বৃহস্পতিবাৰে নিশা হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে৷ প্ৰকাশিত খবৰ মতে আত্মহত্যা কৰা চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীয়ে দিল্লীৰ ছাফদৰজং হাস্পতালত ইন্টাৰ্ণ কৰি আছিল৷
চিকিৎসা বিজ্ঞানৰ পঞ্চম বাৰ্ষিকৰ ছাত্ৰীগৰাকীয়ে হোষ্টেলৰ কোঠাত দোপাত্তাৰে ডিঙিত চিপ লৈ আত্মহত্যা কৰে৷ ছাত্ৰীগৰাকীৰ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল৷
লগতে পঢ়ক সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ
ইয়াৰ পাছতে কোঠাৰৰ দুৱাৰ ভাঙি হোষ্টেলৰ কোঠা ভিতৰত ছাত্ৰীগৰাকীক ছিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ তাৰ পাছতে ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে ছাত্ৰীগৰাকী ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
ইফালে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ কোঠাৰ পৰা এটা ছুইচাইড নোটৰ লগতে দুটা কীটনাশক ঔষধৰ পাকেটো উদ্ধাৰ কৰিছে৷ ছাত্ৰীগৰাকীয়ে অৰ্থহীন, অমূল্য, বিষাক্ত, প্ৰেমহীন, মোৰ এই জীৱনত মই কোনো সুখৰ সন্ধান লাভ নকৰিলো বুলি আত্মহত্যা টোকাত উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ