ভাৰতত উন্নত চাকৰি আৰু আকৰ্ষণীয় দৰমহাৰ প্ৰলোভন। কিন্তু সেই প্ৰলোভনতে ভৰি দি ভাৰতলৈ অহাৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল ১৬৪গৰাকী বিদেশী নাগৰিক। চাকৰিৰ নামত ভাৰতলৈ আনি তেওঁলোকৰ পাছপ’ৰ্ট কাঢ়ি লৈ চাইবাৰ প্ৰৱঞ্চনাৰ কামত জড়িত কৰিবলৈ বাধ্য কৰোৱা হৈছিল। আনকি নিজৰ দেশৰ নাগৰিকসকলকেই অনলাইন বিনিয়োগৰ নামত প্ৰৱঞ্চনা কৰিবলৈ বাধ্য কৰা হৈছিল এই লোকসকলক।
শেহতীয়াকৈ দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে উত্তৰ প্ৰদেশৰ নয়ডাৰ ছেক্টৰ ১৩৬ত অভিযান চলাই এই আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহ আৰু চাইবাৰ প্ৰৱঞ্চনাৰ চক্ৰটোৰ পৰা ১৬৪গৰাকী বিদেশী নাগৰিকক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত ৯২গৰাকী ইণ্ডোনেছিয়াৰ আৰু ৭২গৰাকী মালয়েছিয়াৰ নাগৰিক।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ২৫ বছৰীয়া মালয়েছিয়াৰ নাগৰিক টান গুয়ান ৱেইক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, এই চক্ৰটোৰ সৈতে জড়িত আন দুজন মূল অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
চাকৰিৰ প্ৰলোভনেৰে ভাৰতলৈ আনি বন্দী কৰাৰ অভিযোগ
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, এই প্ৰৱঞ্চক চক্ৰটোৱে মূলতঃ ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ নাগৰিকসকলক লক্ষ্য কৰি লৈছিল। ভাৰতত ভাল চাকৰি, অধিক দৰমহা আৰু উন্নত কৰ্মসংস্থাপনৰ সুবিধা দিয়াৰ প্ৰলোভন দেখুৱাই তেওঁলোকক ভাৰতলৈ অনা হৈছিল। কিন্তু ভাৰতত উপস্থিত হোৱাৰ পিছতে তেওঁলোকৰ পাছপ’ৰ্ট কাঢ়ি লোৱা হৈছিল। নিজৰ ইচ্ছামতে বাহিৰলৈ যোৱা বা চলা-ফুৰা কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছিল। ইয়াৰ পিছত তেওঁলোকক এটা চাইবাৰ প্ৰৱঞ্চনাৰ কল চেণ্টাৰত কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল।
নিম্নমানৰ খাদ্য, শাৰীৰিক নিৰ্যাতন আৰু কঠোৰ নিৰীক্ষণ
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি, উদ্ধাৰ হোৱা বিদেশী নাগৰিকসকলক পেইং গেষ্ট (PG) ব্যৱস্থাত ৰখা হৈছিল। তাত তেওঁলোকক নিম্নমানৰ খাদ্য যোগান ধৰা হৈছিল আৰু নিজৰ ইচ্ছামতে বাহিৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল। আনকি চাইবাৰ প্ৰৱঞ্চনাৰ কাম কৰিবলৈ অস্বীকাৰ কৰা লোকসকলক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হৈছিল। কাম কৰিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যে তেওঁলোকক মাৰপিট কৰা হৈছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে।
বিদেশী নাগৰিকসকলৰ চলা-ফুৰা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰায় ৪০খন বাহন ব্যৱহাৰ কৰা হৈছিল। এই বাহনসমূহৰ জৰিয়তে তেওঁলোকক থকা ঠাইৰ পৰা চাইবাৰ প্ৰৱঞ্চনাৰ কল চেণ্টাৰলৈ অনা-নিয়া কৰা হৈছিল।
কেনেকৈ চলোৱা হৈছিল প্ৰৱঞ্চনাৰ জাল?
এই চক্ৰটোৱে অতি পৰিকল্পিতভাৱে চাইবাৰ প্ৰৱঞ্চনাৰ কাম চলাই আহিছিল। আৰক্ষীৰ মতে, বিদেশী নাগৰিকসকলক প্ৰৱঞ্চনাৰ নিৰ্দিষ্ট পদ্ধতি শিকোৱা হৈছিল। আনকি সম্ভাৱ্য গ্ৰাহকৰ সৈতে কেনেদৰে কথা পাতিব লাগে, সেই সন্দৰ্ভত লিখিত স্ক্ৰিপ্টো যোগান ধৰা হৈছিল। প্ৰৱঞ্চকসকলে মহিলাৰ নামত ভুৱা পৰিচয় আৰু ভুৱা ছ’চিয়েল মিডিয়া একাউণ্ট সৃষ্টি কৰিছিল। ইয়াৰ জৰিয়তে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ সাধাৰণ নাগৰিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। প্ৰথমে বন্ধুত্ব গঢ়ি তুলি আৰু পিছলৈ অনলাইন সম্পৰ্ক গঢ়ি বিশ্বাস জয় কৰাৰ চেষ্টা চলাইছিল।
এনেদৰে বিশ্বাসত লোৱাৰ পিছত ভুক্তভোগীসকলক বিভিন্ন ভুৱা ট্ৰেডিং আৰু বিনিয়োগ আঁচনিত ধন বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰা হৈছিল। এই আঁচনিসমূহত কম সময়ৰ ভিতৰতে অধিক লাভ পোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। প্ৰৱঞ্চনাৰ বাবে চক্ৰটোৱে বিভিন্ন ৱেবছাইট আৰু APK-ভিত্তিক মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰিছিল। এই এপসমূহ দেখাত প্ৰকৃত বিনিয়োগ প্লেটফৰ্মৰ দৰে আছিল যদিও ইয়াৰ আঁৰত চলি আছিল এক বৃহৎ প্ৰৱঞ্চনাৰ জাল। ভুক্তভোগীসকলে বিনিয়োগ কৰা ধন পিছত এই চক্ৰটোৱে আত্মসাৎ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
কেনেকৈ পোহৰলৈ আহিল সমগ্ৰ ঘটনা?
প্ৰায় এসপ্তাহ পূৰ্বে এই প্ৰৱঞ্চনাৰ চক্ৰটোৰ বিষয়ে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এটা ই-মেইল লাভ কৰিছিল। সেই ই-মেইলৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ক্ৰাইম ব্ৰাঞ্চৰ বিশেষ আৰক্ষী আয়ুক্ত এইচ জি এছ ধালিৱালে তথ্য লাভ কৰাৰ পিছতে এটা বিশেষ আৰক্ষী দল গঠন কৰে। প্ৰাথমিক তদন্তত নয়ডাৰ সংশ্লিষ্ট স্থানত প্ৰায় ৬০ৰ পৰা ৭০গৰাকী বিদেশী নাগৰিকক আবদ্ধ কৰি ৰখাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। কিন্তু অভিযান চলোৱাৰ পিছত আৰক্ষীয়ে মুঠ ১৬৪গৰাকী বিদেশী নাগৰিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে সমগ্ৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহ আৰু চাইবাৰ অপৰাধৰ এক বৃহৎ চক্ৰৰ কথা পোহৰলৈ আনে।
এই প্ৰৱঞ্চনাৰ চক্ৰটোৰ সৈতে জড়িত ছুনীল কুমাৰ আৰু সুশীল ভাটী নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে চিনাক্ত কৰিছে। বৰ্তমান দুয়োজন পলাতক অৱস্থাত আছে। আৰক্ষীৰ মতে, সুশীল ভাটীয়ে বিদেশী নাগৰিকসকলৰ বাবে পেইং গেষ্টৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ যাতায়াতৰ সুবিধা কৰি দিয়াৰ দায়িত্ব পালন কৰিছিল। এই চক্ৰটোৰ আন সদস্যসকলৰ সন্ধানতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অভিযানৰ সময়ত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ইলেক্ট্ৰনিক সামগ্ৰী আৰু নথি-পত্ৰ জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ৩৫৫টা ম’বাইল ফোন, ১৬৮টা ডেস্কটপ কম্পিউটাৰ, ২৬টা লেপটপ, ৫৩খন ছিম কাৰ্ড আৰু ১৭৪খন পাছপ’ৰ্ট। জব্দ কৰা পাছপ’ৰ্টসমূহৰ ভিতৰত ৯৫খন ইণ্ডোনেছিয়াৰ আৰু ৭৯খন মালয়েছিয়াৰ নাগৰিকৰ বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















