এই হাতীটোৰ ফটোখন নিশ্চয় সকলোৱে চিনি পাইছে! কাৰণ যোৱা ৩/৪ দিন অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধম্যত বহুলভাৱে চৰ্চিত হৈছে এই ফ’টোখন৷
চৰ্চা লাভ কৰা মতে ভাইৰেল হোৱা এই ফ’টোখন হৈছে ‘জয়মালা’ৰ৷ অৰ্থাৎ তামিলনাডুত অত্যাচাৰ চলোৱা অসমৰ হাতী জয়মালাৰ৷ ফ’টোখন এই বাতৰি প্ৰচাৰ হোৱা লগে লগে অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷
অসমৰ পৰা তামিলনাডুলৈ নিয়া জয়মালা নামৰ হাতীটোৰ এই দুৰৱস্থা কৰিছে তামিলনাডুৰ শ্ৰীভিল্লিপুত্তুৰ নাছিয়াৰ থিৰুকুভিল মন্দিৰৰ পুজাৰীয়ে। সেয়েহে ৰাজ্যৰ সামাজিক মাধ্যমতো শোকৰ বন্যা বৈছে।
লগতে পঢ়ক দুখৰ মাজতো সুখবৰ! অসমলৈ ওভতাই অনা হ’ব জয়মালাক, তামিলনাডুলৈ ৰাওনা হ’ব বন বিভাগৰ দল
এই শোক সহ্য কৰিব নোৱাৰি অসমৰ মুখ্যমন্ত্ৰীয়েও ইতিমধ্য হাতীটো অসমলৈ ওভতাই আনিবলৈ চাৰিজনীয়া বন বিষয়াৰ দল তামিলনাডুলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু ইয়াৰ মাজতে ভাইৰেল হোৱা ফ’টোখন জয়মালাৰ নহয় বুলি কোৱা হৈছে৷
ফ’টোখন শ্বেয়াৰ কৰি কোৱা হৈছে ভাইৰেল হোৱা ফ’টোখন হৈছে বেংককৰ এখন চিৰিয়াখানা এটা হাতীৰ৷ এই ৪ বছৰীয়া হাতীটো হৈছে বেংককৰ সমীপৰ চামুট প্ৰাকন ক্ৰ’ক’ডাইল ফ্ৰাম এণ্ড জু’ৰ৷ এই ফ’টোখনসহ বাতৰিটো ২০১৯ চনৰ ২০ জুনত National Geographic নামৰ Digtal পৰ্টেলত Natasha Dilyত প্ৰকাশ পাইছিল৷
অনশ্যে তামিলনাডুৰ শ্ৰীভিল্লিপুত্তুৰ নাছিয়াৰ থিৰুকুভিল মন্দিৰৰ পুজাৰীয়ে অসমৰ জয়মাৱাক অত্যাচাৰ কৰাৰ এটা সৰু ভিডিঅ’ ক্লীপ ভাইৰেল হৈছিল৷ হয়তো ভাইৰেল হোৱা ভিডিঅ’টোৰ হাতীটোহে অসমৰ জয়মালা৷ ভাইৰেল হোৱা এই ফ’টোখন যে অসমৰ জয়মালা নহয় সেয়া নিশ্চিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ