অসম লাইভ২৪ঃ সূৰ্যৰ ফালে আগুৱাই গৈছে ভাৰতৰ প্ৰথম সৌৰযান আদিত্য এল-১। ইছৰোৱে বিগত ২ ছেপ্টেম্বৰত এই মহাকাশযানখন উৎক্ষেপণ কৰিছে। যোৱাৰ পথত ছেলফি তুলি ইছৰোলৈ প্ৰেৰণ কৰিছে যানখনে। সেই বিশেষ ছেলফীত দেখা গৈছে পৃথিৱী আৰু চন্দ্ৰকো। আদিত্য এল-১ৰ কেমেৰাত তোলা ছবি টুইট কৰিছে ইছৰোৱে। ছবিখন আদিত্য এল-১ য়ে ৪ ছেপ্টেম্বৰতেই তুলিছিল।
https://twitter.com/isro/status/1699663615169818935?s=20
সৌৰযানে নিজৰ যিখন ছেলফী তুলিছে তাত দুটা পোলেডো দেখা গৈছে। ভিই এল ছি আৰু এছ ইউ আইটি পেলোডসমূহ ধৰা পৰিছে আদিত্য এল-১ৰ ছেলফীত। ইয়াৰোপৰি পৃথিৱী আৰু চন্দ্ৰৰো ফটো তুলিছে আদিত্য এল-১য়ে। ফটোখনত পৃথিৱীক খুবেই সৰু দেখা গৈছে। নীলা ৰংটো কিন্তু স্পষ্টৰূপত দেখা গৈছে। চন্দ্ৰকো এই ছেলফীত অতি ক্ষুদ্ৰ দেখা গৈছে। ইছৰোৱে পৃথকে কাঁৰ চিন দি চন্দ্ৰক দেখুৱাই দিছে ছবিখনত।
অন্ধ্ৰপ্ৰদেশৰ সতীশ ধাৱান স্পেছ ৰিচাৰ্ছ চেণ্টাৰৰ পৰা সূৰ্যৰ উদ্দেশ্যে ৰাওনা হৈছে আদিত্য এল-১। সূৰ্য আৰু পৃথিৱীৰ মাজৰ লেগৰেঞ্জ পয়েণ্টত বা এল ১ পয়েণ্টত এই সৌৰযানখনে অৱস্থান কৰিব। আদিত্য এল-১য়ে অৱস্থান কৰিবলগা এই স্থানৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ। এই পথ অতিক্ৰম কৰিবলৈ যানখনক সময় লাগিব প্ৰায় ১২৫ দিন। আদিত্য এল-১ এতিয়াও পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ ভিতৰতেই আছে। ধাপে ধাপে যানখনে গতি বৃদ্ধি কৰি কক্ষপথ সলনি কৰি আছে বুলি ইছৰোই টুইটযোগে প্ৰকাশ কৰিছে। এনেকৈ ৫টা কক্ষপথ সলনি কৰাৰ পাছত সৌৰযানখনে পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা আঁতৰিব। এই প্ৰক্ৰিয়াত সময় লাগিব প্ৰায় ১৪ দিন বুলিও ইছৰোই প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ