৪৮ ঘণ্টা উকলিল, এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ
এপল এপল কৈ সময় উকলি গৈ আছে, পাছে এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ। সোমবাৰ ২২ জুলাইৰ পুৱা ১০ মান বজাত ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হোৱা বৰুৱাৰ আজি ৪৮ ঘণ্টা পাৰ হোৱাৰ পাছতে নাই কোনো সম্ভেদ।
শিল্পীগৰাকীৰ আত্মীয়-স্বজন, গুণমুগ্ধৰ লগতে গুৱাহাটী আৰক্ষী আৰু নৌ উদ্ধাৰকাৰী বাহিনীয়ে ক্ৰটিবিহীনভাৱে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত শিল্পীগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। স্নিফাৰ ড’গো ব্যৱহাৰ কৰিছে উদ্ধাৰ অভিযানত।
ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আৱদ্ধ হৈছিল। বগা কুৰ্তা-পাইজামা পৰিহিত অৱস্থাৰে গহীন-গম্ভীৰ খোজেৰে তেওঁ আগবাঢ়ি গৈছিল উজনবজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটৰ দিশে।
মোবাইল ট্টেক কৰি কালিতেই আৰক্ষীয়ে লাষ্ট লোকেশ্যন পাইছিল উজান বজাৰৰ ঘাট। পিন্ধি থকা জোতাৰ চিনো পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰত। বাছ আস্থান, ৰে’ল আস্থান আদিৰ লগতে ব্ৰহ্মপুত্ৰৰ উজাৰ বজাৰ ঘাটৰ পৰা কেইবা কিলোমিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰকাৰ্য চলাইছিল।
সোমবাৰে নিশাও ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কামাখ্যালৈ আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীৰ লগতে মাজনিশালৈও ৰমেন বৰুৱাক বিচাৰি অভিযান চলাছিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। নিশাই ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে লাচিত ঘাট, কামাখ্যা মন্দিৰ, শুক্ৰেশ্বৰ, ভূতনাথ, উজানবজাৰত জুবিন গাৰ্গে নিজাকৈ চলাইছিল অভিযান।
শিল্পীগৰাকীৰ উদ্ধাৰ হোৱাৰ বাবে এতিয়া প্ৰাৰ্থনা জনাইছে ৰাজ্যৰ বহু লোকে। একালৰ সতীৰ্থ শিল্পী এলি আহমেদ আদিয়েও তেখেতৰ বাবে চিন্তাত পৰিছে। পাছে কতো সন্ধান উলিয়াব পৰা নাই ৰমেন বৰুৱাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















