নিৰ্বাচনী ফলাফল প্ৰকাশৰ লগেই লগেই বিজেপিৰ অন্তৰ্দ্বন্দ্বও প্ৰকট হৈ পৰিছে৷ অব কি বাৰ ৪০০পাৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া শ্লোগানক এতিয়া সকলোৱে উপলুঙা কৰি দিছে বিশেষ পোষ্ট৷ টাৰ্গেট ৪০০ হ’লেও ৩০০ও পাৰ কৰিব নোৱাৰিলে বিজেপি দলে৷ মাত্ৰ ২৪০ আসনতেই থমকি ৰ’ব লগা হয় বিজেপি দল৷ এই শোচনীয়তাৰ পাছতেই বিজেপিৰ মাজত আৰম্ভ হৈছে অন্তঃকণ্ডল৷
সূত্ৰৰ খবৰ অনুসৰি বিজেপিৰ মতাদৰ্শগত অভিভাৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইয়ো বিজেপিৰ ফলাফলক লৈ উষ্মা প্ৰকাশ কৰিছে৷ সংঘ পৰিয়ালৰ বিশেষ পছন্দ নীতিন গাডকাৰী, ৰাজনাথ সিংহৰ দৰে নেতাসকলৰ পিছৰ শাৰীলৈ ঠেলি য়ি দলৰ সমগ্ৰ দায়িত্ব মোদী-শ্বাহেই লৈছিল৷ তাৰেই কুফল ভূগিছে দলে৷ এই শোচনীয়তাৰ পাছতেই সংঘৰ লোকসকলো ক্ষোভিত হৈ পৰিছে৷
সংঘৰ মতে ৰাজনাথ সিং, গাডকাৰীৰ দৰে নেতাসকলক কামত লগালে বিজেপিয়ে ইয়াতকৈ অধিক আসন লাভ কৰিলেহেতেন বুলিও দাবী কৰে সংঘ পৰিয়ালে৷ মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহত বিজেপিৰ আসনৰ সংখ্যা মোদী-শ্বাহৰ বাবেই কমি যোৱা বুলিও ধাৰণা কৰে সংঘই৷ মোদীৰ শাসনকালত কেৱল পুৰণি নেতাক অৱহেলা কৰাই নহয়, ব্যক্তি প্ৰাধান্য বাঢ়িছে মোদীৰ দিনত৷ দলতকৈ ব্যক্তিক প্ৰাধান্য দিয়াত অসুখী হৈ পৰিছে বহু বিজেপি নেতা৷
এইবাৰ বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰতো মোদী কি গেৰেণ্টি শীৰ্ষক হেডলাইনক লৈ বিজেপিৰো বহু নেতাই প্ৰশ্ন কৰিছিল, ‘কি অকল মোদী মোদী? বিজেপিৰ ইস্তাহাৰ অকল মোদীৰ নেকি? বিজেপি দলৰ কথা ক’ত?’ বিগত নিৰ্বাচনত মোদী-শ্বাহৰ বিজেপিৰ আসন বেছি থকাৰ বাবে মোদী আৰু শ্বাহে গুৰুত্বই দিয়া নাছিল এন ডি এ জোঁটৰ কথা৷ কিন্তু এইবাৰ খেল সলনি৷ এনডিএৰ সমৰ্থন অবিহনে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ অৱশ্যে এনডিএৰ চৰকাৰ গঠনৰ কুচকাৱাছ চলালেও বৰ্তমানো দুই নেতাক সম্পূৰ্ণ আস্থাৰে ল’ব পৰা নাই বিজেপিয়ে৷ যদি কোনো কাৰণত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে এন ডি এ জোঁটত থাকিবলৈ মান্তি নহয় তেন্তে বিজেপিয়ে কোনো কাৰণতে শাসনৰ দায়িত্বত বহিব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ