সামাজিক মাধ্যমত ভাইৰলে হোৱাৰ অসমৰ জয়মালা নামৰ হাতীটো সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷
তানিলনাডুৰ এটা মন্দিৰত বন্দী কৰি অসমৰ হাতী জয়মালাক বৰ্বৰতাৰে আক্ৰমণ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ পেটা নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱেই তামিলনাডুত মানুহৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা হাতীটোৰ সমগ্ৰ ঘটনা ক্ৰম পোহৰলৈ আনে৷
ইমানেই নহয়, হাতীটোৰ বিধ্বস্ত শৰীৰৰ ফ’টোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ তাৰ পাছতে বন্যজন্তু আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে অসমৰ নেটনাগৰিকে হাতীটো অসমলৈ ওভতাই আনিবলৈ দাবী উত্থাপন কৰে৷ ইয়াৰ পাছতে অসম চৰকাৰে তামিলনাডুত অসমৰ ‘জয়মালা’ নামৰ হাতীটোক ঘূৰাই আনিবলৈ উদ্যোগ গ্ৰহণ কৰিছে৷
লগতে পঢ়ক বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, অহা ২ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে ‘জয়মালা’ৰ লগতে আন ৮ টা হাতী অসমলৈ ঘূৰাই আনিবলৈ বন বিভাগৰ এটা দল তামিলনাডুলৈ প্ৰেৰণ কৰা হ’ব।
উল্লেখ্য যে, মন্দিৰ পৰিদৰ্শনৰ নামত ২০০৮ চনত অসমৰ পৰা লীজত দিয়া হৈছিল এই হাতীকেইটা। কিন্তু তেতিয়াৰ পৰা জয়মালাসহ লগতে আনকেইটা হাতীক তামিলনাডুত অবৈধভাৱে ৰখা হৈছে।
ইফালে হাতীকেইটা ওভতাই পঠিওৱাৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে অসম চৰকাৰক সহযোগিতা কৰা নাই বুলি জানিবলৈ দিয়ে বন বিভাগৰ এগৰাকী বিষয়াই।
বাতৰি অনুসৰি, অসমৰ প্ৰধান মুখ্য সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এম কে যাদৱে কয় যে তামিলনাডু চৰকাৰে ‘সহযোগিতা’ নকৰাৰ বাবে ‘জয়মালা’ক ঘূৰাই আনিবলৈ অসম চৰকাৰ সক্ষম হোৱা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ