বিদ্যালয়ত নামভৰ্তি, কলেজত নামভৰ্তি, বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লাই কৰা আদি সকলো কামৰ বাবে আধাৰৰ প্ৰয়োজন। ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি (UIDAI)ৰ পৰা প্ৰতি ১০ বছৰৰ মূৰে মূৰে আধাৰ কাৰ্ড আপডেট কৰিবলৈ কোৱা হৈছে। সকলো নাগৰিকে আধাৰ কাৰ্ড আপডেট কৰি ৰাখিব লাগে। যদি আপুনিও আপোনাৰ আধাৰত নাম, ঠিকনা বা জন্ম তাৰিখৰ দৰে তথ্য সলনি কৰিব বিচাৰে, তেন্তে আপোনাৰ হাতত আছে মাত্ৰ কেইটামান দিনহে। UIDAIয়ে বিনামূলীয়া আধাৰ কাৰ্ড উন্নীতকৰণৰ অন্তিম তাৰিখ আৰু বৃদ্ধি নকৰে বুলি স্পষ্টকৈ জনাই দিছে৷ বিনামূলীয়াকৈ আপডেট কৰাৰ দিন শেষ হ’লে আপুনি প্ৰায় ৫০ৰ পৰা ১০০ টকা মাচুল দিব লাগিব আপডেটৰ বাবে৷
বিনামূলীয়াকৈ আধাৰ কেনেকৈ আপডেট কৰিব?
UIDAI য়ে ১৪ ছেপ্টেম্বৰ ২০২৪ পৰ্যন্ত বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰাৰ সুবিধা প্ৰদান কৰিছে৷ আপুনি ঘৰতে বহি এই কাম কৰিব পাৰিব। UIDAIৰ ৱেবছাইট বা mAadhaar এপ ডাউনলোড কৰি অনলাইন প্ৰক্ৰিয়াৰে আধাৰ আপডেট কৰিব পাৰিব। ইয়াৰ বাবে মাচুলো দিব নালাগে৷
আধাৰত ঠিকনা কেনেকৈ বিনামূলীয়াকৈ আপডেট কৰিব?
আধাৰ কাৰ্ডত ঘৰৰ ঠিকনা সলনি কৰিব বিচাৰে নেকি বা তাত কিবা ভুল শুধৰাব বিচাৰে নেকি? ইয়াৰ বাবে অফলাইন আৰু অনলাইন প্ৰক্ৰিয়া দুয়োটাৰে সুবিধা উপলব্ধ৷ অনলাইন প্ৰক্ৰিয়া গ্ৰহণ কৰি আধাৰ কাৰ্ডত থকা ঠিকনা বিনামূলীয়াকৈ সলনি কৰাৰ কাম অফলাইনতকৈ সহজ৷ এই কামৰ বাবে প্ৰথমে-
- আপোনাৰ ফোনত MyAadhaar App ডাউনলোড কৰক।
- এপটোত লগ ইন প্ৰক্ৰিয়া অনুসৰণ কৰক আৰু তাৰ পিছত হোম পেজলৈ যাওক।
- ইয়াত এটা আপডেট বিকল্প দেখা যাব, তাত ক্লিক কৰক।
- ঠিকনা সলনি কৰিবলৈ “Address” বিকল্পত ক্লিক কৰক।
- দেখুওৱা প্ৰ-পত্ৰত থকা সকলো তথ্য দাখিল কৰক আৰু ঠিকনাৰ প্ৰমাণৰ বাবে নথিপত্ৰ জমা দিয়ক।
ইয়াৰ পিছত আধাৰত ঘৰৰ ঠিকনা আপডেট কৰা হ’ব আৰু ইয়াৰ তথ্য আপুনি অনলাইনতেই লাভ কৰিব৷ ইচ্ছা কৰিলে তলত দেখুওৱা বিকল্পটোত ক্লিক কৰি আধাৰখনো ডাউনলোড কৰিব পাৰিব। এই ধৰণে আধাৰত নাম, উপাধি, জন্ম, তাৰিখ আদি আপডেট কৰিব পাৰে। ফটোখন সলনি কৰিবলৈ আধাৰ কেন্দ্ৰলৈ যাব লাগিব। ইয়াৰ বাবে ১০০ টকা মাচুল লোৱা হ’ব, তাৰপাছত আধাৰত নতুন ফটোখন আপডেট কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ