মহিলাগৰাকীৰ নাম মণিকা হ’ল্ড৷ পেচাত তেওঁ আছিল এগৰাকী স্নাতক শিক্ষয়িত্ৰী৷ তেওঁ শিক্ষকতা কৰি মাহে উপাৰ্জন কৰিছিল মাত্ৰ ১.৫ লাখ টকাহে৷
উক্ত উপাৰ্জনকলৈ সন্তুষ্ট হোৱা নাছিল মণিকা হ’ল্ড৷ অধিক উপাৰ্জনৰ বাবে মণিকাই ল’লে এক অন্য পথ৷ ইয়াৰ পিছতে মণিকাৰ জীৱনেই সলনি হৈ গ’ল৷ এসময়ত ক্লাছ ৰুমত সোমাই থকা মণিকাই এতিয়া বিশ্ব পৰিভ্ৰমণ কৰি ফুৰে৷
বৰ্তমান আমেৰিকাৰ বাসিন্দা সুন্দৰী মণিকাই শিক্ষকতাৰ মাজতে মডেলিং শিকিবলৈ আৰম্ভ কৰিলে৷ ডেইলী ষ্টাৰত প্ৰকাশ কৰা অনুসৰি মণিকাই ছয় বছৰৰ পূৰ্বে আমেৰিকালৈ কামৰ সন্ধানত গৈছিল৷
ইয়াৰ পিছতে স্নাতক শিক্ষকতা আৰম্ভ কৰে৷ শিক্ষকতাৰ মাজে মাজে মণিকাই মডেলিঙো কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ OnlyFunsত একাউণ্ট খুলি তাতে নিজৰ ফ’টো আপলোড দিবলৈ আৰম্ভ কৰে৷
সন্দৰ সুঠাম দেহৰ গৰাকী মণিকাই আকৰ্ষণীয় ভংগিমাৰে উক্ত পেজত নিজৰ ফ’টো দিবলৈ আৰম্ভ কৰাৰ পিছতে তেওঁৰ পেইজটোৰ ফ্ল’ৱাৰ্ছ বৃদ্ধি পাবলৈ ধৰে৷ এসয়মৰ মাত্ৰ ৩০০ ফ্ল’ৱাৰ্ছ থকা মণিকাই এটা ইণ্টাৰভিউ দিয়াৰ পিছতে অভাৱনীয়ভাৱে তেওঁৰ ফ্ল’ৱাৰ্ছ বাঢ়িবলৈ ধৰিলে৷ মণিকাই কোৱা মতে ইয়াৰ পিছতে হঠাতে তওঁৰ ফ্ল’ৱাৰ্ছৰ সংখ্যা ২ লাখলৈ বৃদ্ধি হয়৷
ফ্ল’ৱাৰ্ছ বৃদ্ধি হোৱাৰ পিছতে লকডাউনৰ সময়ত মণিকাই বিভিন্ন ভংগীমাৰে ফ’টো আৰু ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে৷ তেওঁৰ ফ্ল’ৱাৰ্ছসকলে তেওঁৰ ফ’টো আৰু ভিডিঅ’সমূহ ধন ভৰি চাবলৈ ধৰিলে৷
এইদৰে লাহে লাহে মণিকাৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিলে৷ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰাত তেওঁ শিক্ষকতা ত্যাগ কৰি OnlyFunsৰ চাইটত অধিক সময় দিবলৈ আৰম্ভ কৰে৷
আৰু এইদৰেই এতিয়া মণিকা হ’ল্ডে মাহে ২৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মাহে ২৪ লাখ উপাৰ্জন কৰা মণিকাই এতিয়া বিভিন্ন দেশ পৰিভ্ৰমণ কৰি ফুৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ