আধুনিক জীৱন যাত্ৰাত পাৰ্কৰ বিশেষ ভূমিকা আছে৷ বৃদ্ধ বনিতাৰ পৰা শিশুলৈকে পুৱা-সন্ধিয়া পাৰ্কত ঘূৰা-ফুৰা কৰে৷
ইফালে প্ৰেমিক-প্ৰেমিকাসকলে পাৰ্কত মধুৰতম সময় অতিবাহিত কৰিবলৈ যায়৷ আজি কালি প্ৰতিখন হাউছিং চ’ছাইটিতে একোখন পাৰ্ক নিৰ্মাণ কৰা দেখা গৈছে৷
কিন্তু আজি আমি এখন বিশেষ পাৰ্কৰ বিষয়ে ক’বলৈ উলাইছো যিখন পাৰ্কত মানুহে কাপোৰ কানি খুলি উলংগ হৈ প্ৰৱেশ কৰিব পাৰে৷
আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰ চিএনএন-এক প্ৰকাশ কৰা অনুসৰি পেৰিছৰ এখন ৰাজহুৱা পাৰ্কত পিন্ধি থকা কাপোৰ খুলি উলংগ হৈ প্ৰৱেশ কৰিব পাৰি৷
ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ দ্য দ্যে ভিন্সেনিছ পাৰ্কৰ এটা অংশক এইদৰে নিৰ্মাণ কৰি উলিওৱা হৈছে যিটো অংশত নাৰী পুৰুষ সলোৱে কাপোৰ খুলি উলংগ হৈ প্ৰৱেশ কৰিব পাৰে৷
পাৰ্কখনৰ উক্ত অংশতটো পুৰুষ আৰু মহিলা উভয়কে উলংগ হৈ প্ৰৱেশ কৰাৰ স্বাধীনতা দিয়া হৈছে৷ অৱশ্যে কাপোৰ নোখোলাকৈও উক্ত অংশত প্ৰৱেশৰ অধিকাৰ আছে৷
পাৰ্কখনৰ উক্ত অংশটোৰ আৰু এটা উল্লেখনীয় দিশ হৈছে ইয়াৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷
অৰ্থাৎ উলংগ হৈ প্ৰৱেশ কৰিলেও যাতে তাৰ ভিতৰত কোনে আপত্তিজনক কাম আৰু আচৰণ কৰিব নোৱাৰে আৰু উলংগ হৈ বিচৰণ কৰি থকা লোকসকলক কোনেও যাতে হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ