• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ত কেতিয়া প্ৰথম অনুষ্ঠিত হৈছেল কুম্ভ মেলা ? মহাকুম্ভত লুকাই থকা প্ৰকৃত ৰহস্য কি ?

ক’ত কেতিয়া প্ৰথম অনুষ্ঠিত হৈছেল কুম্ভ মেলা ? মহাকুম্ভত লুকাই থকা প্ৰকৃত ৰহস্য কি ?

2 years ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

6 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

2 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

6 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

7 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

8 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ক’ত কেতিয়া প্ৰথম অনুষ্ঠিত হৈছেল কুম্ভ মেলা ? মহাকুম্ভত লুকাই থকা প্ৰকৃত ৰহস্য কি ?

editor by editor
January 9, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ক’ত কেতিয়া প্ৰথম অনুষ্ঠিত হৈছেল কুম্ভ মেলা ? মহাকুম্ভত লুকাই থকা প্ৰকৃত ৰহস্য কি ?
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ত কেতিয়া প্ৰথম অনুষ্ঠিত হৈছেল কুম্ভ মেলা ? মহাকুম্ভত লুকাই থকা প্ৰকৃত ৰহস্য কি ?

মাজত আৰু মাথো ৪ টা দিন, প্ৰয়াগৰাজত আৰম্ভ হব মহাকুম্ভ মেলা। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মহাকুম্ভ মেলা। ১২ বছৰৰ মূৰে মূৰে এবাৰ এই পূৰ্ণকুম্ভ অনুষ্ঠিত হয়। পুনৰ ১২টা পূৰ্ণকুম্ভৰ পিছত মহাকুম্ভৰ আয়োজন কৰা হয়। অৰ্থাৎ ১৪৪ বছৰত এবাৰ মহাকুম্ভ অনুষ্ঠিত হয়। কুম্ভ মেলাৰ বহু বছৰীয়া পুৰণি ইতিহাস। এই মেলাৰ লগত বহুতো ৰহস্য জড়িত হৈ আছে।

কিছুমান প্ৰাচীন শাস্ত্ৰ অনুযায়ী কুম্ভ মেলাৰ আয়োজন কৰা হৈছিল প্ৰথম সত্যযুগত। কিন্তু সত্যযুগত প্ৰথম কুম্ভ কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল সেই কথা ক’তো স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই। সাগৰৰ মন্থনৰ পৰাই কুম্ভ মেলাৰ আয়োজন কৰা হয় বুলি বহুলভাৱে বিশ্বাস কৰা হয়।

একাংশ বিশেষজ্ঞই কয় যে কুম্ভ মেলাৰ বয়স ৮৫০ বছৰতকৈও অধিক। বহুতে কয় যে আদি শংকৰাচাৰ্যৰ হাতত প্ৰথম কুম্ভ মেলা আৰম্ভ হৈছিল। বহু ইতিহাসবিদে কয় যে কুম্ভ মেলাৰ আয়োজন প্ৰথম গুপ্ত যুগত হৈছিল। সম্ৰাট হৰ্ষবৰ্ধনৰ দিনতো কুম্ভমেলা আছিল বুলি প্ৰমাণ পোৱা গৈছে।

সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত চীনৰ বিখ্যাত ভ্ৰমণকাৰী হিউৱেন ছাঙে ভাৰত ভ্ৰমণৰ বিষয়ে তেওঁৰ গ্ৰন্থত কুম্ভ মেলাৰ কথা উল্লেখ কৰিছে। প্ৰয়াগত তিনিখন নদীৰ সংগমস্থলীত হৰ্ষবৰ্ধনে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰিছিল। তাত তেওঁ নিজৰ সকলো সম্পত্তি, আনকি কাপোৰ-কানিও দান কৰিছিল।

আনহাতে শিৱ পুৰাণ, মৎস্য পুৰাণ, পদ্ম পুৰাণ, ভৱিষ্য পুৰাণকে ধৰি প্ৰায় সকলো পুৰাণতে সাগৰৰ মন্থনৰ কথা উল্লেখ আছে। সাগৰ মন্থনত শেষত অমৃত কলহ ওপৰলৈ আহে। অমৃতৰ অধিকাৰক লৈ দেৱতা আৰু অসুৰৰ মাজত সংঘাতৰ সৃষ্টি হয়।

অসুৰে অমৃত কলহ দখল কৰাৰ সময়ত বিষ্ণুৱে মোহিনী ৰূপ লৈ অসুৰক ছলনা কৰি পাত্ৰটো ঘূৰাই আনে। অমৃতৰ অধিকাৰক লৈ সংঘাত তীব্ৰতৰ হৈ পৰাত বিষ্ণুৱে কলহটো ইন্দ্ৰ দেৱতাৰ পুত্ৰ জয়ন্তৰ হাতত তুলি দিলে। জয়ন্তই কাউৰীৰ ৰূপ লৈ ঠোঁটত কলহটো লৈ উৰি যায়। সেই সময়ত কেইটোপালমান অমৃত চাৰি ঠাইত পৰিল। এই চাৰিটা স্থান হ’ল – প্ৰয়াগৰাজ, উজ্জয়িন, হৰিদ্বাৰ আৰু নাশিক। য’ত অমৃতৰ টোপাল পৰিছিল সেই ঠাইতেই কুম্ভ মেলা পাতিছিল।

পুৰাণৰ মতে জয়ন্তই ঠোঁটত অমৃত লৈ কাউৰীৰ ৰূপত উৰি থাকোঁতে মুখত কিছু অমৃত পাৰিছিল। সেইবাবেই কাউৰী ইমান দিন ধৰি জীয়াই আছে আৰু কোৱা হয় যে কাউৰীয়ে আকস্মিকভাৱে বাদে কেতিয়াও মৃত্যুবৰণ নকৰে।

এইবাৰৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভৰ বিশেষ তাৎপৰ্য আছে। কাৰণ ইয়াত গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগম। গতিকে এই ঠাইখনৰ গুৰুত্ব আন তিনিখন ঠাইতকৈ বেছি। এই তিনিখন নদীৰ সংগম স্থানত যিয়ে ৰাজস্নান কৰে তেওঁ মুক্তি পায় বুলি বিশ্বাস কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kumbh melaMahakumbhPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে
জীৱনশৈলী

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

August 18, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
Next Post
মহিলাক মন্তব্য কৰাৰ পূৰ্বে হওক সাৱধান, হাইকোৰ্টৰ নিৰ্দেশনা- ‘ফাইন লাগিছে’ কলেও হ’ব পাৰে জেল

মহিলাক মন্তব্য কৰাৰ পূৰ্বে হওক সাৱধান, হাইকোৰ্টৰ নিৰ্দেশনা- 'ফাইন লাগিছে' কলেও হ'ব পাৰে জেল

মাঘ বিহুৰ উৰুকাত ১৯ বছৰৰ পাছত বিৰল সংযোগ, সৃৰ্য-শনিয়ে কৰিব…

মাঘ বিহুৰ উৰুকাত ১৯ বছৰৰ পাছত বিৰল সংযোগ, সৃৰ্য-শনিয়ে কৰিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.