অসম লাইভ২৪ঃ ৪খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল প্ৰায় সু-স্পষ্ট। কংগ্ৰেছৰ প্ৰতিশ্ৰিুতিক প্ৰত্যাখান তিনিৰাজ্যৰ জনতাৰ। ফলাফলৰ পিছতে সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ আৱেগিক টুইট। ‘২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৫ ৰাজ্যৰ নিৰ্বাচন আছিল কংগ্ৰেছৰ বাবে এক প্ৰত্যাহ্বান। জীৱন মৰণৰ যুঁজেৰে কংগ্ৰেছেও এই নিৰ্বাচনত জয়ী হোৱাৰ বাবে কৰিছিল আপ্ৰাণ চেষ্টা। নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন ৰাজ্যতে ৰাহুল গান্ধীয়ে অনুষ্ঠিত কৰিছিল বিশাল জনসভা। প্ৰদান কৰিছিল ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি। কিন্তু অসাৰ হ’ল ৰাহুলৰ সকলো চেষ্টা। কংগ্ৰেছক প্ৰত্যাখান কৰি ছত্তিশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ জনতাই আকোৱালি ল’লে বিজেপিক। কেৱল মাত্ৰ কৰ্ণাটকৰ জনতাইহে বিশ্বাস দেখুৱালে ৰাহুল গান্ধীৰ ওপৰত। বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশ ছত্তিশগড়, ৰাজস্থানৰ জনতাৰ সিদ্ধান্তক নতশিৰে আকোৱালি ল’লে ৰাহুলে। X হেণ্ডেলত ৰাহুলে লিখিছে- ‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’ আনহাতে তেলেংগানাবাসীৰ জনাদেশক গ্ৰহণ কৰি সকলো প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস প্ৰদান কৰিলে ৰাহুলে। লগতে নিৰ্বাচনৰ সময়ত দলীয় কৰ্মকৰ্তাক তেঁওলোকে কৰা কষ্টৰ বাবে ধন্যবাদ জনায় ৰাহুল গান্ধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ