আমিৰ খানৰ প্ৰাক্তন পত্নী ৰীণা দত্তৰ পিতৃৰ মৃত্যু৷ মৃত্যুৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ৷ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে ৰীণা দত্তৰ পিতৃয়ে৷ আমিৰ খানক এই কঠিন সময়ত পৰিয়ালৰ কাষত দেখা গৈছে৷ প্ৰাক্তন পত্নীৰ পৰিয়ালক সান্তনা দিবলৈ ৰীণাৰ ঘৰত উপস্থিত হৈছে আমিৰ খান৷
ৰীণাৰ পিতৃৰ মৃত্যুত দুখৰ সমভাগী হ’বলৈ কেৱল আমিৰেই গৈছে তেনে নহয়৷ আমিৰৰ বৃদ্ধা মাতৃও উপস্থিত হৈছে ৰীণাৰ বাসগৃহত৷ আমিৰ খান আৰু ৰীণাই ১৯৮৬ চনত গোপনে বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ দুই সন্তান ক্ৰমে জুনায়েদ আৰু আইৰা খান৷ ২০০২ চনত তেওঁলোকৰ আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ হয়৷ আমিৰে যেতিয়া প্ৰথম বিয়া কৰাইছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ৷ আমিৰ আৰু ৰীণাই তেওঁলোকৰ বিয়াৰ খবৰটো বহু দিনলৈকে গোপনেই ৰাখিছিল৷৷
আমিৰে যেতিয়া কয়ামত চে কয়ামত তকৰ শ্বুটিং কৰি আছিল তেতিয়াই তেওঁ ৰীণাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ এই ছবি মুক্তিৰ এবছৰ পূৰ্বে দুয়োৰে মাজত প্ৰেমৰ আৰম্ভণি হৈছিল৷ দুই পৰিয়ালৰ মতপাৰ্থক্য থকাৰ বাবে তেওঁলোকে এই বিবাহ মানি নল’ব বুলি গোপনে বিবাহৰ সিদ্ধান্ত লয়৷ তাৰপাছতেই আইনি প্ৰক্ৰিয়াৰে দুয়োৱে বিয়া কৰায়৷ বিয়াৰ পাছত দুজনেই নিজৰ নিজৰ ঘৰতেই সময় কটাইছিল৷
এনেকৈ থাকোতে ৰীণাৰ ভনীয়েকে ৰীণাৰ ওপৰত সন্দেহ কৰি সমগ্ৰ বিষয়টো পিতৃক জনাইছিল৷ এই কথা শুনামাত্ৰকেই পিতৃ হঠাৎ অসুস্থ হৈ পৰে৷ তাৰপাছতেই হাস্পতালত ভৰ্তিও হয়৷ কিন্তু পাছলৈ তেওঁৰ মন আমিৰৰ ব্যৱহাৰে জয় কৰিবলৈ সক্ষম হৈছিল৷ আনকি ৰীণা আৰু আমিৰে বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰাটোতো মনত দুখ পাইছিল ৰীণাৰ পিতৃয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ