অসম লাইভ ২৪ঃ ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ। সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চিত ধৰ্মগুৰুৰ এই ফেচবুক পোষ্ট। ফটোৱা জাৰি কৰিছে বাংলাদেশৰ ধৰ্মগুৰু আহমাদুল্লাহে। তেওঁৰ মতে, আনক বিদ্ৰুপ কৰাটো ইছলাম ধৰ্মৰ বিৰোধী। গতিকে এই ‘ৰিয়েক্ট’ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আহমাদুল্লাহে। বাংলাদেশত অতি জনপ্ৰিয় ধৰ্মগুৰু আহমাদুল্লাহ। ফেচবুক পোষ্টযোগে আহমাদুল্লাহে কয়, ‘আনক লৈ বিদ্ৰোপ কৰা বা ব্যংগ কৰা সম্পূৰ্ণ ইছলামবিৰোধী, এই কাম কৰা পাপ’। ‘হাহা’ emoji সন্দৰ্ভত তেওঁ কয়, ‘কোনোৱে যদি হাস্যৰসিক পোষ্ট দিয়ে তেতিয়া ‘হাহা’ ৰিয়েক্ট দিলে কোনো কথা নাই। অন্যথা মুছলমানৰ প্ৰতি বিদ্ৰুপ বা ব্যংগ কৰা ইছলামীয় দৃষ্টিত এক অপৰাধ’। সেয়েহে ‘হাহা’ ৰিয়েক্ট দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ধৰ্মগুৰু আহমাদুল্লাহে। এই সন্দৰ্ভত এক ফটোৱা জাৰি কৰে আহমাদুল্লাহে। তেওঁৰ ফেচবুকত পোষ্টত বহুজনে সহাঁৰি জনোৱাৰ লগতে বিভিন্ন মন্তব্য আগবঢ়াইছে। ইয়াৰ বিপৰীতে, হাহা ৰিয়েক্টৰ জৰিয়তে এই ফটোৱাৰ বিৰোধিতাও কৰিছে বহুজনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ