভিন্ন সম্প্ৰদায়ৰ মাজত সন্দেহ আৰু দূৰত্ব বৃদ্ধি পালে গণতান্ত্রিক সংলাপ দুৰ্বল হৈ পৰে।

সাংবিধানিক মূল্যবোধৰ পুনঃস্মৰণ

এই পৰিস্থিতিত ভাৰতীয় সংবিধান কেৱল আইনী দলিল নহয়, ই এক নৈতিক দিশনির্দেশিকা হিচাপেও গুৰুত্বপূৰ্ণ হৈ উঠে। সংবিধানৰ মৌলিক মূল্যবোধসমূহ- ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ব-কেৱল চৰকাৰী নীতি নহয়, ই নাগৰিক জীৱনৰ দৈনন্দিন আচৰণৰো ভিত্তি হ’ব লাগে। বিশেষকৈ ভ্রাতৃত্ব (fraternity) ধাৰণাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ই ভিন্নতা সত্ত্বেও একতাৰ অনুভূতি গঢ়ি তোলে।
শিক্ষা আৰু নাগৰিক চেতনা: দীর্ঘম্যাদী সমাধান
ধৰ্ম আৰু ৰাজনীতিৰ মাজত সুস্থ সীমা বজাই ৰাখিবলৈ কেৱল আইনেই যথেষ্ট নহয়; শিক্ষা আৰু নাগৰিক চেতনা অত্যন্ত প্রয়োজনীয়। বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সাংবিধানিক মূল্যবোধ, সমালোচনামূলক চিন্তাধাৰা আৰু ঐতিহাসিক বোধৰ বিকাশ ঘটোৱা উচিত। নাগৰিকসকলে যদি নিজৰ অধিকাৰ আৰু দায়িত্ব দুয়োটাই সচেতনভাবে বুজে, তেন্তে গণতন্ত্র অধিক শক্তিশালী হয়।

গণতন্ত্ৰৰ ভৱিষ্যৎঃ সহনশীলতা নে সংঘাত?

ভাৰতৰ গণতান্ত্রিক ভৱিষ্যৎ মূলতঃ দুটা পথৰ মাজত নিৰ্ভৰশীল-এটা পথ হৈছে সহনশীলতা, সংলাপ আৰু বহুত্ববাদৰ শক্তিশালীকৰণ। আনটো পথ হৈছে পৰিচয়ভিত্তিক মেৰুকৰণ, য’ত ৰাজনৈতিক লাভৰ বাবে সামাজিক বিভাজন গভীৰ হ’ব পাৰে। ইতিহাসে দেখুৱাইছে যে বহুত্ববাদী সমাজত স্থায়ী শান্তি তেতিয়াহে সম্ভৱ, যেতিয়া ৰাষ্ট্ৰই সকলো নাগৰিকক সমানভাৱে সন্মান কৰে আৰু কোনো এটা পৰিচয়ক আনটোৰ ওপৰত প্রাধান্য নিদিয়ে।
ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্ক সম্পূর্ণ বিচ্ছিন্ন কৰাটো বাস্তৱত সম্ভৱ নহয়, কিন্তু ইয়াৰ মাজত সুস্পষ্ট সাংবিধানিক সীমা বজাই ৰখাটো গণতন্ত্ৰৰ বাবে অত্যন্ত প্রয়োজনীয়। স্বাধীনতা-পৰৱৰ্তী ভাৰতৰ অভিজ্ঞতাই দেখুৱাইছে যে ধর্মীয় বৈচিত্র্য কোনো দুর্বলতা নহয়; ই এক শক্তি, যদি তাক ন্যায়, সমতা আৰু সহনশীলতাৰ ভিত্তিত পৰিচালিত কৰা হয়। সম্প্রতি ধর্মীয় আধিপত্যবাদৰ উত্থানে শেষত গৈ সাম্প্রদায়িক বিভাজনৰহে সৃষ্টি কৰিব। শেষত ক’ব পাৰি, ভাৰতীয় গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে এই কথাটোৰ ওপৰত- ৰাজনীতিয়ে ধৰ্মৰ ওপৰত আধিপত্য নকৰে, আৰু ধৰ্ময়ো ৰাজনীতিক নিয়ন্ত্ৰণ নকৰে; দুয়োৰে মাজত সংবিধানেই হ’ব চূড়ান্ত সেতুবন্ধন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24samikhyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!
ৰাজনীতি

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

November 24, 2026
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

November 24, 2026
আহি আছে এই ৪ ৰাশিৰ শুভ সময়
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

November 24, 2026
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?
ভাৰত

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

November 24, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.