প্ৰায় ডেৰ বছৰ সময় অতিক্ৰম কৰিলে৷ আজিও শৰনাৰ্থী শিৱিৰতেই দিন কটাইছে বহু লোকে৷ মণিপুৰত জ্বলি থকা হিংসাৰ দাৱানল যেন কিছু কমিছে৷ মণিপুৰলৈ হেৰুওৱা শান্তি লাহে লাহে উভতি আহিছে৷ মণিপুৰৰ মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত স্বাক্ষৰিত হৈছে এখন বিশেষ চুক্তি৷
দুই পক্ষই হিংসাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে বুলি জনাইছে বিশেষ সূত্ৰই৷ বিগত বছৰৰ মে মাহৰ পৰা হিংসা অব্যাহত আছিল মণিপুৰত৷ সংৰক্ষণক লৈ ভুল তথ্য বিয়পি পৰাৰ পাছতেই কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়৷ মাহৰ পাছত মাহ অতিক্ৰম কৰিলেও হিংসাৰ জুই জলিয়েই থাকিল৷ শতাধিক মানুহে প্ৰাণ হেৰুৱালে৷ গৃহহীন হ’ল হাজাৰ হাজাৰ লোক৷ কেন্দ্ৰৰ তৰফৰ পৰাও হিংসা কমাবলৈ হস্তক্ষেপ কৰা হৈছিল যদিও এই সমস্যা সমাধান নহ’ল৷ অৱশেষত মণিপুৰৰ জনতাই বুজি পাইছে ভাতৃঘাতী সংঘৰ্ষই মণিপুৰক শেষ কৰি পেলাব৷ তাতকৈ শান্তিচুক্তিয়েই হ’ব শ্ৰেষ্ট সিদ্ধান্ত৷
বৃহস্পতিবাৰে মণিপুৰৰ ডিআইডি CRPF আৰু আসাম ৰাইফলছৰ শীৰ্ষ অধিকাৰীসকলৰ উপস্থিতিত শান্তি চুক্তিত স্বাক্ষৰ কৰিলে মেইতেই আৰু কুকি সম্প্ৰদায়ৰ কেইবাজনো নেতাই৷ সূত্ৰই প্ৰকাশ কৰা ৰিপৰ্ট অনুসৰি দুই পক্ষই হিংসাৰ পৰা বিৰত থকাৰ সিদ্ধান্ততে এই চুক্তি স্বাক্ষৰিত হৈছে৷ আগন্তুক ১৫ আগষ্টত দুই সম্প্ৰদায়ৰ নেতা বৈঠকত মিলিত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ