দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় নাম প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণ৷ তেওঁৰ তুলা প্ৰডাকচনৰ বেনাৰত বহু ছুপাৰ হিট ছবি নিৰ্মাণ কৰি আহিছে।
এই ৰবীন্দৰ চন্দ্ৰশেখৰে অভিনেত্ৰী মহালক্ষ্মীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। পুৱা ১১ বজাত পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় দম্পতীহালে। ইতিমেধ্যে তেওঁলোকৰ বিবাহৰ ফ’টো শ্বেয়াৰ কৰিছে৷
উল্লেখ্য যে বাণী ৰাণী, অফিচ, চেল্লাময়, উত্তৰপক্কল, অৰু কাই ওছাই আদি টেলিভিছন ধাৰাবাহিকত অভিনয় কৰি জনাজাত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে মহালক্ষ্মী।
View this post on Instagram
লগতে পঢ়ক বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!
তেৱোঁ নিজা ইনষ্টাগ্ৰাম হেণ্ডেলত বিয়াৰ ফটোও শ্বেয়াৰ কৰিছে। তেওঁ পোষ্টটোৰ কেপচনত লিখিছে, ‘‘মই ভাগ্যৱান যে তোমাক মোৰ জীৱনত পাইছো.. তুমি মোৰ জীৱনটো তোমাৰ মৰমেৰে ভৰাই দিলা.. লাভ ইউ আম্মু।’’
ফ’টোবোৰত দুয়োজনেই আছিল পৰম্পৰাগত সাজ-পোছাক। ৰঙা শাৰীত মহালক্ষ্মীক বৰ ধুনীয়া দেখা গৈছে।
বহু চেলিব্ৰিটিয়ে কমেণ্ট কৰি নৱবিবাহিত দম্পতীক অভিনন্দন জনায়। নীলিমা এছাইয়ে লিখিছে, ‘অভিনন্দন। ভগৱানে আশীৰ্বাদ কৰক।’ দিব্য শ্ৰীধৰে মন্তব্য কৰিছিল, ‘অভিনন্দন প্ৰিয়।’ আন এজন ব্যৱহাৰকাৰীয়ে ক’লে, ‘অভিনন্দন প্ৰিয়।’
মহালাক্ষ্মীয়ে পূৰ্বে অনিলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। তেওঁৰ পূৰ্বৰ বিবাহৰ ফালৰ এজন পুত্ৰ সন্তানো আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ