বিৱাহৰ পিছত পত্নীৰ জীৱন-যাপন, স্বাধীনতা আৰু ব্যক্তিগত সিদ্ধান্তৰ ওপৰত স্বামীয়ে একপক্ষীয়ভাৱে নিয়ন্ত্ৰণ চলাব নোৱাৰে। আনকি পত্নীক স্বামীৰ পিতৃ-মাতৃৰ সেৱা-শুশ্ৰূষা কৰিবলৈও জোৰ কৰিবও নোৱাৰিব। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। ৩ আগষ্টত ন্যায়াধীশ ড০ চিল্লাকুৰ সুমলতাৰ বিচাৰপীঠে দিয়া এক ৰায়ত স্পষ্ট কৰি দিয়া হয় যে বিৱাহ মানেই এগৰাকী মহিলাৰ স্বাধীনতা বা নিজৰ ইচ্ছামতে সিদ্ধান্ত লোৱাৰ অধিকাৰ শেষ হৈ যোৱা নহয়। আদালতে কৈছে, এগৰাকী পত্নীয়ে ক’লৈ যাব, কাক লগ কৰিব বা ক’ত থাকিব—এই বিষয়বোৰত স্বামীয়ে কেৱল স্বামী হোৱাৰ কাৰণতে আদেশ দিব নোৱাৰে।
আদালতে বিশেষভাৱে শাহু-শহুৰৰ সেৱা-শুশ্ৰূষাৰ বিষয়টোতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আদালতৰ মতে, পিতৃ-মাতৃৰ চোৱাচিতা কৰাৰ প্ৰাথমিক দায়িত্ব তেওঁলোকৰ নিজৰ সন্তানৰ। অৰ্থাৎ স্বামীৰ পিতৃ-মাতৃক চোৱা-চিতা কৰাটো পত্নীৰ বাধ্যতামূলক দায়িত্ব বুলি ধৰি ল’ব নোৱাৰি। আদালতে স্পষ্ট কৰি দিয়ে যে পুত্ৰবধূয়ে শাহু-শহুৰক সেৱা কৰিলে সেয়া নিজৰ ইচ্ছা আৰু পাৰিবাৰিক মৰমৰ পৰা হোৱা উচিত। কিন্তু স্বামীয়ে বা পৰিয়ালৰ আন কোনো সদস্যই জোৰ-জবৰদস্তি কৰি সেই কাম কৰাব নোৱাৰে। একেদৰে জোঁৱায়েও পত্নীৰ পিতৃ-মাতৃক চোৱা-চিতা কৰিব পাৰে, কিন্তু সেয়াও জোৰ কৰি কৰাব নোৱাৰি।
কৰ্ণাটক উচ্চ ন্যায়ালয়ে ঘৰুৱা কাম-কাজৰ বিষয়তো গুৰুত্বপূৰ্ণ কথা কয়। আদালতৰ মতে, ঘৰ চলোৱা, ৰন্ধা-বঢ়া, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি কাম কেৱল মহিলাৰ দায়িত্ব বুলি ধৰি লোৱাটো উচিত নহয়। স্বামী আৰু পত্নী দুয়োগৰাকীয়ে ঘৰুৱা কাম-কাজ ভাগ-বতৰা কৰি কৰা উচিত। অৰ্থাৎ বিবাহৰ পিছত পত্নী ঘৰত থাকিলেই ঘৰৰ সকলো কাম পত্নীৰ ওপৰত জাপি দিব পাৰিব—এনে কোনো ধাৰণা আইন বা সমতাৰ নীতিৰ সৈতে মিল নাখায়।
গোচৰটোত স্বামীয়ে অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁৰ অনুমতি নোলোৱাকৈ পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। এই যুক্তিক আদালতে স্বামীৰ মানসিকতাৰ এক গুৰুত্বপূৰ্ণ ইংগিত হিচাপে বিবেচনা কৰে। আদালতে প্ৰশ্ন উত্থাপন কৰে—বিৱাহৰ পিছত এগৰাকী মহিলাই নিজৰ পিতৃ-মাতৃক লগ কৰিবলৈ বা তেওঁলোকৰ ঘৰলৈ যাবলৈ স্বামীৰ অনুমতি কিয় ল’ব লাগিব? আদালতৰ মতে, বিৱাহে এগৰাকী মহিলাৰ নিজৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা কাঢ়ি নলয়।
আদালতে অতি গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰে যে বিৱাহ হৈছে দুজন সমান অধিকাৰ থকা মানুহৰ সম্পৰ্ক। বিৱাহৰ নামত স্বামীয়ে পত্নীক নিয়ন্ত্ৰণ, আদেশ বা আধিপত্য বিস্তাৰ কৰাৰ অধিকাৰ লাভ নকৰে। আদালতৰ মতে, এগৰাকী পত্নীৰ পৰিয়ালৰ প্ৰতি থকা নিষ্ঠা কেৱল তেওঁ কিমানখিনি স্বামীৰ কথা মানে বা কিমানখিনি বাধ্য হৈ থাকে তাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। মহিলাৰ স্বাধীনতা আৰু ব্যক্তিত্বক সন্মান কৰাটো বিৱাহিত জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ।
এই মন্তব্য এটা বৈৱাহিক বিবাদৰ গোচৰৰ শুনানিৰ সময়ত কৰা হৈছিল। এজন লোকে পৰিয়াল আদালতৰ এটা নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পৰিয়াল আদালতে তেওঁক পত্নী আৰু নাবালক সন্তানৰ বাবে মাহে মুঠ ৯,০০০ টকা ভৰণ-পোষণ দিবলৈ নিৰ্দেশ দিছিল—পত্নীৰ বাবে ৫,০০০ টকা আৰু সন্তানৰ বাবে ৪,০০০ টকা। স্বামীয়ে নিজে প’ৰ্টাৰ হিচাপে কাম কৰা আৰু পিতৃ-মাতৃক চোৱা-চিতা কৰিবলগীয়া হোৱা বুলি উল্লেখ কৰি এই নিৰ্দেশ সলনি কৰাৰ আবেদন জনাইছিল। কিন্তু উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ কৰে। আদালতে মাহে ৯,০০০ টকাৰ ভৰণ-পোষণৰ নিৰ্দেশটোও বাহাল ৰাখে। আদালতে হিচাপ কৰি কয় যে দুজন ব্যক্তিৰ বাবে দৈনিক মুঠ ৩০০ টকা, অৰ্থাৎ প্ৰতিজনৰ বাবে প্ৰায় ১৫০ টকা পৰে। বৰ্তমানৰ মূল্যবৃদ্ধি আৰু জীৱন-যাপনৰ ব্যয়ৰ কথা বিবেচনা কৰিলে এই পৰিমাণে ন্যূনতম প্ৰয়োজনীয়তা পূৰণ কৰাটোও কঠিন বুলি আদালতে উল্লেখ কৰে। সেয়েহে ভৰণ-পোষণৰ ধন কমোৱাৰ কোনো কাৰণ আদালতে বিচাৰি নাপালে।
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ মূল বক্তব্য হৈছে—বিবাহৰ পিছতো এগৰাকী মহিলাৰ নিজৰ ব্যক্তিত্ব, স্বাধীনতা আৰু সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ থাকে। স্বামীয়ে পত্নীক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ঘৰুৱা কাম-কাজ দুয়োজনে ভাগ-বতৰা কৰা উচিত আৰু শাহু-শহুৰৰ সেৱা কৰাটোও পত্নীৰ ওপৰত জোৰকৈ জাপি দিব নোৱাৰি। অৱশ্যে এই ৰায়ৰ অৰ্থ এইটো নহয় যে পত্নীয়ে পৰিয়ালৰ প্ৰতি কোনো দায়িত্ব পালন নকৰিব। বৰং আদালতে কৈছে যে পাৰিবাৰিক দায়িত্ব পাৰস্পৰিক সন্মান, সহযোগিতা আৰু স্বেচ্ছাৰ ভিত্তিত হোৱা উচিত; জোৰ-জবৰদস্তি বা নিয়ন্ত্ৰণৰ ভিত্তিত নহয়। এইদৰে, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ে বিবাহিত সম্পৰ্কত সমতা, ব্যক্তিগত স্বাধীনতা, পাৰস্পৰিক সন্মান আৰু স্বেচ্ছামূলক পাৰিবাৰিক দায়িত্বৰ গুৰুত্ব পুনৰ স্পষ্ট কৰি দিলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















