ক’ত কেতিয়া প্ৰথম অনুষ্ঠিত হৈছেল কুম্ভ মেলা ? মহাকুম্ভত লুকাই থকা প্ৰকৃত ৰহস্য কি ?
মাজত আৰু মাথো ৪ টা দিন, প্ৰয়াগৰাজত আৰম্ভ হব মহাকুম্ভ মেলা। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মহাকুম্ভ মেলা। ১২ বছৰৰ মূৰে মূৰে এবাৰ এই পূৰ্ণকুম্ভ অনুষ্ঠিত হয়। পুনৰ ১২টা পূৰ্ণকুম্ভৰ পিছত মহাকুম্ভৰ আয়োজন কৰা হয়। অৰ্থাৎ ১৪৪ বছৰত এবাৰ মহাকুম্ভ অনুষ্ঠিত হয়। কুম্ভ মেলাৰ বহু বছৰীয়া পুৰণি ইতিহাস। এই মেলাৰ লগত বহুতো ৰহস্য জড়িত হৈ আছে।
কিছুমান প্ৰাচীন শাস্ত্ৰ অনুযায়ী কুম্ভ মেলাৰ আয়োজন কৰা হৈছিল প্ৰথম সত্যযুগত। কিন্তু সত্যযুগত প্ৰথম কুম্ভ কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল সেই কথা ক’তো স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই। সাগৰৰ মন্থনৰ পৰাই কুম্ভ মেলাৰ আয়োজন কৰা হয় বুলি বহুলভাৱে বিশ্বাস কৰা হয়।
একাংশ বিশেষজ্ঞই কয় যে কুম্ভ মেলাৰ বয়স ৮৫০ বছৰতকৈও অধিক। বহুতে কয় যে আদি শংকৰাচাৰ্যৰ হাতত প্ৰথম কুম্ভ মেলা আৰম্ভ হৈছিল। বহু ইতিহাসবিদে কয় যে কুম্ভ মেলাৰ আয়োজন প্ৰথম গুপ্ত যুগত হৈছিল। সম্ৰাট হৰ্ষবৰ্ধনৰ দিনতো কুম্ভমেলা আছিল বুলি প্ৰমাণ পোৱা গৈছে।
সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত চীনৰ বিখ্যাত ভ্ৰমণকাৰী হিউৱেন ছাঙে ভাৰত ভ্ৰমণৰ বিষয়ে তেওঁৰ গ্ৰন্থত কুম্ভ মেলাৰ কথা উল্লেখ কৰিছে। প্ৰয়াগত তিনিখন নদীৰ সংগমস্থলীত হৰ্ষবৰ্ধনে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰিছিল। তাত তেওঁ নিজৰ সকলো সম্পত্তি, আনকি কাপোৰ-কানিও দান কৰিছিল।
আনহাতে শিৱ পুৰাণ, মৎস্য পুৰাণ, পদ্ম পুৰাণ, ভৱিষ্য পুৰাণকে ধৰি প্ৰায় সকলো পুৰাণতে সাগৰৰ মন্থনৰ কথা উল্লেখ আছে। সাগৰ মন্থনত শেষত অমৃত কলহ ওপৰলৈ আহে। অমৃতৰ অধিকাৰক লৈ দেৱতা আৰু অসুৰৰ মাজত সংঘাতৰ সৃষ্টি হয়।
অসুৰে অমৃত কলহ দখল কৰাৰ সময়ত বিষ্ণুৱে মোহিনী ৰূপ লৈ অসুৰক ছলনা কৰি পাত্ৰটো ঘূৰাই আনে। অমৃতৰ অধিকাৰক লৈ সংঘাত তীব্ৰতৰ হৈ পৰাত বিষ্ণুৱে কলহটো ইন্দ্ৰ দেৱতাৰ পুত্ৰ জয়ন্তৰ হাতত তুলি দিলে। জয়ন্তই কাউৰীৰ ৰূপ লৈ ঠোঁটত কলহটো লৈ উৰি যায়। সেই সময়ত কেইটোপালমান অমৃত চাৰি ঠাইত পৰিল। এই চাৰিটা স্থান হ’ল – প্ৰয়াগৰাজ, উজ্জয়িন, হৰিদ্বাৰ আৰু নাশিক। য’ত অমৃতৰ টোপাল পৰিছিল সেই ঠাইতেই কুম্ভ মেলা পাতিছিল।
পুৰাণৰ মতে জয়ন্তই ঠোঁটত অমৃত লৈ কাউৰীৰ ৰূপত উৰি থাকোঁতে মুখত কিছু অমৃত পাৰিছিল। সেইবাবেই কাউৰী ইমান দিন ধৰি জীয়াই আছে আৰু কোৱা হয় যে কাউৰীয়ে আকস্মিকভাৱে বাদে কেতিয়াও মৃত্যুবৰণ নকৰে।
এইবাৰৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভৰ বিশেষ তাৎপৰ্য আছে। কাৰণ ইয়াত গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগম। গতিকে এই ঠাইখনৰ গুৰুত্ব আন তিনিখন ঠাইতকৈ বেছি। এই তিনিখন নদীৰ সংগম স্থানত যিয়ে ৰাজস্নান কৰে তেওঁ মুক্তি পায় বুলি বিশ্বাস কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ