ৰাজা হিন্দুস্থানী ছবিত কৰিশ্মা কাপুৰৰ ওঁঠত দীৰ্ঘতম চুমা খাই ৰেকৰ্ড গঢ়িছিল আমিৰ খানে৷ দিল ছবিত মাধুৰীৰো ওঁঠত ওঁঠ থৈছিল আমিৰে৷ সেই আমিৰেই এতিয়া চুমালৈ ভয় কৰে৷ অন কেমেৰা নায়িকাৰ ওঁঠত ওঁঠ ৰাখিবলৈ ভয় কৰে আমিৰে৷
কোনো ছবিত চুমা খোৱাৰ দৃশ্য থাকিলেই শৰীৰ ঘামি উঠে বুলি কৈ আমিৰৰ চুম্বন ভয়ৰ এটা কাহিনী প্ৰকাশ কৰিছে তেওঁৰ সহ অভিনেত্ৰীয়ে৷ এই গল্প শ্বেয়াৰ কৰিছে আমিৰৰ সহ অভিনেত্ৰী কিটু গিদৱানিয়ে৷ ১৯৮৪ চনত মুক্তি পাইছিল আমিৰৰ ছবি ‘হোলি৷’ সেই ছবিতেই আমিৰৰ সহঅভিনেত্ৰী আছিল কিটু৷ সম্প্ৰতি এক সাক্ষাৎকাৰত কিটুৱে কয়, ‘কেৰিয়াৰৰ আৰম্ভণিতে খুবেই লাজুকীয়া চৰিত্ৰৰ আছিল আমিৰ খান৷ কিন্তু চিনেমাৰ প্ৰতি তেওঁৰ প্ৰেম আৰু আগ্ৰহ আছিল৷ এনাৰ্জিও আছিল বহু৷ লাজুক হোৱাৰ কাৰণে ছবিত চুমা খোৱাৰ দৃশ্য থাকিলেই ভয়তে কঁপি উঠিছিল আমিৰ৷ মই নিজেও আমিৰক তেনেকৈ পাইছো৷ চুম্বনৰ দৃশ্য একেবাৰেই সাৱলীল নহয় আমিৰ খানৰ৷’
উল্লেখ্য যে বহুদিন ধৰি বলীউডত চৰ্চা হৈ আছে যে, আমিৰ খানৰ প্ৰযোজনা সংস্থাই বলীউডত ৰিলিজ দিব মহাভাৰত৷ আনকি আমিৰৰৰ মহাভাৰতৰ কাষ্টিং কোন সেয়াও জনা গৈছে৷ তাতেই ভীস্ম অমিতাভ, ঋত্বিক হ’ব অৰ্জুন, দ্ৰৌপদী হ’ব ঐশ্বৰ্য আৰু খোদ আমিৰেই কৃষ্ণ হ’ব বুলি শোনা গৈছিল৷
সম্প্ৰতি এক সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত আমিৰে জনাইছে, ‘ মহাভাৰত মোৰ ড্ৰীম প্ৰজেক্ট৷ বহুদিন ধৰি এই ছবিৰ চিত্ৰনাট্যক লৈ কাম কৰি আছো৷ খুব ডাঙৰ বাজেটৰ ছবি হ’ব৷ সেই কাৰণেই সময় লৈছো৷ ভয়ো আছে, যদি অলপো ভুল হয় দিগদাৰ হ’ব৷ কাৰণ মহাভাৰত আমাৰ আত্মা, আমাৰ তেজত আছে৷ সেয়ে এই ছবি তৈয়াৰৰ সময় সঠিক পৰিকল্পনাৰে কৰিব লাগিব৷’ আমিৰে লগতে কয়, ‘এতিয়া মই এনে এখন ছবি তৈয়াৰ কৰিব খোজো যিয়ে ভাৰতবৰ্ষক গৰ্বিত কৰিব৷ সেয়ে বহু সময় লৈ এই কামত আগবাঢ়িব খুজিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ