কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো’
সম্পূৰ্ণ ফিট মানুহ এজনৰ বৰ্তমানৰ ফটো এখনে সামাজিক মাধ্যমত খলকনি তুলিছে। অভিষেক বচ্চনে সদ্যহতে শ্বেয়াৰ কৰিছে এখন ফটো, ফটো খনত পেট ওলোৱা অৱস্থাত আছে অভিষেকৰ। ফটোখনত দেখা অনুসৰি, পূৰ্বতকৈ বহুখিনি শকত হৈ পৰিছে অভিনেতাগৰাকী।
ফটোখন শ্বেয়াৰ কৰি লিখিছে ‘কবলৈ কথা কবলৈ বিচাৰো’। বিশ্ব সুন্দৰী পত্নী ঐশ্বৰ্যৰ সৈতে সম্পৰ্কত ফাঁট মেলা আৰু নিম্ৰত কৌৰৰ সৈতে পোগনে সম্পৰ্ক আৰম্ভ হোৱা বুলি কথা বিয়পি পৰাৰ মাজতে এই ফটোৱে অনুৰাগীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অৱশ্যে এই ফটো এখন চিনেমাৰহে । চিনেমাখনত শকত-আৱত দেখুওৱা হৈছে অভিষেক বচ্চনক। চিনেমা খনৰেই ফটো শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে। সেই চিনেমাখনৰ নাম – আই ৱাণ্ট টু টক (I Want To Talk).
অহা নৱেম্বৰ মাহৰ ২২ তাৰিখে মুক্তি পাব চিনেমাখনে। চিনেমাখন পৰিচালনা কৰিছে সুজিত ছিৰকাৰে। এতিয়া পৰৱৰ্তী সময়তহে দেখা যাব চিনেমাখনে কিমান সফলতা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ