মহিলাক মন্তব্য কৰাৰ পূৰ্বে হওক সাৱধান, হাইকোৰ্টৰ নিৰ্দেশনা- ‘ফাইন লাগিছে’ কলেও হ’ব পাৰে জেল
মহিলাক যিকোনো মন্তব্য কৰা পূৰ্বে হওক অধিক সাৱধান। এতিয়াৰ পৰা ফাইন বুলি বিশেষ মন্তব্য কৰিলেও হব পাৰে জেইল। কেৰালৰ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা। ‘ফাইন’ শব্দটোও একপ্ৰকাৰৰ অশ্লীল ইংগিত বুলি মন্তব্য কৰে ন্যায়ালয়ে।
৬ জানুৱাৰী সোমবাৰে কেৰালা উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে যে, এতিয়াৰ পৰা মহিলাৰ শৰীৰৰ ওপৰত ফাইন শব্দৰ ব্যৱহাৰ কৰি কৰা মন্তব্য যৌন উৎপীড়ন বুলি ধৰা হব।
কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্যন্যায়াধীশ এ. বদৰুদ্দিনে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪এ (১) (iv), ৫০৯ নং ধাৰা আৰু কেৰেলা আৰক্ষী আইন, ২০১১ (আইন)ৰ ১২০ নং ধাৰাকে ধৰি অপৰাধৰ বাবে আবেদনকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰিবলৈ অস্বীকাৰ কৰে।
৩৫৪ক ধাৰাত যৌন অশ্লীল মন্তব্যক যৌন নিৰ্যাতন বুলি গণ্য কৰা হৈছে, আনহাতে ৫০৯ ধাৰাত মহিলাক অপমান কৰাৰ উদ্দেশ্যেৰে কৰা কাৰ্য্যক বুজোৱা হৈছে। কেৰেলা আৰক্ষী আইনৰ ১২০ নং ধাৰাত উপদ্ৰৱ সৃষ্টি কৰা আৰু জনশৃংখলা উলংঘা কৰাৰ বাবে শাস্তি প্ৰদানৰ ব্যৱস্থা আছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কেৰালাৰ বিদ্যুতৰ কাৰ্যালয়ত কাম কৰা এগৰাকী মহিলাক এগৰাকী লোকে তেখেতৰ শৰীৰটোৰ ওপৰত ফাইন বুলি মন্তব্য কৰিছিল, য’ত বেয়া ইংগিত আছিল। অশ্লীলতাৰে ভৰা চাৱনীৰে চাইছিল মহিলাগৰাকীক। লগতে মোবাইলতো দিছিল বেয়া বাৰ্তা। যাৰ বাবেই ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছিল মহিলাগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ