অসম লাইভ২৪ঃ দৰ্শকৰ আসনত বহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অষ্ট্ৰেলিয়াৰ ডেপুটি প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছো উপস্থিত হোৱাৰ কথা। তাৰপূৰ্বেই এইবাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নিৰাপত্তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। ভাৰতৰ ইনিংছৰ ১৪ অভাৰত হঠাৎ ফিল্ডত সোমাই পৰিল এগৰাকী দৰ্শক। দৰ্শকগৰাকীৰ বাবেই ৪৫ছেকেণ্ডৰ বাবে বন্ধ কৰা হয় খেল। ৰাজনৈতিক বাৰ্তা লিখা জাৰ্ছি পিন্ধি মুখত পেলেষ্টাইনৰ পতাকা আঁকি মাস্ক পৰিহিত এগৰাকী ব্যক্তি সোমাই পৰিল ফিল্ডত। সেই সময়ত বল কৰি আছিল এডাম জাম্পাই। বেটিঙত আছিল বিৰাট কোহলী। চতুৰ্থ বলৰ পূৰ্বে মেচৰ মাজত ফিল্ডত সোমাই চিধাই কোহলীৰ কাষলৈ যায় দৰ্শকগৰাকী।
বিশেষ দৰ্শকজনৰ জাৰ্ছিত লিখা আছিল , ‘ষ্টপ বম্বিং পেলেষ্টাইন’ অৰ্থাৎ পেলেষ্টাইনত বোমা পেলোৱা বন্ধ কৰক। দৰ্শকজনে সোমায়েই কোহলীক সাবটি ধৰে। স্বাভাৱিকভাৱেই এই ঘটনাত কোহলি অপ্ৰস্তুত হৈ পৰে। লগে লগেই নিৰাপত্তাৰক্ষীয়ে দৰ্শকগৰাকীক আঁতৰাই নিয়ে যদিও সমগ্ৰ দৃশ্য টেলিকাষ্ট হয়। এই ঘটনা ঘটাৰ সময়ত দৰ্শকৰ আসনত বহি আছিল অমিত শ্বাহ আৰু তেওঁৰ পুত্ৰ তথা বৰ্ডৰ সভাপতি জয় শ্বাহো। ৰাজনৈতিক এই বাৰ্তাই নিশ্চয় তেওঁলোকৰো নজৰ কাঢ়িছে। ফাইনেলত মোদী উপস্থিত থাকিব বাবেই আহমেদাবাদৰ লগতে ফিল্ডত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। দৰ্শকে নিৰ্ধাৰিত এলেকাৰ পৰা অলপমান আগবাঢ়িলেই আৰক্ষীয়ে খেদি আহে। লগে লগেই সেই দৰ্শকক স্থানত বহিবলৈ আহ্বান জনায়। ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কেনেকৈ এইগৰাকী দৰ্শক ভিতৰলৈ আহিল সেই কথা কোনেও নাজানে। প্ৰসংগত ইজৰাইল আৰু পেলেষ্টাইনৰ জংগীগোষ্ঠী হামাছৰ মাজত এমাহৰো অধিক সময় ধৰি যুদ্ধ চলি আছে। বহু পেলেষ্টাইনী নাগৰিকে এই যুদ্ধত প্ৰাণো হেৰুৱাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ