৩০ বছৰ পাছত তৈয়াৰ হৈছে শ শ পঞ্চ মহাপুৰুষ ৰাজযোগ৷ ৩ৰাশিক ধন সম্পদেৰে ভৰাই দিব শনিয়ে৷ আনন্দৰ দিন কটাব ৩ৰাশিৰ জাতকে৷ কোন ৩ৰাশিৰ ভাগ্য খুলিব জানক সবিশেষ৷
পঞ্চ ৰাজযোগঃ কৰ্মফলৰ বিচাৰক শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়৷ এই মহাদশাত মানুহে কৰ্ম অনুসৰি ফল লাভ কৰিব৷ শনিৰ গতি মন্থৰ হ’ব পাৰে কিন্তু তেওঁৰ ন্যায়বিচাৰ আৰু কৰ্মৰ ফল দ্ৰুতভাৱে পাব৷
শনিয়ে বৰ্তমান কুম্ভ ৰাশিত আছে আৰু মূল ত্ৰিকোণ অৱস্থান কৰিছে৷ এনে অৱস্থাত শনিয়ে নিজ ৰাশিত থকাৰ কাৰণে ৰাজযোগ তৈয়াৰ হৈছে৷ এই শ শ পঞ্চ মহাপুৰুষ ৰাজযোগ গঠনৰ কাৰণে কিছু মানুহে ইয়াৰ পূৰ্ণ সুফল পাব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, যেতিয়া শনিয়ে তুলা, মকৰ বা কুম্ভ ৰাশিত প্ৰথম, চতুৰ্থ, সপ্তম বা দশম ঘৰত থাকে তেতিয়া এই অৱস্থাত শ শ ৰাজযোগ পঞ্চ মহাপুৰুষ যোগ গঠিত হয়৷ অন্যহাতে যিসকলৰ কুণ্ডলীত শ শ ৰাজ যোগ আছে তেওঁলোকে সমাজত সন্মান পাব৷
১. বৃষ ৰাশিঃ বৃষ ৰাশিত, শনি দশম ঘৰত আছে সেয়ে এই সময়ত আপুনি এটা নতুন ঘৰ, যান বাহন বা কোনো সম্পত্তি কিনাৰ সুযোগ পাব৷ ইয়াৰোপৰি এই ৰাজযোগৰ ফলত আপুনি হঠাৎ আৰ্থিক সুবিধা পাব পাৰে৷ আপুনি যদি আপোনাৰ চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিছে তেতিয়া কেৰিয়াৰ সম্পৰ্কিত সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল সময়৷
২. তুলা ৰাশিঃ তুলা ৰাশিৰ পঞ্চম স্থানত আছে শনি৷ এই পৰিস্থিতিত তুলা ৰাশিৰ লোকে বৈষয়িক স্বাচ্ছন্দ্য অনুভৱ কৰিব আৰু সমাজত সন্মান বৃদ্ধি পাব৷ ইয়াৰোপৰি পদমৰ্যদা আৰু বৃদ্ধি পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ বাবে এই সময় ভাল৷
৩. মকৰ ৰাশিঃ শনিয়ে মকৰ ৰাশিৰ দ্বিতীয় স্থানত অধিষ্ঠিত হ’ব৷ মকৰ ৰাশিত চাৰে সাতি চলিছে আৰু চাৰে সাতিৰ শেষ পৰ্ব আৰম্ভ হৈছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, শনিয়ে বিদায়ৰ পূৰ্বে কিছু দি যায়৷ আগন্তুক বছৰত আপোনাৰ জীৱনলৈ বহু সুখ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















