অসম লাইভ ২৪ঃ গুৱাহাটীত আছু-যুৱ ছাত্ৰ পৰিষদৰ যৌথ সংবাদমেল। ৰাজনৈতিক দল গঠনৰ প্ৰাৰম্ভিক কুচকাৱাজ আৰম্ভ কৰিছে ছাত্ৰ সংগঠন দুটাই। গ্ৰহণ কৰিছে অসম পৰামৰ্শদাতা সমিতি গঠনৰ সিদ্ধান্ত। বিকল্প ৰাজনৈতিক দলৰ ক্ষেত্ৰত পৰামৰ্শ দিব সমিতিয়ে। সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছে ড° নগেন শইকীয়া, ড° অৰূপ কুমাৰ দত্ত, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, জাহ্নু বৰুৱা, বসন্ত ডেকা, ধীৰেন শইকীয়া, আলি হাইদৰ লস্কৰ, ৰাণা চাংমাই, সঞ্জয় কুমাৰ তাঁতি, পৃথীৰাজ ৰাভা, সূৰ্য থাওচেং, হুছেইন আহমেদ লস্কৰ, প্ৰণৱজ্যোতি শইকীয়া আদি। প্ৰাৰম্ভিক সমন্বয়কৰ দায়িত্বত আছে লুৰিণজ্যোতি গগৈ-পলাশ চাংমাই। এই বিশিষ্ট ব্যক্তিসকলৰ পৰামর্শত ভৱিষ্যত কার্যপন্থা গ্ৰহণ কৰিব AASU-AJYCPয়ে। চৰকাৰক সমালোচনা কৰি AJYCPৰ পৰাশ চাংমায়ে কয়- ‘অসমৰ জাতীয় সমস্যা সমাধানৰ পৰিৱর্তে চৰকাৰসমূহে সমস্যা বঢ়াবলৈহে চেষ্টা কৰিছে। ক’ৰোনা সংক্ৰমণ অব্যাহত থকাৰ বাবে মার্চত জাতীয় অভিৱর্তন অনুষ্ঠিত কৰিব পৰা নগ’ল বুলি সংবাদমেলত আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ