অসম লাইভ ২৪ঃ আজিৰ পৰা দিল্লীৰ AIIMSত আৰম্ভ হ’ল দেশীয়ভাৱে উৎপাদিত ক’ৰোনা প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষণ। পাটনা AIIMSৰ পাছত দিল্লীত আৰম্ভ হৈছে এই পৰীক্ষণ। উল্লেখ্য, পাটনা আৰু হাৰিয়ানাৰ ৰোহতকত চলোৱা পৰীক্ষণত কোনো পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই। দেশীয়ভাৱে উৎপাদিত ক’ৰোনা প্ৰতিষেধক দিল্লীত ১০০ গৰাকী স্বেচ্ছাসেৱকৰ ওপৰত প্ৰয়োগ কৰা হ’ব। দেশৰ ভিতৰত আটাইতকৈ বৃহৎ পৰীক্ষণ হ’ব এইটো। ICMR আৰু ভাৰত বায়’টেকে তৈয়াৰ কৰিছে এই প্ৰতিষেধক। সৰ্বমুঠ ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ ওপৰত এই পৰীক্ষণ সম্পন্ন হ’ব। উল্লেখ্য, ভাৰতত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১১,১৯,৩০৭ গৰাকীলৈ বৃদ্ধি হোৱাৰ সময়ত এয়া এক আশাব্যঞ্জক খবৰৰূপে পৰিগণিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ