পাৰ্থ সমথান হ’ব CIDৰ নতুন এচিপি, পাছে ল’ব পাৰিবনে এচিপি প্ৰদ্যুমনৰ ঠাই !
এচিপি প্ৰদ্যুমন এতিয়া চিআইডিৰ অংশ নহয়। এক অভিযানত নিহত হোৱা দেখায় এচিপি প্ৰদ্যুমনক। যাৰ বাবে এতিয়া ২৭ বছৰৰ পাছত শ্ব’টোৰ পৰা বিদায় ল’ব অভিনেতা শিৱাজী সাতমে।
২৭ বছৰ ধৰি শ্ব’টোত এচিপি প্ৰদ্যুমানৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত ৰাজ কৰিছিল যদিও এতিয়া শ্ব’টোত তেওঁৰ ভূমিকা শেষ হৈছে। চি আই ডিত শিৱাজীৰ চৰিত্ৰৰ অন্ত পৰাৰ কথা নিশ্চিত কৰিছে চনী টিভিয়ে। চেনেলটোৰ মতে, অভিনেতাগৰাকীৰ ২৭ বছৰীয়া দীঘলীয়া যাত্ৰাৰ এতিয়া অন্ত পৰিল ।
আনহাতে নতুন এ চি পি ৰ আগমণ হোৱাৰ বাবে যো-জা। লগে লগে জনপ্ৰিয় টিভি অভিনেতা পাৰ্থ সমথানে এতিয়া চিআইডিত গ্ৰেণ্ড এণ্ট্ৰি কৰিবলৈ সাজু হৈছে।
শ্ব’টোত এচিপি প্ৰদ্যুমানৰ চৰিত্ৰত অভিনয় কৰা শিৱাজী সতমৰ ঠাইত পাৰ্থ সমথানে এচিপি আয়ুষ্মানৰ চৰিত্ৰত অভিনয় কৰিব। তেওঁ এতিয়া দয়া (দয়ানন্দ শেট্টী) আৰু অভিজীত (আদিত্য শ্ৰীবাস্তৱ)ৰ সৈতে নতুন নতুন ৰহস্য ফাদিল কৰি ঘটনা সমাধান কৰিব।
পাছে এচিপি প্ৰদ্যুমনৰ জনপ্ৰিয়তাৰ সমান জনপ্ৰিয়তা পাবলৈ সক্ষম হবনে পাৰ্থ, দৰ্শকে নতুন এচিপিক আঁকোৱালী লবনে! সেয়া সময়েহে কব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















