ধৰ্ম গুৰু অথবা পাদ্ৰীসকলৰ কিছুমান কৰ্মই সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে৷ এইবাৰো এগৰাকী ধৰ্ম গুৰুৰ এনে এক কৰ্মই সংবাদ শিৰোণাম দখল কৰিছে যিয়ে আপোনাৰ চকু কপালত তুলিব৷
ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ফ্ল’ৰিডাৰ চহৰত৷ চহৰখনৰ এখন কফি শ্বপৰ সন্মুখতে এজন পাদ্ৰীয়ে অশ্লীল কাৰ্য সংঘটিত কৰে। পাদ্ৰীজনে পেণ্ট খুলি হস্তমৈথুন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তাত উপস্থিত থকা লোকসকলে আকক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাদ্ৰীজনক গ্ৰেপ্তাৰ কৰে৷
ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি অভিযুক্ত পুৰোহিতজনৰ নাম এঞ্জিনিঅ’ ডালি মুনিজ কলন আৰু তেওঁ কিচিমিৰ এজন পাষ্টৰ। কফি শ্বপৰ বাহিৰত পেণ্টৰ বুটাম খুলি ড্ৰাইভ-থ্ৰু কাউণ্টাৰৰ ওচৰতে হস্তমৈথুন আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি একেটা স্থানতে একেটা অপৰাধৰ বাবে ৩৯ বছৰীয়া মুনিজ-কলনক এইবাৰ দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।
লগতে পঢ়ক এমাহৰ পৰিৱৰ্তে একাউণ্টত সোমাল ২৮৬ মাহৰ দৰমহা, চাকৰি এৰি আত্মগোপন চাকৰিয়াল!
অভিযুক্ত পাষ্টৰজনক গ্ৰেপ্তাৰ কৰি অচেঅ’লা কাউন্টি জেললৈ লৈ যোৱা হয়৷ তেওঁক ১০০০ ডলাৰৰ বণ্ডত কাৰাগৰত ৰখা হৈছে। অৰ্থাৎ বণ্ড পৰিশোধ কৰিলেই তেওঁ কাৰামুক্ত হ’ব পাৰিব। স্মৰ্তব্য যে মুনিজ-কলনকো একেধৰণৰ কৰ্মৰ বাবেই যোৱা ৯ মে’তো এবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল।
উল্লেখ্য যে এনে ঘটনা প্ৰায়ে ফ্ল’ৰিডাত সংঘটিত হৈ থকা দেখা যায়। শেহতীয়াকৈ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ এখন কুকুৰাৰ দোকানৰ বাহিৰত এগৰাকী মহিলা ভেনেছা লী জ’নছক সম্পূৰ্ণ উলংগ হৈ থকা দেখা গৈছিল। ইয়াৰ পিছত মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীৰো সেইটো দ্বিতীয় অপৰাধেই আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ